Logo
image

উচ্চতম ন্যায়ালয়ত 'কা'ক প্রত্যাহ্বান কেৰালা চৰকাৰৰ

'আমাৰ অসম'ৰ গুৱাহাটীৰ প্রতিবেদক, ১৮ মাৰ্চঃ বিতর্কিত নাগৰিকত্ব সংশোধনী আইনক বিজেপি শাসিত ৰাজ্য চৰকাৰসমূহে সমর্থন জনাইছে যদিও জাতিধ্বংসী আইনখনক লৈ এইবাৰ বিপৰীত স্থিতিত অৱস্থান কৰিছে কেৰালা চৰকাৰে। কেৰালাৰ বাম চৰকাৰে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ক সংবিধান বিৰোধী অভিহিত কৰি উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছে। 'কা'ক লৈ অসমকে ধৰি সমগ্র দেশতে প্রতিবাদ অব্যাহত থকাৰ মাজতে 'কা'ৰ বিৰুদ্ধে সর্বোচ্চ ন্যায়ালয়ত দ্বাৰস্থ হোৱা প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে কেৰালা চৰকাৰ। উল্লেখ্য, কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বিধি প্রস্তুত কৰি দেশজুৰি বলবৎ কৰিছে যদিও কেৰালাৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কোনো কাৰণতে 'কা' কার্যকৰী হ'বলৈ দিয়া নহয় বুলি স্পষ্ট কৰি দিছে। ২০১৯ চনত সংসদত বিতর্কিত বিধেয়কখন গৃহীত হোৱাৰ পাছতেই 'কা'ৰ বিৰুদ্ধে সর্বোচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল কেৰালা চৰকাৰে। কিন্তু লোকসভা নির্বাচনৰ ভোটৰ অংকত বিগত ১১ মার্চত কেন্দ্রীয় চৰকাৰে 'কা'ৰ বিধি জাৰি কৰাত পুনৰ 'কা'ৰ বিধিৰ বিৰোধিতাৰে সর্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বাও চৰকাৰখন। ইতিমধ্যে 'কা' বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা প্রথমখন ৰাজ্য হিচাপে চিহ্নিত হৈছে কেৰালা। কেৰালাৰ মুখ্যমন্ত্রী পিনাৰাই বিজয়নৰ কাৰ্যালয়ৰ পৰা এটা বিবৃতিত কোৱা হৈছে যে-সংবিধানৰ ১৩১ ধাৰাৰ অধীনত 'কা'ৰ বিৰুদ্ধে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ ফালৰ পৰা গোচৰ ৰুজু কৰা হৈছে। কিয়নো 'কা' ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষতাৰ প্রাথমিক নীতিৰ বিৰুদ্ধ। ধর্ম আৰু দেশৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা কাৰ্য সম্পূর্ণ বৈষম্যমূলক, স্বেচ্ছাচাৰী আৰু অযুক্তিকৰ। লক্ষণীয়ভাবে 'কা'ৰ বিৰোধিতাৰে দাখিল হোৱা ২৩৭ খন আবেদনৰ মঙলবাৰে সর্বোচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰিব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি বাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পাৰডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্রৰ খণ্ড বিচাৰপীঠত 'কা'ৰ বিৰুদ্ধে অসম সম্মিলিত মহাসংঘই ৰুজু কৰা ১৫১৪/২০১৯ নম্বৰৰ গোচৰটোৰ শুনানি হ'ব। 'কা' বিৰোধী গোচৰৰ শুনানি প্রক্রিয়া দীঘলীয়া হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি এটা বিবৃতিত সম্মিলিত মহাসংঘৰ সভাপতি মতিউৰ ৰহমানে কয় যে মহাসংঘৰ হৈ জ্যেষ্ঠ অধিবক্তা বিজয় হান্সাৰিয়াই যুক্তি দর্শাব আৰু তেওঁক সহযোগ কৰিব অধিবক্তা সৃষ্টি বৰঠাকুৰে। অসমৰ ২৮টা খিলঞ্জীয়া জনগোষ্ঠীৰ সংগঠন ক্রমে সোণোৱাল কছাৰী জাতীয় পৰিষদ, চিংফৌ জাতীয় পৰিষদ, সদৌ অসম টাইফাকে জাতীয় পৰিষদ, নক্টে নগা কাউন্সিল, টাই খামতি জাতীয় পৰিষদ, তিৱা জাতীয় ঐক্য মঞ্চ, সদৌ তিৱা সুৰক্ষা সমিতি, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা ছাত্র সন্থা, অসম মেইতে আপুনবা লুপ, হীলছ ট্রাইবেল লীগ, কুকি নেচনেল এচেম্বলী, কার্বি স্টুডেন্ট এছ'চিয়েশন, কুকি স্টুডেন্ট অর্গেনাইজেচন, কার্বি ছাত্র যুৱ পৰিষদ, মান টাইভাষী সমন্বয়ৰক্ষী সমিতি, ফুৰালুং সংঘ (অসম), সদৌ চুতীয়া জাতি সম্মিলন, মহন-দেওধাই-বাইলুং সম্মিলন, তুৰুং জাতীয় পৰিষদ, সদৌ অসম টাই খাময়াং জাতীয় পৰিষদ, সদৌ অসম বৌদ্ধ মহাসভা, মৰাণ সাহিত্য সভা, টাংছা নগা জাতীয় পৰিষদ, সদৌ অসম ছেমা নগা জাতীয় পৰিষদ, দেউৰী সংগ্রাম সমিতি, গৰীয়া-মৰীয়া-দেশী জনগোষ্ঠীয় পৰিষদ আৰু অসম জাগ্রত মহিলা পৰিষদে মহাসংঘৰ সৈতে সহযোগী গোচৰীয়া সর্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। অৱশ্যে 'কা' বিৰোধী গোচৰটোৰ ২০২২ চনৰ ৬ ডিচেম্বৰত হোৱা শুনানিত তেতিয়াৰ ছুপ্রিম কর্টব মুখ্য ন্যায়াধীশ ইউ ইউ ললিত, ন্যায়াধীশ ৰবীন্দ্র ভাট আৰু ন্যায়াধীশ বেলা এম ত্রিবেদীৰ ৩জনীয়া বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰসমূহ আৰু আবেদনকাৰী পক্ষবোৰক ৫ সপ্তাহৰ ভিতৰত প্রয়োজনীয় সকলো তথ্য জমা দিবলৈ নির্দেশ দিছিল। তাৎপর্যপূর্ণভাৱে তাৰ পাছৰে পৰা 'কা'ৰ শুনানি স্থগিত হৈ আছে।