চজিনাৰ আছে বসন্ত ৰোগৰ ঔষধি গুণ
এতিয়া চজিনাৰ বতৰ৷ কোমল চজিনা সৰিয়হ দি খাবলৈ বৰ তৃপ্তিদায়ক৷ এই চজিনাৰ ফুল,ফল ,পাত, চাল আদি সকলো অংশই ঔষধি গুণৰে ভৰপূৰ৷ ভিটামিন, মিনাৰেলেৰে ভৰপূৰ চজিনাই মধুমেহ নিয়ন্ত্ৰণ, তেজ পৰিষ্কাৰ, শাৰীৰিক ক্ষমতা, হাড় মজবুত কৰে৷ তদুপৰি চজিনাই কেন্সাৰ ৰোগৰ কোষসমূহ ধবংস কৰে৷ চজিনা বসন্ত ৰোগৰ মহৌষধ বুলি বিশেষজ্ঞসকলে কয়৷ আয়ুৰ্বেদত চজিনাৰ বহুতো ঔষধি গুণৰ কথা উল্লেখ আছে৷
- এতিয়া বসন্ত ৰোগৰ সময়৷ চজিনাৰ ফুল ভাজি খালে ইয়াৰ পৰা হাত সাৰিব পাৰি৷ বিশেষকৈ সৰু ল’ৰা-ছোৱালীক চজিনাৰ ফুল খাবলৈ দিব লাগে৷ কৃমি হ’লে চজিনাৰ ফুল ভাজি খাব লাগে, নতুবা কুমলীয়া পাত ভাজি খাব লাগে৷ বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত৷ অসহ্যকৰ মূৰৰ বিষত শিপা খুন্দি ৰস উলিয়াই লগাব লাগে৷
- চজিনাৰ ছেঁই শুকুৱাই গুড়ি কৰি, তাৰ লগত নিমখ মিহলাই খালে হাইপাৰ টেনচন, অতিৰিক্ত কলেষ্টেৰল কমায়৷ চকু ৰঙা পৰিলে, চকু খচখচালে, আৰু মধুমেহ ৰোগীৰ চকুৰ দৃষ্টি শক্তি কমিলে এমুঠি চজিনাৰ পাত লৈ ৰস উলিয়াই দুয়োটা চকুতে দিলে সুফল পোৱা যায়৷
- চজিনাৰ ফুল জালুক দি ভাজি খালে মুখলৈ ৰুচি ঘূৰি আহে৷ চজিনাৰ ফুল শুকুৱাই অকণমান ঘিঁউত ভাজি জালুক আৰু নিমখ দি গৰ্ভৱতী মহিলাক খাবলৈ দিব লাগে৷ পাত শুকুৱাই গুড়ি কৰি পানীৰ লগত মিলাই খালে ছালৰ বিভিন্ন সমস্যাৰ পৰা ৰক্ষা পাব পাৰি৷
- চজিনাৰ পাত পিচি নেমু ৰসৰ লগত মিহলাই লগালে শালমনৰ সমস্যা দূৰ হয়৷ শৰীৰৰ বিভিন্ন অংশ ফুলিলে এইবিধ গছৰ চাল পিচি বান্ধি থব লাগে৷ চজিনা গছৰ চাল পিচি ৰস উলিয়াই খালে অসহ্যকৰ গাৰ বিষ নাইকিয়া কৰে৷
- শৰীৰ জ্বলা- পোৰা কৰিলে পাত পিচি লগাব লাগে৷ হ্লশিপা উতলাই সেই পানী খালে জ্বৰ উপশম হয়৷ টনচিল হ’লে চজিনা পাত সিজাই সেই পানীৰে গাৰগল কৰিব লাগে৷ ৰক্তহীনতাত ভোগা লোকক চজিনা আৰু চজিনা পাত নিয়মীয়াকৈ খাবলৈ দিব লাগে৷ চালৰ পৰা তৈয়াৰ কৰা ৰসে ঘা আদি শুকুৱাত সহায় কৰে৷ মৃগী ৰোগীক শিপা উতলোৱা পানী খাবলৈ দিব লাগে৷
- তদুপৰি চজিনাৰ পৰা তৈয়াৰ কৰা চুপ লিভাৰ, অগ্নাশয়, মধুমেহৰ কাৰণে অতি উপকাৰী ৷ চজিনাৰ পাত শুকুৱাই গুড়ি কৰা চাহে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰন কৰে ৷ দালিত কুমলীয়া পাত দি, নতুবা আঞ্জা খোৱাৰ অভ্যাস কৰিব লাগে ৷