Logo
image

‘কা’ৰ সৈতে কোনো সম্পৰ্ক নাই এনআৰচিৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ মাৰ্চঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব (সংশোধনী) আইনৰ মাজত কিবা সম্পৰ্ক আছে নেকি! মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত কয় যে ২০১৪ৰ পূৰ্বে এন আৰ চি হৈছে৷ যিবিলাকে এন আৰ চিত আবেদন কৰিব পৰা নাই তেওঁলোকে নাগৰিকত্ব নাপাব৷ ২০১৪ চনৰ পূৰ্বে অহাৰ প্ৰমাণে হৈছে এন আৰ চিত আবেদন কৰাতো৷ ২০১৪ চনৰ পাছত অহা লোকে স্বাভাৱিকতে এন আৰ চিত আবেদন কৰিব নোৱাৰে৷ তেওঁলোক ধৰা পৰি যাব৷ দুদিন পূৰ্বে তেওঁ আকৌ কৈছিল যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আবেদন কৰা লোকক বাদ দি এজনো বাহিৰৰ মানুহ অসমত আহিব নোৱাৰে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত যিসকলৰ আধাৰ কাৰ্ড পোৱা নাই তেনেকুৱা কিছুমান লোকে নাগৰিকত্বৰ বাবে আবেদন কৰিব৷ এন আৰ চিখন আমিও গ্ৰহণ কৰা নাই বিদেশীৰ নাম থকাৰ কাৰণে৷ এন আৰ চিখন আছুয়েও মনা নাই৷ এন আৰ চিৰ অৰ্থ আমি দিয়াই নাই৷ এন আৰ চিত নাম নথকা ৩/৪ লাখ মানুহে যদি আবেদন কৰে, তাকো বৰাক উপত্যকাতে ২ লাখ তেতিয়া ইয়াত কি মূল্য আছে৷ এন আৰ চিত আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দি এজনো যদি নতুন মানুহ অসমত সোমায় তেন্তে প্ৰথমে মোৰে গেৰাণ্টী পদত্যাগ কৰাৰ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব (সংশোধনী) আইনৰ মাজত সম্পৰ্ক থকা বুলি স্বীকাৰ কৰাৰ বিপৰীতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰত স্পষ্টভাৱে কয় যে এই দুটাৰ মাজত কোনোধৰণৰ সম্পৰ্ক নাই৷ নিজৰ সাক্ষাৎকাৰটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়– অসমত উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হৈছে৷ ইয়াৰ সৈতে নাগৰিকত্ব (সংশোধনী) আইনৰ কোনো সম্পৰ্ক নাই৷ কেৱল অসমতে নহয়, দেশৰ সকলোতে এই আইন কাৰ্যকৰী হ’ব৷ উত্তৰ-পূৰ্বাঞ্চলৰ যিসমূহ ৰাজ্যক দুইধৰণৰ বিশেষাধিকাৰ দিয়া হৈছে সেই ৰাজ্যসমূহতহে কেৱল ‘কা’ ৰূপায়িত নহ’ব৷ ইনাৰ লাইন পাৰ্মিট আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জনজাতীয় অঞ্চলসমূহ ইয়াৰ ভিতৰত পৰিব৷ এই অঞ্চলসমূহৰ বাবে অনলাইনত আবেদন-পত্ৰই আপলোড নহ’ব৷ ইনাৰ লাইন পাৰ্মিট আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ দ্বাৰা সুৰক্ষিত অঞ্চলৰ লোক এই আইনৰ দ্বাৰা নাগৰিকত্ব লাভ নকৰিব৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়টো বৰ্তমান আলোচনাত আছে৷ ইয়াত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কোনো ব্যৱস্থা নাই৷ ‘কা’ৰ জৰিয়তে কোনো লোকৰ নাগৰিকত্ব কাঢ়ি লোৱাৰ কোনো ব্যৱস্থা নাই৷ বিৰোধীয়ে ‘কা’ আৰু এন আৰ চিক সাঙুৰি কি কৰিব বিচাৰিছে৷ বৰ্তমান কেৱল ‘কা’হে চৰ্চাত আছে৷ নাগৰিকত্ব (সংশোধনী) আইন কেতিয়াও প্ৰত্যাহাৰ কৰা নহ’ব৷ ইয়াৰ সৈতে আমি কেতিয়াও আপোচ কৰিব নোৱাৰোঁ৷ পৰিস্থিতি যিয়ে নহওঁক কিয় ‘কা’ প্ৰয়োজ্য হ’বই৷