Logo
image

আজিকালি আন্দোলনৰ নামত 'আহ ঐ আহ' বুলি ক'লে মানুহ ওলাই নাহেঃ বিধায়ক ফনীধৰ তালুকদাৰ

'আমাৰ অসম'ৰ ভৱানীপুৰৰ প্ৰতিবেদক,১৪ মাৰ্চঃ নাগৰিত্ব (সংশোধনী) আইনৰ বিধি জাৰি কৰাৰ পাছতে ৰাজ্যত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে৷ 'কা' বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ ইয়াৰ মাজতে 'কা' বিৰোধী আন্দোলনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে।

উল্লেখ্য যে বুধবাৰে শিঙিমাৰীত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি সাংবাদিকে 'কা' আন্দোলন সন্দৰ্ভত কৰা এক প্ৰশ্নোৰ উত্তৰত বিধায়ক ফনীধৰ তালুকদাৰে কয় যে আজিকালি আন্দোলনৰ নামত 'আহ ঐ আহ' বুলি ক'লে মানুহ ওলাই নাহে। অসমত বিভিন্ন দল-সংগঠনে কৰা 'কা' বিৰোধী আন্দোলনত মানুহ ওলাই অহা নাই। 'কা' আন্দোলনটো বৰ্তমান ফেচবুকতহে আছে। ৰাইজৰ মাজত নাই। 'কা' আন্দোলন ফেচবুকৰহে আন্দোলন। 'কা' আন্দোলনত অসমৰ ৰাইজে অংশগ্ৰহণ কৰা নাই আৰু নকৰে। অসমৰ ৰাইজে অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঢ়ি উঠা বিকাশ যাত্ৰাৰ আন্দোলনতহে স্বতস্ফূৰ্তভাৱে ওলাই আহিছে। অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিকাশ-প্ৰগতিহে চলিছে। 'কা' আন্দোলন চলা নাই৷ 

তদুপৰি বিধায়ক তালুকদাৰে বিৰোধীক কটাক্ষ কৰি কয় যে 'কা' আন্দোলন কৰি বিৰোধীয়ে অসমত লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ সপোন দেখাটো বিৰোধীৰ এক বৃথা অপচেষ্টা৷