Logo
image

তৰমুজে হৃদস্পন্দন স্বাভাৱিক কৰে

তৰমুজৰ লগতে ইয়াৰ গুটি কেইটাতো আছে অনেক পুষ্টিকৰ উপাদান৷ বিশেষজ্ঞসকলৰ মতে তৰমুজৰ দৰে ইয়াৰ গুটিও স্বাস্থ্যৰ বাবে খুবেই উপকাৰী৷ 
তৰমুজৰ গুটিত প্ৰচুৰ পৰিমাণে শৰ্কৰা, এমিনো এচিড, ফেটি এচিড, আইৰণ, কেলছিয়াম, জিংক, ফোলেট, মেগনেছিয়াম, মেংগানিজ, পটাছিয়ম, ছডিয়াম, ফছফৰাছ, ভিটামিন ‘বি-৬’ থাকে৷ 
হাৰ্ট সুস্থ ৰাখেঃ তৰমুজৰ গুটিত থকা মেগনেছিয়ামে হাৰ্ট সুস্থ কৰি ৰখাত সহায় কৰে৷ তৰমুজৰ গুটি খালে হৃদপিণ্ডৰ কাৰ্য স্বাভাৱিক হৈ থাকে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ তদুপৰি তৰমুজৰ গুটিত থকা এণ্টি অক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰিয়ে হাৰ্ট সুস্থ ৰখাত সহায় কৰে৷ 
দৈহিক ক্ষমতা বৃদ্ধিঃ চিকিৎসা বিশেষজ্ঞৰ মতে ‘জিংক’-এ পুৰুষৰ যৌন ক্ষমতা বৃদ্ধি কৰে৷ তৰমুজৰ গুটিত প্ৰচুৰ পৰিমাণে মেংগানিজ থাকে৷ সেয়েহে তৰমুজৰ গুটি খালে পুৰুষৰ যৌন ক্ষমতা বৃদ্ধি পায়৷ 
ডায়েবেটিছ নিয়ন্ত্ৰণঃ তৰমুজৰ গুটিত থকা ওমেগা-৬ ফেটি এচিডে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে৷ ইয়াৰ উপৰি তৰমুজৰ গুটি খালে হজম শক্তি বৃদ্ধি হয়, মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আৰু ছাল সতেজ কৰি ৰখাত সহায় কৰে৷ বিশেষজ্ঞসকলৰ মতে তৰমুজ খোৱাৰ লগতে ইয়াৰ গুটিকেইটাও খোৱা উচিত৷ কেতিয়াবা তৰমুজৰ গুটি শুকুৱাই গুড়ি কৰি খালেও অনেক সুফল পাব৷ 
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিঃ অন্য যিকোনো ফলমূলৰ দৰেই তৰমুজ খোৱাৰ অভ্যাস কৰিলে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব৷