Logo
image

ব’ডী ডাবল? ৰাহুলক কটাক্ষ হিমন্তবিশ্বৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ মাৰ্চঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ বডী ডাবলৰ প্ৰসংগ৷ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অভিযোগ কৰি কৈছিল যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ‘বডী ডাবল’ ব্যৱহাৰ কৰিছিল৷ যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে যিখন গাড়ী ব্যৱহাৰ কৰিছিল সেই গাড়ীখনতে আছিল তেওঁৰ বডী ডাবল৷ ৰাহুল গান্ধীয়ে বাছৰ ভিতৰৰ বিশেষ কক্ষত বিশ্ৰাম লৈ থকাৰ সময়ত তেওঁৰ স্থানত বডী ডাবল বহি ৰাইজক আভুৱা ভাৰিছিল৷ ইয়াৰ পাছত বৃহস্পতিবাৰে পুনৰ একেটা অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী শৰ্মাই ৰাহুল গান্ধীক কটাক্ষ কৰি কয়– মানুহজন ৰাহুল গান্ধীৰ সৈতে মধ্য প্ৰদেশৰ পৰা একেলগে আহিছিল৷ অসমত তেওঁ বাছখনতে আছিল৷ ৰাহুল গান্ধীয়ে যেতিয়া ভিতৰত আলোচনাত থাকে তেতিয়া এই লোকজন সন্মুখত থাকে৷ তেওঁ নগাঁও পৰ্যন্ত আহে৷ সেইদিনা নিশা তেওঁ যেতিয়া বৰ্ণিহাটত আছিল তেতিয়াই সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰি প্ৰকাশ পায়৷ পিচদিনা পুৱাই তেওঁ গুৱাহাটীৰ পৰা দিল্লীলৈ আৰু দিল্লীৰ পৰা ভূপাললৈ যায়৷ যদি বডী ডাবল নহয়, তেন্তে তেওঁ সংবাদ মাধ্যমৰ সন্মুখলৈ আহিব লাগিছিল আৰু ক’ব লাগিছিল যে এওঁ বডী ডাবল নহয়, মোৰ সৈতে ঘূৰি আছে৷ কিন্তু ইয়াৰ পৰিৱৰ্তে তেওঁক সেইদিনাই কিয় অসমৰ পৰা পঠিয়াই দিয়া হ’ল সংবাদ মাধ্যমৰ পৰা লুকাই৷ তেওঁৰ টেলিফোনৰ সবিশেষ, প্ৰস্থান আদি সন্দৰ্ভত বিতং তথ্য মই আজি বিয়লি দিব পাৰিম৷ কিন্তু মোৰ বহু শুভাকাংক্ষীয়ে বডী ডাবলৰ মুখা খুলি দিয়াৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়াৰ বাবে মই একো কোৱা নাই৷ কিন্তু মই তথ্য অবিহনে একো নকওঁ৷ কেইটা বজাত টিকট লৈছিল, কেইটা বজাত গৈছিল দিল্লীত, ক’ত চাহ খাইছিল আৰু ভূপালত কেইটা বজাত উপস্থিত হয়, ইয়াৰ বিতং অনুসন্ধান কৰা হৈ গৈছে৷ এতিয়া ৰাহুল গান্ধীয়ে ক’ব পাৰে যে তেওঁৰ মোৰ সৈতে দেখাত সাদৃশ্য আছে৷ যদি সেইটোৱে হয় তেন্তে এই অভিযোগ উত্থাপিত হোৱাৰ পাছত তেওঁক কিয় সংবাদ মাধ্যমৰ সন্মুখত হাজিৰ কৰোৱা নহ’ল৷ লোকজনৰ নাম কুৰুক্ষেত্ৰ৷ মধ্য প্ৰদেশত ঘৰ৷ তেওঁ বডী ডাবল হিচাপে ব্যৱহৃত হৈছিল৷