Logo
image

সোণোৱালক প্ৰত্যাহ্বান জনাই ডিব্ৰুগড়ত লুৰীণৰ শক্তি প্ৰদৰ্শনঃ লুৰীণে ক'লে, "এই যুঁজৰ বাবে আগ্ৰহেৰে বাট চাই আছিলোঁ"

'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ১৫ মাৰ্চঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰত্যাহ্বান জনাবলৈ ডিব্ৰুগড়ত দলীয় প্ৰাৰ্থিত্ব লাভ কৰিয়েই শক্তি প্ৰদৰ্শন কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। পাঁচ সহস্ৰাধিক দলীয় সমৰ্থকক লৈ ডিব্ৰুগড়ত নিৰ্বাচনী ৰণশিঙা বজালে লুৰীণজ্যোতি গগৈয়ে। গুৱাহাটীত অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিছতে দলীয় কৰ্মী-সমৰ্থকসকল ভিৰ কৰে ডিব্ৰুগড় বৰপথাৰস্থিত বাসগৃহত। ইয়াৰ পৰাই লুৰীণজ্যোতি গগৈক সমদল কৰি লৈ যোৱা হয় বৰপথাৰ হাইস্কুল খেলপথাৰলৈ। দলীয় নেতা-কৰ্মী তথা সমৰ্থকসকলে লুৰীণজ্যোতি গগৈক উষ্ম আদৰণি জনায়। ইয়াৰ পিছতে তেওঁ বৰবৰুৱা চ্যুকাফা ভৱন অভিমূখে ৰাওনা হয়। চ্যুকাফাৰ প্ৰতিমূৰ্তিত সেৱা গ্ৰহণৰ পিছতে উপস্থিত হয় আমোলাপট্টিৰ বগাবাবা মাঝাৰত। চাবুৱাৰ দিনজয় সত্ৰত সেৱা গ্ৰহণ কৰি টাটা গেটৰ গেল চাৰ্চ আৰু তিনিচুকীয়াৰ কালি মন্দিৰত সেৱা গ্ৰহণ কৰে।

প্ৰাৰ্থিত্ব লাভ কৰি প্ৰথমবাৰলৈ তিনিচুকীয়াৰ বৰলাইপুলিৰ মৰাণকাৰী বাসগৃহত উপস্থিত হৈ নিশাটো পৰিয়ালৰ সৈতে কটাব অসম জাতীয় পৰিষদৰ সভাপতিজনে। ইফালে শুকুৰবাৰে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগতে বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আক্ৰমণৰ লক্ষ্য কৰি ল'লে লুৰীণজ্যোতি গগৈয়ে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি তেওঁ কয় যে বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক অসমৰ ৰাইজে অফুৰন্ত সুযোগ দিছিল। কিন্তু দায়িত্ব পালনত চূড়ান্তভাৱে ব্যৰ্থ হ'ল। জাতিটোক প্ৰচণ্ডভাৱে অন্যায় কৰিলে। জাতীয় জীৱনৰ এগৰাকী বিশ্বাসঘাতক, প্ৰতাৰকৰ সৈতে মোৰ যুঁজ হ'ব। এইখন যুঁজৰ বাবে মই ৰৈ আছিলোঁ। আগৰ প্ৰাৰ্থীজনৰ নাম কৰ্তন কৰা দিনাই বিজেপিৰ প্ৰথম পৰাজয় হৈছিল। দহটা সমষ্টিত দহগৰাকী বিজেপিৰ বিধায়ক, দুগৰাকী ৰাজ্য চৰকাৰৰ মন্ত্ৰী, দুগৰাকী কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আৰু ৪২ লাখ কৰ্মকৰ্তা থকা বুলি বিজেপিয়ে দম্ভালি মাৰি ফুৰে। ইয়াৰ পিছতো আগৰ প্ৰাৰ্থীগৰাকীক আঁতৰাই পৃষ্ঠভংগ দিবলগীয়া হৈছে বিজেপি। সেইদিনাখনেই বিৰোধী শক্তিয়ে প্ৰথমটো জয়ৰ সোৱাদ পাইছিলোঁ। দ্বিতীয় জয়ৰ সোৱাদ পাইছিলোঁ ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱালৰ নাম ঘোষণাৰ পিছত। জাতিটোক আটাইতকৈ বেছি অন্যায়, বিশ্বাসঘাটকতা কৰা, নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ মৌন ভূমিকাত থকা ব্যক্তিজনেই হৈছে সৰ্বানন্দ সোণোৱাল। পূৰ্বে অসমৰ ৰাইজে তেওঁক জাতীয় নায়ক আখ্যা দিছিল। এতিয়া জাতীয় নায়ক নহয়, জাতীয় খলনায়ক হ'লগৈ। 

তদুপৰি এই যুঁজখনৰ বাবে অধিক আগ্ৰহেৰে অপেক্ষা কৰি থকা বুলি লুৰীণজ্যোতি গগৈয়ে উল্লেখ কৰি কয় যে তেওঁ অসমৰ ৰাইজক কৰা প্ৰতিটো অন্যায়ৰ কথা ৰাইজক জনাব লাগিব। এইখন যুঁজ সৰ্বানন্দ সোণোৱালৰ সৈতে এইখন যুঁজ সৰ্বানন্দ সোণোৱালৰ সৈতে লুৰীণজ্যোতি গগৈৰ যুঁজ নহয়। অন্যায়-অবিচাৰৰ বিৰুদ্ধে অসমৰ ৰাইজে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ সৈতে যুঁজ দিব। পাঁচগৰাকী বীৰ শ্বহীদক হত্যাৰ কথা অসমৰ ৰাইজে পাহৰি যোৱা নাই। জনগণৰ সংকটৰ সময়ত ৰাইজৰ সৈতে নথকা ব্যক্তিজনক উচিত শিক্ষা ৰাইজে দিব। ৰাইজৰ সময়লৈকে অপেক্ষা কৰিছোঁ। নিজৰ গাদী ৰক্ষা কৰিব নোৱাৰা ব্যক্তিজনে জাতি-মাটি-ভেঁটি ক'ত ৰক্ষা কৰিব পাৰিব। আত্মসমৰ্পনকাৰী ভীৰু ব্যক্তিৰ অসমৰ জাতীয় জীৱনত কোনো স্থান নাই বুলি কটাক্ষ কৰে। 

একেখন মঞ্চৰ অহা দুই নেতাৰ মাজত হ'বলগীয়া যুঁজখনৰ সন্দৰ্ভত সোধা প্ৰশ্নত লুৰীণে কয়, "আমি একেগৰাকী মাতৃৰে সন্তান। এজন সন্তান যেতিয়া অবাটে যাব, যেতিয়াৰ অন্যায়ৰ লগত স‌ংগ দিব। তেতিয়া ন্যায় প্ৰতিষ্ঠা যুঁজৰ বাবে দুৰ্যোধনৰ বিৰুদ্ধে অৰ্জুনৰ সৃষ্টি হ'বই লাগিব। এই প্ৰতিষ্ঠাৰ সংগ্ৰামত অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। এইবাৰ জয় ৰাইজৰ হ'ব।"