Logo
image

প্ৰচাৰত ব্যয়ৰ সীমা ৯০ লাখ টকা, সুৰুঙা অনেক

'আমাৰ অসম'ৰ গুৱাহাটীৰ প্রতিবেদক, ১৮ মার্চঃ দেশৰ নিৰ্বাচনী আয়োগে শনিবাৰে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই অসমতো এতিয়া নির্বাচনী বতাহ তুংগত উঠিছে। দেওবাৰে ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ নির্দেশত জিলাই জিলাই অভিযানত নামি পৰিছে ফ্লায়িং স্কোৱাড। নির্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ লগে লগে জিলা নির্বাচনী বিষয়াই নির্বাচনী ব্যয় নিৰীক্ষণ সমিতি (ই ই এম চি) আৰু আদর্শ আচৰণ বিধি কোষ (এম চি এম চি) গঠন কৰে। উক্ত নির্বাচনী ব্যয় নিৰীক্ষণ কোষৰ অধীনতে ইতিমধ্যে ফ্লায়িং স্কোরাদ, স্টেটিক ছার্ভিলেন্স টীম আৰু ভিডিঅ' ছার্ভিলেন্স টীম গঠন কৰিছে। এই টীমসমূহে দেওবাৰে পুৱাৰে পৰা প্ৰতিটো সমষ্টিতে অভিযানত নামি পৰা পৰিলক্ষিত হৈছে। তিনিটা টীমে যৌথভাবে গুৱাহাটীৰ ৰাজপথৰ লগতে ৰাজ্যৰ প্ৰতিটো প্রান্ততে তালাচী বহোৱাই যান-বাহনত তালাচী চলোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে নির্বাচন আয়োগে আচৰণ বিধি বলবৎ হোৱাত সকলো ব্যক্তিয়ে ৫০ হাজাৰ টকাতকৈ নগদ ধন লৈ ফুৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। নিৰ্বাচনৰ এই সময়ছোৱাত কোনো লোকে যাতে নির্ধাৰিত ধনতকৈ অধিক ধন লৈ ফুৰিব নোৱাৰে তাক চিন্তিত কৰাৰ বাবেই কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰিব। নগদ ধনৰ উপৰি অকর্তৃত্বশীল সুৰা আৰু সোণ-ৰূপ সৰবৰাহতো চকু ৰাখিব এই ফ্লায়িং স্কোৱাড। তাপর্যপূর্ণভাবে বিগত ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত ফ্লায়িং স্কোৱাৰে অসমত ৮.৮০ কোটি টকা নগদ ধন জব্দ কৰিছিল। ইয়াৰোপৰি ৭.৬৮ কোটি টকাৰ মাদক দ্রব্য আৰু ১.৪৬ কোটি টকাৰ সোণ-অলংকাৰ অকর্তৃত্বশীলভাৱে সৰবাৰহৰ সময়ত জব্দ কৰিছিল। বিশেষকৈ নিৰ্বাচনৰ সময়ত একাংশ ৰাজনৈতিক দল আৰু প্রার্থীয়ে ভোটাৰক প্রলোভিত কৰা তথা প্ৰচাৰৰ নামত ক'লা ধনৰ ব্যৱহাৰ কৰি অহাৰ বাবেই দেশৰ নিৰ্বাচন আয়োগে এই কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে। ইয়াৰ সমান্তৰালভাবে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ নামত এজন প্রার্থীয়ে সর্বাধিক কিমান ধন ব্যয় কৰিব পাৰিব ,তাকো নির্ধাৰণ কৰি দিছে নির্বাচন আয়োগে। সেই অনুসৰি এইবাৰৰ নিৰ্বাচনত এজন প্রার্থীয়ে প্ৰচাৰত সৰ্বাধিক ৯০ লাখ টকা পর্যন্ত ব্যয় কৰিব পাৰিব। এই ব্যয়ৰ হিচাপে নির্বাচন আয়োগক জমা দিব লাগিব। লক্ষণীয়ভাবে লোকসভা নির্বাচনত প্রার্থীৰ বাবে নির্বাচনী খৰচৰ সীমা বান্ধি দিছে যদি ৰাজনৈতিক দলক নির্বাচনী খৰচৰ কোনো নির্দিষ্ট সীমা বান্ধি দিয়াৰ নিয়ম নাই। যাৰ বাবে দলীয় প্রার্থীজনক জয়ী কৰোৱাই অনাৰ বাবে শাসক দলৰ লগতে বিৰোধীয়েও ৰাজনৈতিক দলেও বিপুল ধন ৰাশি ব্যয় কৰি আহিছে। নির্বাচন আয়োগৰ এই আইনী। সুৰুঙাৰ সুযোগ লৈ বিগত ২০১৯ চনৰ লোকসভা নির্বাচনত প্ৰচাৰৰ নামত শাসকীয় বিজেপি দলে সর্বমুঠ ১,২৬৪ কোটি টকা ব্যয় কৰিছিল। আনহাতে বিৰোধী কংগ্রেছ দলেও উক্ত নির্বাচনত ৮২০ কোটি টকা ব্যয় কৰাৰ তথ্য নির্বাচন আয়োগক দাখিল কৰিছিল। অৱশ্যে চেণ্টাৰ ফৰ মিডিয়া স্টাডিজৰ এটা সমীক্ষাত প্রকাশ পোৱা অনুসৰি ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰাজনৈতিক দলসমূহে নাম-বেনামে সৰ্বমুঠ ৫০ হাজাৰ কোটি টকা ব্যয় কৰিছিল। নির্বাচন আয়োগে প্রার্থীৰ নিৰ্বাচনী ব্যয় ৯০ লাখ টকা নির্ধাৰণ কৰিলেও ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে প্ৰচাৰৰ নামত প্রতিদিনেই লাখ লাখ টকা ব্যয় কৰি হেলিকপ্টাৰ উৰুৱাই আহিছে। অৱশ্যে হেলিকপ্টাৰৰ বাবদ হোৱা খৰচৰ যেন উৎস কি তাক ফাঁকি দি চলি আহিছে শাসকীয় দলসমূহে। আনহাতে ফ্লায়িং স্কোৱাড বা স্টেটিক ছার্ভিলেন্স টীমত আয়কৰ বিভাগ, এনফ'ৰ্টমেন্ট ডাইৰেক্টৰেট, নার্ক'টিক তেলৰ বিষয়াক নিয়োগ কৰিলেও কেন্দ্রীয় চৰকাৰৰএনে বিষয়াসকলেও কেৱল বিৰোধী ৰাজনৈতিক দলকহে লক্ষ্য কৰি লোৱাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে। ইফালে নির্বাচনী ব্যয় আৰু ক'লা ধনৰ ব্যয় বন্ধ কৰাৰ বাবে ফ্লায়িং স্কোৱাডে ২৪ ঘণ্টাই অভিযান চলালেও এনে অভিযানত স্কোৱাড সমূহে বিশেষকৈ বিৰোধী ৰাজনৈতিক দলসমূহক লক্ষ্য কৰি লোৱা বুলিহে সততে অভিযোগ উত্থাপন হোৱা দেখা যায়। বিৰোধী নেতাৰ ঘনিষ্ঠ ব্যৱসায়ী বা ব্যক্তি বিশেষৰ ঘৰতো ফ্লায়িং স্কোৱাডে অভিযান চলাই হেঁচা প্রয়োগ কৰি ৰাখে বুলিও বিৰোধী ৰাজনৈতিক দলসমূহে মুকলি অভিযোগ কৰিছে।