Logo
image

‘অবাধ্য’ ষ্টেট বেংকক পুনৰ ছুপ্ৰিম ক’ৰ্টৰ সকীয়নি

নতুন দিল্লী, ১৬ মাৰ্চঃ পুনৰ উচ্ছতম ন্যায়ালয়ৰ ভৎৰ্সনাৰ সন্মুখীন হ’বলগা হ’ল ভাৰতীয় ষ্টেটবেংক৷ শুকুৰবাৰে শীৰ্ষ আদালতখনে ইলেক্টৰেল বণ্ড বা নিৰ্বাচনী বণ্ড সংক্ৰান্তত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন বিচাৰপীঠে ষ্টেটবেংকক অসম্পূৰ্ণ তথ্য জমা দিয়াৰ বাবে ভৎৰ্সনা কৰে৷ কিয়নো  কোন কোন প্ৰতিষ্ঠানে, কেতিয়া কিমান টকাৰ  ইলেক্টৰেল বণ্ড ক্ৰয় কৰিছে আৰু কোন কোন দলে সেই বণ্ড ভাঙি কিমান টকা লাভ কৰিছে তাৰ হিচাপ পালেও ষ্টেট বেংকে জমা দিয়া তথ্যত বণ্ডৰ ক্ৰম উল্লেখ কৰা নাই৷ ফলত  দাঁতা আৰু প্ৰাপকৰ মাজত থকা সম্পৰ্কৰ বিষয়ে জনাৰ উপায় নাই৷ যাৰ বাবে দেশৰ শীৰ্ষ আদালতখনে শুকুৰবাৰে ষ্টেটবেংকক পুনৰ ভৎৰ্সনা কৰাৰ লগতে সম্পূৰ্ণ তথ্য দাখিল কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে উল্লেখ কৰে যে ষ্টেটবেংকে ইলেক্টৰেল বণ্ড সংক্ৰান্তীয় যি তথ্য আয়োগৰ ওচৰত দাখিল কৰিছে সেয়া অসম্পূৰ্ণ৷ তদুপৰি ইয়াৰ জৰিয়তে প্ৰকৃত তথ্য লুকুওৱাৰ  চেষ্টা চলোৱা হৈছে  বুলিও উল্লেখ কৰে বিচাৰপীঠখনে৷ এনে ভুলৰ ব্যাখ্যা বিচাৰিছে শীৰ্ষ আদালতখনে৷ অহা সোমবাৰে গোচৰটোৰ পুনৰ শুনানি হ’ব৷ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কঠোৰভাৱে কয় যে ষ্টেটবেংকে বণ্ডৰ ক্ৰম উল্লেখ কৰিবই লাগিব৷ তদুপৰি নিৰ্বাচন আয়োগে মুখবন্ধ লেফাফাত আদালতত জমা দিয়া নথিসমূহৰ প্ৰতিলিপি বিচাৰি জনোৱা আবেদন সন্দৰ্ভত বিচাৰ বিভাগীয় পঞ্জীয়কক নথিসমূহ আয়োগক ওভতাই দিয়াৰ নিৰ্দেশ দিয়ে৷ তাৰ পূৰ্বে যাৱতীয় তথ্যাৱলী যাতে স্কেন কৰি ডিজিটেল ফৰমেটত ৰখা হয় তাৰ ব্যৱস্থা কৰিবলৈ কয়৷ উল্লেখ্য যে গোচৰটোৰ শুনানিৰ আৰম্ভণিতে আদালত কক্ষত ষ্টেটবেংকৰ তৰফৰ পৰা কোন উপস্থিত আছে সেয়া জানিবলৈ বিচাৰে মুখ্য ন্যায়াধীশে৷ ইয়াৰ পাছতেই  তেওঁ নিৰ্বাচনী বণ্ডৰ ক্ৰম উল্লেখ নকৰাৰ বাবে ভাৰতীয় ষ্টেটবেংক কতৃৰ্পক্ষক জবাবদিহি কৰে৷ জানিব পৰা মতে ইলেক্টৰেল বণ্ডৰ ক্ৰম উল্লেখ হ’লেহে ৰাজনৈতিক দল আৰু অনুদান দাঁতাসমূহৰ মাজত থকা সম্পৰ্ক বুজিবলৈ সুবিধা হ’ব৷ 
উল্লেখ্য যে উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মঙলবাৰে ভাৰতীয় ষ্টেটবেংকে ইলেক্টৰেল বণ্ডৰ তথ্য নিৰ্বাচন আয়োগক জমা দিছিল৷ বৃহস্পতিবাৰে আয়োগে সেই তথ্য ৰাজহুৱা কৰিছিল৷ কিন্তু বেংকে দিয়া বণ্ডৰ ক্ৰেতা আৰু অনুদান দাঁতাসকলৰ দীঘলীয়া তালিকাখন আয়োগৰ ৱেবছাইটত প্ৰকাশ হ’লেও তাত বণ্ডৰ ক্ৰম উল্লেখ হোৱা নাছিল৷  স্মৰ্তব্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতে পৰিচয় আৰু ধনৰ পৰিমাণ গোপনে ৰাখি ৰাজনৈতিক দলসমূহক নিৰ্বাচনী বণ্ডৰ জৰিয়তে বৰঙণি আগবঢ়োৱাৰ সুবিধা প্ৰদান কৰি ইলেক্টৰেল বণ্ডৰ ব্যৱস্থা কৰা হৈছিল৷ এই ব্যৱস্থাৰ দায়িত্বত আছিল দেশৰ সৰ্ববৃহৎ বিত্তীয় প্ৰতিষ্ঠান ভাৰতীয় ষ্টেটবেংক৷ সেই অনুসৰি কোনো ব্যক্তি বা কোম্পানীয়ে ৰাজনৈতিক দলসমূহক আৰ্থিক বৰঙণি আগবঢ়াব বিচাৰিলে ষ্টেটবেংকৰ পৰা নিৰ্দিষ্ট অংকৰ বণ্ড ক্ৰয় কৰি সংশ্লিষ্ট দলসমূহক দিব পাৰিছিল৷ সেই বণ্ড ভাঙি লৈছিল ৰাজনৈতিক দলসমূহে৷ সেই সময়ত মূলতঃ কলাধনৰ লেনদেন বন্ধ কৰাৰ বাবেই এনে ব্যৱস্থা কৰা হৈছিল বুলি উল্লেখ কৰিছিল মোদী চৰকাৰে৷ কিন্তু যোৱা ১৫ ফেব্ৰুৱাৰীত উচ্ছতম ন্যায়ালয়ে ইলেক্টৰেল বণ্ড বা নিৰ্বাচনী বণ্ড ব্যৱস্থাক ‘অসাংবিধানিক’ আৰু ‘ক্ষতিকাৰক’ বুলি উল্লেখ কৰি এই ব্যৱস্থা অবিলম্বে বন্ধ কৰাৰ নিৰ্দেশ দিয়ে৷ তদুপৰি ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা ২০২৪ অৰ্থাৎ চলিত বছৰৰ ১৫ ফেব্ৰুৱাৰী পৰ্যন্ত কিমান ইলেক্টৰেল বণ্ড বিক্ৰী হৈছে আৰু কোন কোন ৰাজনৈতিক দলে বণ্ডৰ জৰিয়তে কিমান টকা লাভ কৰিছে  সেই সমস্ত তথ্য নিৰ্বাচন আয়োগক দাখিল কৰাৰ বাবে ষ্টেটবেংক কতৃৰ্পক্ষক নিৰ্দেশ দিয়ে৷ ৬ মাৰ্চৰ ভিতৰত বেংকক তথ্যসমূহ আয়োগৰ ওচৰত দাখিল কৰাৰ বাবে কয় শীৰ্ষ আদালতখনে৷ কিন্তু ন্যায়ালয়ৰ এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ বাবে ষ্টেটবেংক কতৃৰ্পক্ষই সময়সীমা বৃদ্ধিৰ আবেদন জনায়৷ সোমবাৰে  বেংকৰ উক্ত আবেদন ন্যায়ালয়ে নাকচ কৰি  জনায় যে ইয়াৰ বাবে কোনো অতিৰিক্ত সময় দিয়া নহ’ব আৰু ১৫ মাৰ্চৰ বিয়লি প্ত বজাৰ ভিতৰত নিৰ্বাচন আয়োগে তেওঁলোকৰ চৰকাৰী ৱেবছাইটত বণ্ডৰ তথ্য প্ৰকাশ কৰিবই লাগিব৷ সেই অনুসৰি ষ্টেটবেংক কতৃৰ্পক্ষই  দিয়া তথ্যসমূহ আয়োগে ৱেবছাইটযোগে ৰাজহুৱা কৰে যদিও এই তথ্য অসম্পূৰ্ণ বুলি উল্লেখ কৰি উচ্ছতম ন্যায়ালয়ে ভাৰতীয় ষ্টেটবেংকক ভৎৰ্সনা কৰে৷