Logo
image

কা’ৰ জৰিয়তে নাগৰিকত্ব পাব ৩ কোটি বিদেশীয়ে, সংকটাপন্ন হ’ব অসমৰ ভাষা-সংস্কৃতিঃ অৰবিন্দ কেজৰিৱাল

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনক তীব্ৰ সমালোচনা কৰি বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ সংবাদমেলখনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ সমালোচনা কৰি অৰবিন্দ কেজৰিৱালে কয় যে নাগৰিকত্ব সংশোধনী আইনখনে ভাৰতবৰ্ষৰ বাবে অতি ভয়াৱহ ভৱিষ্যত কঢ়িয়াই আনিছে৷ নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি ভাৰতত নাগৰিকত্ব দিবলৈ ওলোৱা কোটি-কোটি মানুহক মোডী চৰকাৰে ভাৰতৰ থলুৱা লোকসকলৰ প্ৰাপ্য কৰ্মসংস্থাপন, ৰেচন কাৰ্ড, আৱাসস্থলী আদি প্ৰদান কৰিব নেকি?  ভাৰতৰ জনসাধাৰণৰ কৰৰ ধনেৰে বিদেশীক বৰপীৰা পাৰি দিয়াৰ সিদ্ধান্তক ভাৰতৰ জনসাধাৰণে কেতিয়াও অনুমোদন নজনায়৷ বৰ্তমান সময়ত কানাডা, ইউ কে আদিৰ দৰে দেশে শৰণাৰ্থী গ্ৰহণ নকৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত ভাৰত চৰকাৰে সেইসমূহ উদাহৰণৰপৰা একো শিক্ষা নলৈ আমাৰ দেশখনক বিদেশীৰ চৰণীয়া পথাৰ কৰি তুলিব খোজাটো অতি পৰিতাপৰ বিষয়৷  আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশত মুঠতে তিনি কোটিতকৈও অধিক ধৰ্মীয় সংখ্যালঘু লোক আছে, এইসকল ধৰ্মীয় সংখ্যালঘুৰ মাজৰ ডেৰ কোটি মানুহ ভাৰতলৈ আহিলেও তেওঁলোকক ক’ত সংস্থাপন দিব৷ তদুপৰি এই প্ৰব্ৰজন ২০১৪ চনতে ৰৈ যোৱা নাই, এতিয়াও প্ৰব্ৰজন চলিয়েই আছে৷ মই উত্থাপন কৰা প্ৰশ্নসমূহৰ এটাও সঠিক উত্তৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিব নোৱাৰিলে, তাৰ বিপৰীতে মোক গালি-গালাজহে পাৰিলে৷ যদিহে ভাৰতলৈ মানুহ আনিবই লাগে তেন্তে দেশ এৰি গুচি যোৱা ব্যৱসায়ীসকলক ঘূৰাই আনক, তেওঁলোক দেশলৈ ঘূৰি আহিলে দেশখনৰ অৰ্থনীতি মজবুত হ’ব৷ এই বিতৰ্কিত আইনখনে অসমৰ ওপৰত আটাইতকৈ বেয়া প্ৰভাৱ পেলাব৷ অসমৰ সংস্কৃতি, জনগাঁথনি, অৰ্থনীতি, ৰাজনৈতিক অধিকাৰ আদি সকলো দিশতেই এই আইনখনে অসমৰ খিলঞ্জীয়া ৰাইজক শক্তিহীন কৰি তুলিব আৰু সেইবাবেই অসমৰ ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে৷