Logo
image

ভোটৰ মাজতেই ঔষধৰ মূল্যবৃদ্ধিত অনুমোদন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ মাৰ্চ : শাসকীয় বিজেপিৰ লগতে ৰাজনৈতিক দলসমূহে ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে ঔষধ কোম্পানীসমূহৰ পৰা চান্দা লোৱাৰ পৰিণতি এতিয়া যেন ভোগ কৰিবলৈ আগবাঢ়িছে সৰ্বসাধাৰণ ৰাইজ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰোষত পৰি ইতিমধ্যে ভাৰতীয় ষ্টেট বেংকে কোন কোন ফাৰ্মা প্ৰতিষ্ঠানে ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে বিগত সময়ছোৱাত ৰাজনৈতিক দলসমূহক চান্দা দিছে তাৰ তথ্য ৰাজহুৱা কৰিছে৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি মেনকাইণ্ড, চিপ্লা, পিৰামল, টৰেণ্ট’, ছান ফাৰ্মা, ড॰ ৰেডিছ, জাইডাছ, নেটক, ডিভিছ, ইনটাছ ফাৰ্মাচিউকেলক ধৰি দেশৰ ১৪ টাকৈ প্ৰতিষ্ঠিত ঔষধ প্ৰস্তুতকাৰী কোম্পানীয়ে সৰ্বমুঠ ৫৩৪ কোটি টকা ইলেক্ট’ৰেল বণ্ডৰে ৰাজনৈতিক দলক চান্দা প্ৰদান কৰিছে৷ ৰাজনৈতিক হেঁচাত ঔষধ কোম্পানীসমূহে ৰাজনৈতিক দলক শ শ কোটি টকা বৰঙনি আগবঢ়াই এতিয়া সমস্ত ধন ঔষধৰ দাম বৃদ্ধিৰে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে৷ নতুন বিত্তীয় বৰ্ষৰ প্ৰথমটো দিনতে অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰা দেশৰ ফাৰ্মা কোম্পানীসমূহে জীৱন-দায়িনী আৰু অত্যাৱশ্যকীয় ঔষধকে ধৰি মুঠ ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সাধাৰণ জ্বৰ-চৰ্দিত সেৱন কৰা পেৰাচুটামলৰ পৰা আৰম্ভ কৰি বিষনাশক, এণ্টিবায়’টিক, সংক্ৰমণৰোধক, ষ্টেৰয়ড, হৃদৰোগ আৰু কৰ্কট ৰোগলৈ ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি পাব পাইকাৰী মূল্য সূচাংক [ডব্লিউ পি আই]ৰ অনুসৰি নেচনেল লিষ্ট ফৰ এচেনছিয়েল মেডিচিনৰ তালিকাভুক্ত ঔষধৰ ওপৰত ঙ্ম.০০৫৫ শতাংশ দাম বৃদ্ধিত ইতিমধ্যে কেন্দ্ৰৰ মোদী চৰকাৰে অনুমোদন জনাইছে৷ কেন্দ্ৰৰ এই অনুমোদনৰ ভিত্তিতে পেইনকিলাৰ, অণ্টিবায়’টিক, এণ্টি ইনফেকটিভকে ধৰি ৮০০ বিধ বিভিন্ন বেণ্ডৰ ঔষধৰ দাম বৃদ্ধিৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰিছে ঔষধ প্ৰতিষ্ঠাসমূহে৷ লক্ষণীয়ভাৱে ২০২২ চনত ঔষধৰ দাম ১০ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ২০২৩ চনত ১২ শতাংশ পৰ্যন্ত ঔষধৰ দাম বৃদ্ধি পাইছিল৷ অৱশ্যে কেঁচা সামগ্ৰীৰ অভাৱনীয় হাৰত মূল্য বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ঔষধৰ দাম বৃদ্ধি কৰিবলৈ কোম্পানীসমূহ বাধ্য হোৱা বুলি দাবী কৰিছে৷ উদাহৰণ স্বৰূপে পেনিচিলিন জি নামৰ এবিধ কেঁচা সামগ্ৰীৰ দাম বিগত সময়চোৱাত ১৭৫ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱা বুলিও ফাৰ্মা কোম্পানীসমূহে দাবী কৰিছে৷ যাৰ বাবে ফাৰ্মা কোম্পানীৰ মালিক পক্ষই ঔষধৰ দাম ১০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা অব্যাহত ৰাখিছে৷