Logo
image

ভেণ্ডীতো আছে ৰোগ প্ৰতিৰোধী গুণ

ভেণ্ডী এবিধ গ্ৰীষ্মকালীন পাচলি৷ ইয়াক ভাজি, দাইলত দি বা ভাপত দি খাব পাৰি৷ থলুৱাভাৱে উৎপাদিত সাধাৰণ ভেণ্ডীটোতো আছে ৰোগ প্ৰতিৰোধী গুণ৷ এইবিধ পাচলিত বিজলুৱা পদাৰ্থ থকা বাবে বহুতেই ইয়াক অপকাৰী বুলি ভাবে যদিও ভেণ্ডীত প্ৰচুৰ পৰিমাণে কেলছিয়াম, আইৰণ, প্ৰ’টিন আদি থাকে৷ আহকচোন ভেণ্ডীত কি গুণাগুণ আছে তাৰেই আভাস লওঁ৷
- ভেণ্ডীত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে৷ যিয়ে দাঁত, হাড় মজবুত হোৱাত বিশেষভাৱে সহায় কৰে৷ এজমা ৰোগীয়েও ভেণ্ডী খাব পাৰে৷
- এইবিধ পাচলি নিয়মিতভাৱে খালে কিডনী সুৰক্ষিত ৰখাত সহায় কৰে৷ লগতে কিডনীৰ কৰ্মদক্ষতা বৃদ্ধি কৰে৷ 
- ভেণ্ডীত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট পোৱা যায়৷ যিয়ে আমাৰ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে বা নিৰাময় কৰাত সহায় কৰে৷
- থলুৱাভাৱে উৎপাদিত এইবিধ পাচলিত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়৷ যিয়ে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে৷
- ভেণ্ডীয়ে শৰীৰৰ ওজন হ্ৰাস কৰে৷ মেদবহুলতা কমায়৷ ছুগাৰ নিয়ন্ত্ৰণত সহায়ক হয়৷ ছুগাৰৰ সমস্যা থাকিলে ভেণ্ডী সৰু সৰুকৈ কাটি ৰাতিটো এগিলাচ পানীত তিয়াই থৈ পুৱা সেই পানী খালে উপকাৰ পোৱা যায়৷ বিশেষজ্ঞসকলৰ মতে ভেণ্ডীয়ে ছুগাৰৰ সমস্যাত ইনছুলিনৰ কাম কৰে৷
- এইবিধ গ্ৰীষ্মকালীন পাচলিয়ে আমাৰ শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা কমাই শৰীৰ নিৰোগী কৰি ৰাখিব পাৰে৷ অৰ্থাৎ কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখে এইবিধ পাচলিয়ে৷
- ভেণ্ডীত যথেষ্ট পৰিমাণে প্ৰ’টিন, আইৰণ, কেলছিয়াম থকা বাবে আমাৰ শৰীৰৰ ৰক্তহীনতা দূৰ কৰাত সহায় কৰে৷ তদুপৰি এইবিধ পাচলিত শৰীৰৰ বাবে উপকাৰী পুষ্টিকৰ উপাদান পোৱা যায়৷