Logo
image

‘কা’ নামানো বুলি ক’লেই গোচৰ তৰিমঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ মাৰ্চঃ ‘চি এ এ পৰ্টেলত নাগৰিকত্ব বিচাৰি অসমৰ পৰা এইপৰ্যন্ত এজনেও আবেদন কৰা নাই৷ চি এ একলৈ আৱেগিক নহ’ব৷ চি এ এ প্ৰতিবাদৰ নামত ৫জনকৈ নিৰীহ লোকক কিয় মৃত্যুৰ মুখলৈ ঠেলি বলিৰ পঠা সজোৱা হ’ল তাৰ উত্তৰ মোক দিব লাগিব৷ ‘কা’ নামানো, নুবুজো বুলি কোৱাসকলৰ বিৰুদ্ধে মই হাইক’ৰ্টত গোচৰ ৰুজু কৰাম৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বৃহস্পতিবাৰে দিছপুৰৰ জনতা ভৱনৰ লোকসেৱা ভৱনত আয়োজিত এক সংবাদমেলত এনেদৰে মন্তব্য কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ‘কা’ৰ কাট অৱ ইয়েৰ হৈছে ৩১-১-২০১৪৷ এন আৰ চিত আবেদন নকৰা কোনেও ‘কা’ৰ জৰিয়তে নাগৰিকত্ব নাপায়৷ ২০১৪ চনৰ পাছৰ মানুহে আবেদন কৰিলে ধৰা পৰি যাব৷ যিহেতু চি এ এৰ আবেদন পৰ্টেলত হ’ব, সকলোৱে স্পষ্টকৈ সকলো কথা দেখাই পাব৷ ইয়াত কোনো লুক-ঢাক নাই৷ লোকসভাৰ নিৰ্বাচনৰ আগতে ৪৫ দিনৰ ভিতৰত ফলাফল আহি যাব৷ প্ৰত্যেক দিনে কিমান মানুহে পৰ্টেলত নাগৰিকত্বৰ বাবে আবেদন কৰিব, সেয়া ওলাই থাকিব৷ হয়তো পিছত এনে দিন আহিব আমি এন আৰ চিত নাম লক হৈ থকাসকলৰ বাবে সুকীয়া কেম্প পাতিব লাগিব৷ বাংলাদেশৰ পৰা ৰ কোটি ২০ লাখ মানুহ আহিব বুলি কোৱাসকলৰ মুখ এতিয়া বন্ধ হ’ব৷ মুছলমান বাংলাদেশীও বৰ্তমান অসমলৈ নাহে৷ বাংলাদেশীয়ে অসমক ট্ৰেনজিৎ হিচাপেহে ব্যৱহাৰ কৰে৷ অসমৰ পৰা পশ্চিম বংগ, গুজৰাট, কৰ্ণাটকলৈ যায় বাংলাদেশী৷ বাংলাদেশত ৰ কোটি মানুহ ধৰ্মান্তৰিত হোৱাৰ বাবেহে দেশখনৰ হিন্দুৰ জনসংখ্যা ১ কোটি কমি গ’ল৷ এতিয়া টেকনলজীৰ ওচৰত ‘কা’ আমি নামানো, নুবুজো বুলি কোৱাসকলে উত্তৰ দিব লাগিব৷’ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে লোকসভাৰ নিৰ্বাচনত অসমত ১৩খন আসনতে বিজেপিৰ জয়লাভ নিশ্চিত হ’ল৷ নগাঁও, কৰিমগঞ্জত কংগ্ৰেছে ছুইচাইড কৰিলে৷ যোৰহাট-শিৱসাগৰৰ মানুহে মোদীক নিৰ্বাচনত নিজিকালে কোনে জিকাব৷ ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল ৩ লাখৰ অধিক ভোটত জিকিব বুলিও মুখ্যমন্ত্ৰীয়ে দাবী কৰে৷