Logo
image

পেট্ৰ’ল-ডিজেলৰ দাম ২ টকা কমিল, আলুৰ ৫ টকা বাঢ়িল

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এতিয়া জনতালৈ দৰদ উপজিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ৷ সুদীৰ্ঘ দিন ধৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে জনতাক কোঙা কৰি ৰাখিছে যদিও সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জনতাক সকাহ দিয়াৰ বাবে পেট্ৰ’ল-ডিজেলৰ মূল্য সামন্য হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে৷  

অৱশ্যে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে সমগ্ৰ দেশতে পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰতিলিটাৰত ২ টকাকৈ হ্ৰাস কৰাৰ বিপৰীতে অসমত এতিয়া খুচুৰা বজাৰত প্ৰতি কেজি আলুত ৫ টকাকৈ বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে শুকুৰবাৰে পুৱা ৬ বজাৰে পৰা সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ২ টকাকৈ হ্ৰাস কৰিছে৷ চৰকাৰৰ এই সিদ্ধান্তৰ পাছত দেশৰ সকলো ৰাজ্যতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস পাইছে৷ শুকুৰবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হয়গৈ ৯৬.১২ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হ’লগৈ ৮৮.৩৬ টকা৷ ইফালে দেশৰ ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯৪.৭২ টকাত উপনীত হৈছে৷ মুম্বাইত পেট্ৰ’লৰ মূল্য ১০৪.২১ টকা হৈছে৷ কলকাতাত পেট্ৰ’ল ১০৩.৯৪ টকা আৰু চেন্নাইত পেট্ৰ’লৰ মূল্য ১০০.৭৫ টকা৷ পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ খবৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে৷ অৱশ্যে লোকসভা নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্য অৱশ্যে প্ৰায় দুবছৰ ধৰি স্থিৰ হৈ আছিল৷ কিন্তু নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ লগে লগে বহুতে ইয়াক বিজেপিৰ নিৰ্বাচনকেন্দ্ৰিক চমক বুলি বিজেপি চৰকাৰক সমালোচনা কৰিছে৷  আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পাছতে চৰকাৰে ইন্ধনৰ মূল্য হ্ৰাস কৰা নাছিল৷ দুবছৰ পূৰ্বে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ পাছত আন্তৰ্জাতিক খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১৪০ ডলাৰলৈ বৃদ্ধি পাইছিল৷ পৰৱৰ্তী সময়ত তেলৰ মূল্য হ্ৰাস পাইছিল যদিও ২বছৰ ধৰি পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্যত কোনো পৰিৱৰ্তন হোৱা নাছিল৷ ইফালে নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক  দলক চান্দা দিয়াৰ অজুহাতত ফাঁচী বজাৰৰ ব্যৱসায়ীয়ে প্ৰতি কেজি আলুৰ দাম খুচুৰা বজাৰত ৫ টকাকৈ বৃদ্ধি কৰিছে৷ এসপ্তাহ আগলৈকে গুৱাহাটীৰ  বজাৰত প্ৰতি কেজি আলু খুচুৰা দামত ২০ টকাকৈ বিক্ৰী হৈছিল যদিও শেহতীয়াকৈ খুচুৰা বজাৰত প্ৰতি কেজি আলু ২৫ টকাকৈ বিক্ৰী  কৰিছে৷ মহানগৰীৰ বেলতলা বজাৰতো  ২৫ টকাকৈ বিক্ৰী কৰা দেখা গৈছে৷ অৰ্থাৎ লোকসভা নিৰ্বাচনৰ নামত  গ্ৰাহক মাধমাৰ শোধাই গুৱাহাটীৰ বজাৰত এসপ্তাহ ব্যৱধানতে আলুৰ দাম প্ৰতি কেজিত ৫ টকাকৈ বৃদ্ধি পালে৷