Logo
image

তিতাবৰত ৰণডংকাঃ গৌৰৱ গগৈয়ে ক'লে, "বিজেপিয়ে ভয় খাই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে"

'আমাৰ অসম'ৰ তিতাবৰৰ বিশেষ প্ৰতিবেদক , ১৫ মাৰ্চ : দলীয় প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছতে প্ৰথমবাৰৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ। একপ্ৰকাৰ কংগ্ৰেছৰ দুৰ্গ তিতাবৰৰ পৰাই লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাই গৌৰৱ গগৈয়ে কাৰ্যত নিৰ্বাচনী যুঁজ ঘোষণা কৰি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। পুৱাই গোলাঘাটৰ শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰত সেৱা লৈ তিতাবৰ ডফলাটিং চাহ বাগিচা খেলপথাৰত উপস্থিত হয়। তাৰপৰা দলীয় কৰ্মী, সমৰ্থকৰ সৈতে দলীয় পতাকাসজ্জিত এখন খোলা জিপচি গাড়ীত উঠি এক ৰেলীত অংশ লয়। প্ৰায় ৭ কিলোমিটাৰ উক্ত ৰেলীৰ অন্তত ষ্টেচন তিনিআলিস্থ ৰাজীৱ ভৱন প্ৰাংগণত উপস্থিত হয় গৌৰৱ গগৈ। তাত সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই সেৱা লয়। ইয়াৰ পিছতে কাষতে থকা ডঃ মনমোহন সিং ৰাজহুৱা প্ৰেক্ষাগৃহত এখন দলীয় সভাত অংশগ্ৰহণ কৰে।

গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছক বিজেপি দৰে কোনো ষ্টাৰ কেম্পেইনাৰৰ প্ৰয়োজন নাই। গাঁৱৰ আইমাতৃ সকলেই আমাৰ বাবে একো একোগৰাকী ষ্টাৰ কেম্পেইনাৰ। মহিলা সকলেই কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। তেতিয়া বিজেপিয়ে নিজেই গম পাব কংগ্ৰেছৰ প্ৰতি ৰাইজৰ কিমান মৰম আছে। বিজেপিৰ কোনো নিষ্ঠাবান কৰ্মীয়ে কংগ্ৰেছক গালি নাপাৰে। তৰুণ গগৈৰ দিনত যিসকলে লুটি-পুটি খালে সেইসকলেই এতিয়া নিজৰ প্ৰাণ বচাবলৈ বিজেপিলৈ গৈ কংগ্ৰেছক গালি পাৰে। 

'কা' সন্দৰ্ভতো গৌৰৱ গগৈয়ে কৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বিজেপিৰ পদুম ফুলৰ বেনাৰৰ কাষতে কংগ্ৰেছৰ কৰ্মীয়ে ৰঙা চিঞাহীৰে ন' 'কা' বুলি লিখি পোষ্টাৰ কেম্পেইন আৰম্ভ কৰিব বুলি কয় গৌৰৱ গগৈয়ে। তেওঁ কয়, "প্ৰয়াত পিতৃৰ ৰাইজৰ প্ৰতি থকা অযুত মৰম আৰু সামাজিক উন্নয়নমূলক বহু কামৰ কথাও উল্লেখ কৰে। আজি মই পিতৃহাৰা হৈ প্ৰথমটো নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ ওলাইছোঁ৷ পিতৃৰ হাত আজি মোৰ হাতত নাই। মোৰ পিতৃ থকা হ'লে আজি সিংহৰ দৰে মোক নেতৃত্ব দিলেহেঁতেন।" এইবুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য ব্যক্ত কৰে তৰুণ গগৈৰ তনয় গৌৰৱ গগৈয়ে। 

কাজিৰঙা এৰি অহা প্ৰসংগত তেওঁ কয়, "বিজেপিয়ে ভয় খাই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে। এইবাৰৰ নিৰ্বাচন আবেগৰ নিৰ্বাচন। এই আৱেগত ছুনামি আহিছে। এই ছুনামিত বিজেপি উটি যাব। কংগ্ৰেছ দল আৰু চৰকাৰে সদায় দুখীয়া লোকৰ উন্নয়নৰ চিন্তা কৰি কাম কৰে। গতিকে ৰাইজে আকৌ কংগ্ৰেছক মৰম কৰিব।" তিতাবৰৰ পৰা গৰিষ্ঠ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হ'ব বুলিও তেওঁ উল্লেখ কৰে। 

নিৰ্বাচনী প্ৰচাৰৰ সময়ত গৌৰৱ গগৈক সংগ দিয়ে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, তিতাবৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি অনিল চুতীয়া, প্ৰশাসনিক সম্পাদক অচিন্ত শইকীয়া, জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰাণ কুৰ্মী, ধৰণীধৰ শইকীয়া, পবিত্ৰ শ্যাম, জিতেন বৰা, ৰেকীবুল হক আদিয়ে। উল্লেখ্য যে প্ৰাৰ্থীজনে তিতাবৰ জামে মছজিদত সমূহীয়া দোৱাত অংশগ্ৰহণ কৰাৰ লগতে মাৰোৱাৰী যুৱ মঞ্চৰ বিষয় ববীয়াকো সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয়। আব্দুল খালেকৰ পদত্যাগ-পত্ৰ গ্ৰহণ নকৰি খালেকক বুজনি দিবলৈ প্ৰদেশ কংগ্ৰেছক আহ্বান জনায় সাংসদ গৌৰৱ গগৈয়ে।