Logo
image

সোণোৱালৰ বিৰুদ্ধে লুৰীণৰ হুংকাৰঃ মোদী আহিলেও জিকাব নোৱাৰে সৰ্বাক

'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ১৯ মাৰ্চঃ কংগ্ৰেছক সাৰথি কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত নামিছে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। মঙলবাৰে ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এখন সভাত সোণোৱালৰ বিৰুদ্ধে একপ্ৰকাৰ ৰণহুংকাৰ দিলে লুৰীণজ্যোতি গগৈয়ে। 

প্ৰবীণ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰক সন্মুখত বহুৱাই লুৰীণে নাম নোলোৱাকৈ সমালোচনাৰে থকাসৰকা কৰিলে বিজেপিৰ হেভিৱেট প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক। লুৰীণে ক'লে, "অসমীয়া জাতীয় জীৱনক বিশ্বাসঘাট কৰাজনক অসমীয়াই কোনোকালে নাপাহৰে। ৮৫৫ জন শ্বহীদক দ্বিতীয়বাৰৰ বাবে হত্যা কৰি অসমত 'কা' অনাত সহযোগিতা কৰি জাতীয় জীৱনত চিৰকালৰ বাবে 'খলনায়ক' হৈ পৰিল। জাতিৰ স্বাৰ্থত প্ৰতিবাদ কৰিবলৈ যোৱা ৫ জন যুৱকক হত্যা কৰিলে। তেওঁ অসমৰ ৰাইজক অন্যায় কৰিবলৈ একোৱেই বাকী নাথাকিল। ৰাইজে তেওঁক সকলো দিছিল। কিন্তু আমাক কি দিলে। জনতাৰ মৰম বুজি নাপালে। উপলুঙা কৰিলে। এই অন্যায়ৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ৰাইজে পোতক তুলিব। অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠা হ'ব৷"

ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিলেও সৰ্বানন্দ সোণোৱালে জিকিব নোৱাৰে বুলি দাবী কৰে লুৰীণে। যোৰহাট আৰু ডিব্ৰুগড় সমষ্টিক লৈ বিজেপিয়ে যথেষ্ট ভয় খাইছে বুলি সমালোচনা কৰি লুৰীণজ্যোতি গগৈয়ে আৰু কয়, "তেওঁলোকৰ শীৰ্ষ নেতৃত্বই ডিব্ৰুগড়ৰ মনৰ কথা বুজি পাইছে। ডিব্ৰুগড় ৰাইজৰ খং আৰু ক্ষোভৰ কথা বুজি উঠিছে। সেইবাবে তেওঁলোকে পৰিকল্পনা-সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল। তেওঁলোকলৈ আমাৰ পুতৌ উপজে। বৰ্তমানৰ সাংসদজনৰ প্ৰাৰ্থিত্ব কৰ্তন কৰাৰ দিনাই বিৰোধী ঐক্য মঞ্চৰ বাবে প্ৰথমটো বিজয় আছিল। ইয়াক আমি সকলোৱে উদযাপন কৰিব লাগে। দ্বিতীয় বিজয়ৰ আমি সোৱাদ পাইছিলোঁ সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত।"

তদুপৰি বিজেপিক সমালোচনা কৰি তেওঁ কয় যে তেওঁলোকৰ দুৰ্বলতা এইটোৱেই যে, বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰে। যেতিয়াই বিৰোধী এক হ'ব খোজে, তেতিয়াই তেওঁলোকৰ ভৰিত কঁপনি উঠে। ৰাইজৰ আশা আৰু আস্থাক কাৰ্যত ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি দি লুৰীণজ্যোতি গগৈয়ে কয়, "এইখন যুজত জয়লাভ কৰিবলৈ চিন্তা কৰিবলগীয়া একো নাই। ধনবল-বাহুবলক ওফৰাই ৰাইজে এই যুঁজত সহযোগিতা আগবঢ়াব। গণতন্ত্ৰত ৰাইজেই ৰজা। এই যুজত আমিয়েই জিকিম।" ইফালে এই সভাতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰে কয়, "আমাৰ এই যুঁজখন ডাঙৰ যুদ্ধ হ'ব। এই যুঁজখন আদৰ্শৰ বিৰুদ্ধে হ'ব লাগিব। দেশৰ সংবিধান, ধৰ্মনিৰপেক্ষতা ৰক্ষাৰ যুঁজ। মেহনতি জনতাৰ যুঁজ। এই যুঁজত সকলোৱে এক হৈ ৰাইজৰ ওচৰত যাব লাগিব।" 

বিজেপিক সমালোচনা কৰি ঘাটোৱাৰে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনলৈ পূৰ্বে বছৰি দুই কোটি নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু নিযুক্তি দিয়াৰ দূৰৰে কথা, খালী পদসমূহকে পূৰণ কৰিব নোৱাৰিলে। আগৰ চৰকাৰে সৃষ্টি কৰা জাতীয় সম্পদসমূহ এপদ এপদকৈ বিক্ৰী কৰিলে। বিজেপি অহংকাৰ হৈছে। নিৰ্বাচন নোহোৱাৰ আগতে সংখ্যা গণনা কৰিবলৈ আৰম্ভ কৰিছে। বিজেপিয়ে গণতান্ত্ৰিক পৰম্পৰাক অপমান কৰিছে। গণতন্ত্ৰত ৰাইজেই ৰজা। আভুৱা ভৰাৰ ৰাজনীতি কৰিছে বিজেপিয়ে।"

উল্লেখযোগ্য যে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি দেৱৰঞ্জন গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত লুৰীণজ্যোতি গগৈক উষ্ম আদৰণি জনোৱা হয়। জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগে আঁত ধৰা সভাত প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা, প্ৰাক্তন বিধায়িকা জীৱনতাৰা ঘাটোৱাৰ, অজাপৰ উপ-সভাপতি বীৰেন বৰুৱা, ড০ দিলীপ ভূঞা, অনুপ ফুকন, জিলা সভাপতি পৰাগজ্যোতি বৰুৱা আদিকে ধৰি ভালেসংখ্যক কংগ্ৰেছৰ লগতে বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰী দলৰ নেতা-কৰ্মীসকল উপস্থিত থাকে।