Logo
image

আগন্তুক দুদিনত ৰাজ্যত বৰষুণৰ সম্ভাৱনা

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২০ মাৰ্চ : উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো পহিলা মাৰ্চৰ পৰা প্ৰাক মৌচুমী আৰম্ভ হৈছে যদিও এই পৰ্যন্ত বৰষূণ নোহোৱাত চাৰিওফালে ধূলিময় পৰিবেশৰ সৃষ্টি হৈছে৷  আনকি এজাক সপোন যেন লগা বৰষুণৰ বাবে অপেক্ষা কৰিছে ৰাজ্যবাসীয়ে৷ ইয়াৰ মাজতে মঙলবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক দুটা দিনত উত্তৰ পূৰ্বাঞ্চলৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমতো ঠাইবিশেষে গাজনী, ঢেৰেকনী ধুমুহাৰ সৈতে পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি সদৰি কৰিছে৷  আনকি দুই এঠাইত বজ্ৰপাত পৰিব পাৰে বুলিও সতৰ্কতা জাৰি কৰিছে৷ কাজেই বতৰ বিজ্ঞান কেন্দ্ৰৰ ভবিষ্যত বাণী বাস্তৱত পৰিণত হলে ৰাজ্যবাসীয়ে ধূলিৰ উৎপাতৰ পৰা কিছু হলেও সকাহ লাভ কৰাটো নিশ্চিত৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বংগোপ সাগৰত শেহতীয়াকৈ সৃষ্টি হোৱা কেতবোৰ পৰিঘটনাৰ বাবে সোমবাৰৰ পৰা সাগৰ পৃষ্ঠৰ পৰা ৩.১ কিলোমিটাৰ ওপৰেৰে উত্তৰ পূৱলৈ বতাহ বলি আছে৷ এই বতাহৰ লগত অহা জলীয় বাষ্পৰ বাবে সোমবাৰে মাজনিশাৰ পাছত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ আছে৷ আনকি মঙলবাৰ বিয়লি পৰ্যন্ত অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণ অহা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে৷ অহা ২৫ মাৰ্চ পৰ্যন্ত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ কেতবোৰ ঠাইত আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে কম-বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰই সদৰি কৰিছে৷  ইফালে দীৰ্ঘদিন ধৰি বৰষূণ নোহোৱাত তাপমাত্ৰা বৃদ্ধি পোৱাৰ সমান্তৰালভাবে ধূলিৰ প্ৰকোপে স্বাভাবিক জনজীৱন ব্যাহত কৰিছে৷ আনকি শেহতীয়া আন্তৰ্জাতিক সমীক্ষাত গুৱাহাটী বিশ্বৰ দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে৷ আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মঙলবাৰৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ নগৰ কেইখনৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ–গুৱাহাটী ৩৪.৪ ডিগ্ৰী ছেলছিয়াছ, ডিব্ৰগড় ৩১.১ ডিগ্ৰী ছেলছিয়াছ তেজপুৰত ৩২.৯ ডিগ্ৰী ছেলছিয়াছ, ধুবুৰীত ৩২.৯ ডিগ্ৰী ছেলছিয়াছ, যোৰহাটত ৩১.১ ডিগ্ৰী ছেলছিয়াছ, উত্তৰ লখিমপুৰ ৩১.৪ ডিগ্ৰী ছেলছিয়াছ৷