Logo
image

জেঠালালৰ পুত্ৰ তপ্পুৰ সৈতে ববিতাৰ বিয়া!

সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক ‘তাৰক মেহতা কা উল্টা চশমা’ৰ অতি জনপ্ৰিয় চৰিত্ৰ ববিতা বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছে৷ অৱশ্যে জেঠালালৰ লগত নহয় তেওঁৰ পুত্ৰ তপ্পুৰ সৈতেহে৷ আচৰিত হৈছে নহয়৷ আচৰিত হ’লেও এই কথা সঁচা যে ববিতা অৰ্থাৎ মুনমুন দত্ত বিবাহত আৱদ্ধ হ’ব তপ্পু অৰ্থাৎ ৰাজ আনন্দকতৰ সৈতে৷ ৩৬ বছৰীয়া মুনমুন দত্ত ২৭ বছৰীয়া ৰাজতকৈ ৯ বছৰ ডাঙৰ৷ দুয়োৰে মাজত ইতিমধ্যে ৰিং চেৰিমনী হৈ যোৱা বুলি বাতৰি প্ৰকাশ৷ ২০২১ চনতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল৷ উল্লেখ্য জনপ্ৰিয় ধাৰাবাহিক ‘তাৰক মেহকা কা উল্টা চশমা’ত মুনমুন দত্তই ববিতাৰ চৰিত্ৰত আৰু ৰাজ আনন্দকতে তপ্পুৰ চৰিত্ৰত অভিনয় কৰি আকাশলংঘী জনপ্ৰিয়তা লাভ কৰিছে৷ দুয়োৰে ঘনিষ্ঠ সূত্ৰে সদৰী কৰা মতে মুনমুন-ৰাজৰ এংগেজমেণ্ট হৈ যোৱা বুলি চৰ্চিত হৈছে৷ দুয়োটা পৰিয়ালে পৰস্পৰৰ সম্পৰ্কক স্বীকাৰ কৰিছে৷ জানিব পৰা মতে ২০২১ চনত যেতিয়া দুয়োৰে প্ৰেমৰ সম্পৰ্ক পোহৰলৈ আহে তেতিয়া ববিতাই এই সম্পৰ্কৰ কথা অস্বীকাৰ কৰিছিল৷ উল্লেখ্য মুনমুন আৰু ৰাজে এই বিবাহক সম্প্ৰতি  অস্বীকাৰ কৰিছে৷ দুয়ো  এই বাতৰি ‘ফেক’ বুলি মন্তব্য কৰিছে৷