Logo
image

উক্তি-বক্ৰোক্তি

আমি ভোটৰ পূৰ্বে, ভোটৰ সময়ত আৰু ভোটৰ পাছত ৰক্তস্নান নিবিচাৰোঁ৷ হিংসামুক্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমাৰ সন্মুখত চাৰিটা ‘এম’ৰ প্ৰত্যাহ্বান আছে৷ সেয়া হৈছে মাছ্‌ল, মানি, মিছ ইনফৰ্মেচন আৰু মডেল ক’ড অব কণ্ডাক্ট৷ এই চাৰিটা প্ৰত্যাহ্বান গ্ৰহণ কৰি আমি পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰৰ উৎসৱক হিংসাহীন কৰি ৰাখিম৷ 
– মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ

আজি মই পিতৃহাৰা হোৱাৰ পাছত প্ৰথমটো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ৷ পিতৃৰ হাত আজি মোৰ হাতত নাই৷ মোৰ পিতৃ থকা হ’লে আজি মোক সিংহৰ দৰে নেতৃত্ব দিবলৈ আগবঢ়াই নিলেহেঁতেন৷
– সাংসদ গৌৰৱ গগৈ

গণতন্ত্ৰৰ সকলোতকৈ ডাঙৰ উৎসৱ আহি গৈছে৷ নিৰ্বাচন আয়োগে দেশৰ লোকসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে৷ আমি, বিজেপি আৰু সামগ্ৰিকভাৱে এনডিএ এই নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু৷ 
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

‘কা’ক লৈ নিজৰ স্থিতিত অটল আছোঁ৷ ৰাজপথত আন্দোলন কৰাত বিপদ আছে৷ আন্দোলনৰ কৰাৰ বিভিন্ন মাধ্যম আছে৷ এইবাৰ সামাজিক মাধ্যমত আৰম্ভ হ’ব ‘কা’ বিৰোধী প্ৰতিবাদ৷ 
– জুবিন গাৰ্গ

মোৰ ফেশ্বন এতিয়া কন্যা মালতী মেৰীক লৈ কেন্দ্ৰীভূত৷ মই মোৰ ছোৱালীক ভাল সাজ-পোচাক পিন্ধাই ভাল পাও৷ পুৱাই মই তাইক কি পিন্ধাম সেয়া চিন্তা কৰোঁ৷ মোৰ নিজৰ ফেশ্বন বুলিবলৈ এতিয়া প্ৰায় একো নোহোৱাই হৈছে৷ 
– বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা

ভাৰতৰ সংসদীয় দলবিলাকৰ ভিতৰত থকা সাংসদৰ মাজত গৌৰৱ গগৈ আটাইতকৈ শক্তিশালী সাংসদ৷  আগন্তুক লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক জিকাব নোৱাৰিলে সেয়া অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক ঘটনা হ’ব৷
– বিধায়ক অখিল গগৈ

মোক অবৈধভাৱে গ্ৰেপ্তাৰ কৰিছে৷ এই গ্ৰেপ্তাৰ আইনবিৰোধী৷ আদালতত যুঁজ কৰি মই ইয়াৰ পৰা পৰিত্ৰাণ পাম৷ 
– বি আৰ এছৰ নেত্ৰী কে কবিতা

ভূপেন বৰা ৰাজনীতি নজনা এটা ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতি৷ ভূপেন বৰা অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ জোকাৰ৷ 
– মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

আমি এই কথা স্বীকাৰ কৰিবই লাগিব যে আমাৰ প্ৰতিবেশী এখন দেশ আমাৰ বাবে প্ৰত্যাহ্বান আৰু ৰণকৌশলগত দিশত অতি শক্তিশালী৷ সেই প্ৰতিবেশী চীনৰ সৈতে আমাৰ কেৱল সীমাৰ সমস্যা থকা বুলি ভাবিলেই নহ’ব৷ চীনৰ সৈতে আমাৰ প্ৰতিদ্বন্দ্বিতা ব্যৱসায় আৰু আৰ্থিক ক্ষেত্ৰতো আছে৷ আমি তাৰ মোকাবিলা কৰিব পাৰিব লাগিব৷ 
– বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

সৰ্বানন্দ সোণোৱাল আৰু মই একেগৰাকী মাতৃৰে সন্তান৷ এজন সন্তান যেতিয়া অবাটে যায়, যেতিয়া অন্যায়ৰ সৈতে সংগ দিয়ে, তেতিয়া ন্যায় প্ৰতিষ্ঠাৰ বাবে দুৰ্যোধনৰ বিৰুদ্ধে অৰ্জুনৰ সৃষ্টি হ’বই লাগিব৷ এই ন্যায় প্ৰতিষ্ঠাৰ যুঁজত মই অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ৷ এইবাৰ জয় ৰাইজৰ হ’ব৷ এই যুঁজৰ বাবে মই আগ্ৰহৰে বাট চাই আছোঁ৷ 
– লুৰীণজ্যোতি গগৈ