Logo
image

এইবোৰ পদ্ধতিৰে কিডনী ভালে ৰাখিব পাৰি

মানুহৰ শৰীৰৰ এটি গুৰুত্বপূৰ্ণ অংগ হৈছে বৃক্ক বা কিডনী৷ কিডনী অসুস্থ হ’লে নানান শাৰীৰিক সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে৷ কিডনী ৰোগৰ চিকিৎসা ব্যয়ো আন ৰোগতকৈ বহু বেছি৷ কিডনীৰ চিকিৎসা কৰিবলৈ গৈ একোটা পৰিয়াল আৰ্থিকভাৱে নিঃশেষ হৈ যোৱাৰ উদাহৰণো আছে৷ সেয়ে কিডনীৰ সমস্যা হ’লে লগে লগে সতৰ্ক হোৱা উচিত৷ কিডনী ৰোগক চাইলেণ্ড কিলাৰ বুলিও কোৱা হয়৷ কিডনীৰ কাম হ’ল– শৰীৰৰ অপ্ৰয়োজনীয় পদাৰ্থ বাহিৰ কৰা, পানীকে ধৰি অন্যান্য পদাৰ্থ ফিল্টাৰ কৰা৷ কিডনীয়ে শৰীৰৰ ক্ষতিকাৰক পদাৰ্থসমূহ চেকি বাহিৰলৈ উলিয়াই দিয়ে৷ কিডনীৰ সমস্যা হ’লে বা কিডনী বিকল হ’লে এনে ক্ষতিকাৰক পদাৰ্থসমূহ জমা হৈ ছাল শুকান আৰু  ৰুক্ষ কৰি তোলে৷ 
কিড্‌নী ষ্টোন হোৱাৰ কাৰণঃ
(ক) শৰীৰত পানীৰ পৰিমাণ কমি গ’লে অথবা পানী কমকৈ খালে কিড্‌নী ষ্টোন হ’ব পাৰে৷
(খ) বাৰে বাৰে কিড্‌নীত ইনফেকচন হ’লেও এই সমস্যা হ’ব পাৰে৷
(গ) অত্যধিক গাখীৰ, পনীৰ অথবা দুগ্ধজাত খাদ্য খালেও কিড্‌নী ষ্টোন হয়৷
(ঘ) শৰীৰত মাত্ৰাধিক কেলছিয়াম থাকিলেও কিড্‌নী ষ্টোন হ’ব পাৰে৷
কিডনী ভালে ৰখাৰ সহজ উপায়–
- কিডনী ৰোগৰ কাৰণ অনেক৷ অস্বাস্থ্যকৰ খাদ্য খোৱাৰ ফলত কিডনী নষ্ট হ’ব পাৰে৷ সেইদৰে ধুমপান, মাদক দ্ৰব্য আদিৰ পৰাও কিডনী বিকল হ’ব পাৰে৷ কিডনী ভালে ৰাখিবলৈ হ’লে ধুমপান ত্যাগ কৰা, পৰ্যাপ্ত পৰিমাণে পানী খোৱা, বিষনাশক ঔষধ কমকৈ খোৱা, তেজত শৰ্কৰাৰ মাত্ৰা কমোৱা আদিয়ে প্ৰধান৷ 
- কিডনীৰ সমস্যা হ’লে টোপনি কম হয়৷ কিডনী ঠিকমতে কাম কৰিব নোৱাৰিলে ভালদৰে তেজৰ পৰিশোধন নহয়৷ এনেকুৱা হ’লে টোপনি নহয়৷ সেয়ে চিকিৎসকসকলে পৰামৰ্শ দিছে যে মানুহে প্ৰায় ৭-৮ ঘণ্টা শুব লাগে৷ 
- প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰাটোও কিডনী ৰোগৰ লক্ষণ৷
সঘনাই প্ৰস্ৰাৱ লাগিলে সাৱধান হোৱা উচিত৷ কিয়নো কিডনীয়ে সঠিকভাৱে কাম নকৰিলে এনে সমস্যা হয়৷ 
সতৰ্কতাঃ কিড্‌নী ষ্টোনৰ আশংকা এৰাই চলিবলৈ হ’লে প্ৰচুৰ পৰিমাণে পানী খাব লাগিব৷ কেতিয়াও প্ৰস্ৰাৱ চেপি নাৰাখিব৷ প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ যুক্ত খাদ্য খাওক৷ গাখীৰ, পনীৰ বা দুগ্ধজাত খাদ্য অত্যধিক খোৱাৰ পৰা বিৰত থাকক৷ বাৰে বাৰে প্ৰস্ৰাৱত ইনফেকচনে দেখা দিলে চিকিৎসকৰ পৰামৰ্শৰ্ লওক৷