Logo
image

বিহু গ’লেই ভোট

আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ মাৰ্চঃ এইবাৰ আনন্দৰ লগতে উৎকণ্ঠাৰে ৰঙালী বিহু পাৰ কৰি নিৰ্বাচনী যুঁজত নামিব অসমবাসী৷ বিগত দুটা সাধাৰণ নিৰ্বাচনৰ দৰে ব’হাগ বিহুৰ আগে পিছে নহয়, এইবাৰ অসমৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৰঙালী বিহুৰ পাছত তিনিটা পৰ্যায়ত৷ শনিবাৰে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰে৷ দেশজুৰি এইবাৰৰ সাধাৰণ নিৰ্বাচন মুঠতে ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব৷ অসমতো ২০১৪ আৰু ২০১৯১ দৰে এইবাৰ তিনিটা পৰ্যায়ত ক্ৰমে ১৯,২৬ এপ্ৰিল আৰু ৭ মে’ত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব৷ প্ৰসংগতঃ, বিগত দুটা লোকসভা নিৰ্বাচন অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’লেও প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ বিহুৰ পূৰ্বেই  সম্পন্ন হৈছিল৷ একাধিক কাৰণত এইবাৰ তাৰ ব্যতিক্ৰম ঘটিল আৰু অসমৰ ভোটগ্ৰহণৰ দিন থিৰাং হ’ল বিহুৰ পাছত৷ 

এইবাৰ লোকসভাৰ নিৰ্বাচন বিগতবাৰৰ  দৰে মুঠতে ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব৷ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে নৱনিযুক্ত দুই নিৰ্বাচন আয়ুক্তৰ সৈতে শনিবাৰে বিয়লি ৩ বজাত অষ্টাদশ লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰে৷ সেই অনুসৰি ১৯এপ্ৰিলত প্ৰথম পৰ্যায়ত, ২৬এপ্ৰিলত দ্বিতীয় পৰ্যায়, ৭ মে’ত তৃতীয় পৰ্যায়, ১৩ মে’ত চতুৰ্থ পৰ্যায়, ২০ মে’ত পঞ্চম পৰ্যায়, ২৫ মে’ত ষষ্ঠ পৰ্যায় আৰু ১ জুনত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব৷ নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ৪ জুনত৷ মুঠতে প্ৰায় ডেৰমাহ অৰ্থাৎ ৪৩ দিন ধৰি দেশত ভোটগ্ৰহণ হ’ব আৰু ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পৰা ৪৭ সংখ্যক দিনত ঘোষণা কৰা হ’ব ফলাফল৷ 

দেশৰ বিভিন্ন ৰাজ্যত হ’বলগীয়া বসন্তকালীন উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে আৰু হঠাতে নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে পদত্যাগ কৰাৰ ফলতো নিৰ্বাচনৰ দিন ঘোষণা আৰু সূচী বিলম্বিত হয়৷ ১৯৯১চনৰ পাছত প্ৰথমবাৰৰ বাবে দেশৰ লোকসভা নিৰ্বাচন এইবাৰ প্ৰখৰ গ্ৰীষ্মলৈ আগুৱাই গ’ল৷ দেশৰ শেহতীয়া ৪টা লোকসভা নিৰ্বাচন এপ্ৰিল আৰু মে’ত  সম্পন্ন হৈছিল৷ ২০১৯ত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ হৈছিল ১৯ মে’ত আৰু ফলাফল ঘোষণা কৰা হৈছিল ২৩মে’ত৷ পিছে এইবাৰ শেষ পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব ১ জুনত, যিটো সময়ত পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ আদিত প্ৰচণ্ড তাপ প্ৰৱাহৰ সৃষ্টি হয়৷ এইবাৰ ২০১৯ তুলনাত নিৰ্বাচনৰ দিন ঘোষণা ৬দিন পিছুৱাই গ’ল আৰু সেই অনুসৰি ভোট গ্ৰহণৰ সূচীও বিলম্বিত হ’ল৷ তাৰ প্ৰথম কাৰণ হৈছে দেশৰ বিভিন্ন ৰাজ্যৰ উৎসৱৰ বতৰ৷ চলিত মাহতে সমগ্ৰ উত্তৰ আৰু মধ্য ভাৰতত হ’লী উৎসৱ অনুষ্ঠিত হ’ব৷ তাৰ পাছতে অসমত ব’হাগ বিহু আৰু সমান্তৰালভাৱে দেশৰ বিভিন্ন প্ৰান্তত বৈশাখী, তামিল নৱবৰ্ষ পালন কৰা হ’ব৷ সেই অনুসৰি নিৰ্বাচনৰ দিন উৎসৱৰ পাছতে থিৰাং কৰা হৈছে৷ ইপিনে নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলৰ আকস্মিক পদত্যাগেও নিৰ্বাচন ঘোষণা ২-১দিন পিছুৱাই দিবলৈ বাধ্য কৰিলে৷ অৱশ্যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰীয়ে ১৩-১৪ মাৰ্চলৈ ৰাজ্যই ৰাজ্যই চৰকাৰী আঁচনি ঘোষণা কৰি আছিল৷ মোদী চৰকাৰৰ সেই সূচীৰ বাবেও দিন ঘোষণাত বিলম্ব ঘটিল৷ 

পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু বিহাৰত আটাইকেইটা পৰ্যায়ত অৰ্থাৎ ৭টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ মহাৰাষ্ট্ৰী আৰু জম্মু-কাশ্মীৰত ৫টা পৰ্যায়ত, ঝাৰখণ্ড, ওড়িশা, মধ্য প্ৰদেশত ৪টা পৰ্যায়ত, অসম আৰু মাওবাদী অধ্যুষিত ছত্তীশগড়ত ৩টা পৰ্যায়ত, কৰ্ণাটক, ৰাজস্থান, ত্ৰিপুৰা, মণিপুৰত দুটাকৈ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ পঞ্জাব, ছত্তীশগড়, হিমাচল প্ৰদেশ, হাৰিয়ানা, দিল্লী, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, গোৱা, গুজৰাট, দমন ডিউ, দাদৰা নগৰহাভেলী, কেৰালা, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, তামিলনাডু, আন্দামান নিকোবৰ, লাক্ষাদ্বীপ, পুডুচেৰী, উত্তৰাখণ্ডত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব৷