Logo
image

জটিল ৰোগৰ চিকাৰ!, অভিনয়ৰ পৰা আঁতৰি আছে ছামান্থা

দক্ষিণৰ ছবি উদ্যোগটোৰ অতি শক্তিশালী অভিনেত্ৰী হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ছামান্থা ৰুথ প্ৰভুৱে৷ বলীউডতো সবল খোজ পেলায় ‘পুষ্পা’খ্যাত অভিনেত্ৰীগৰাকীয়ে৷ অভিনয় কেৰিয়াৰত বহুতো হিট ছবি উপহাৰ দিছে ছামান্থাই৷ অভিনেত্ৰীগৰাকীয়ে অভিনয়ৰ যোগেদিয়ে দেশবাসীৰ হৃদয় জয় কৰিছে৷ কিন্তু দুখৰ বিষয় যে অভিনেত্ৰীগৰাকী দুৰাৰোগ্য ‘মায়েছাইটিছ’ ৰোগত ভুগি আছে৷ যাৰ বাবে দীৰ্ঘদিন ধৰি কেমেৰাৰ সন্মুখলৈ আহিব পৰা নাই শকুন্তলম খ্যাত অভিনেত্ৰী ছামান্থা৷ ‘দ্য ফেমিলী মেন’ ছিৰিজ, পুষ্পা, শকুন্তলম, খুশি আদিৰ যোগেদি দৰ্শকৰ নয়নৰমণি হৈ পৰে৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত নিজৰ অসুস্থতাৰ কথা সদৰি কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে মায়োছাইটিছত ভুগি থকাৰ বাবে তেওঁ অভিনয়ৰ পৰা বিৰতি লৈছিল, যিটো তেওঁৰ বাবে আছিল কঠিন সিদ্ধান্ত৷  অৱশ্যে অভিনয় নকৰাৰ সিদ্ধান্ত তেওঁৰ বাবে শ্ৰেষ্ঠ সিদ্ধান্ত বুলি মত পোষণ  কৰিছে৷ অভিনেত্ৰীগৰাকীয়ে কয় যে, জীয়াই থাকিলেও অভিনয় কৰিব হয়তো নোৱাৰিম৷ জানিব পৰা মতে ২০২২ চনৰ পৰা ছামান্থা মায়োছাইটিছ নামৰ জটিল ৰোগৰ চিকাৰ হয়৷ বৰ্তমান তেওঁ শাৰীৰিকভাৱে সুস্থ যদিও অটো ইমিডন ৰোগ ধৰা পৰাত  দীৰ্ঘদিন ধৰি তেওঁ হাস্পতালত চিকিৎসাধীন হ’বলগা হৈছিল৷ শেহতীয়াকৈ লিভাৰক লৈ ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে অভিনেত্ৰীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে একাধিক চিকিৎসক৷ ‘দ্য লিভাৰ ডক’ নামৰ এটা প্ৰ’ফাইলত ছামান্থাই এটা ক্লিপিং পোষ্ট কৰিছে– য’ত লিভাৰক লৈ তেওঁ ভুল পৰামৰ্শ দিয়া বুলি চিকিৎসকলে বিষোদগাৰ কৰিছে৷ উল্লেখ্য অভিনয়ৰ পৰা বিৰতিত থাকিলেও ধীৰে ধীৰে অভিনয় জগতখনলৈ ঘূৰিছে ছামান্থা৷ তেওঁ অভিনীত ছবি ‘ছিটডেল’ মুক্তিৰ অপেক্ষাত আছে৷ অভিনয়ৰ পৰা সন্যাস লোৱাৰ কথা ক’লেও প্ৰকৃততে ছামান্থাই জানো অভিনয় এৰিব পাৰিব৷ সেয়া এক লাখটকীয়া প্ৰশ্ন৷