নিদ্ৰাহীনতাৰ পৰা হাত সাৰিবলৈ ধ্যান কৰক
অনিদ্ৰা বা পৰ্যাপ্ত টোপনি নহ’লে স্বাস্থ্যৰ অৱনতি ঘটাৰ লগতে দৈনন্দিনৰ কাৰ্যসূচীত ব্যাঘাত জন্মে৷ দুৰ্বল জীৱনশৈলী, মানসিক চাপ আদিৰ বাবে অনিদ্ৰাৰ সৃষ্টি হয়৷ বহুলোকৰ ক্ষেত্ৰত অনিদ্ৰা এতিয়া এক গুৰুতৰ সমস্যা হৈ পৰিছে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই বজাৰত উপলব্ধ ঔষধ আদি সেৱন কৰাৰ ফলত শৰীৰত নানা বিসংগতিয়েও দেখা দিয়ে৷ অনিদ্ৰাৰ সমস্যাত ভুগিলে শৰীৰ চৰ্চা, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ, দুশ্চিন্তাৰ পৰা মুক্ত হৈ থাকিবলৈ চেষ্টা কৰিব লাগে৷ হতাশা, উদ্বেগ, অত্যাধিক চাপ আদিৰ বাবে অনিদ্ৰাত বহুতে ভোগে৷ এই সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱাভাৱে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷
1/ নিয়মীয়াকৈ ধ্যান কৰক : এডোখৰ নিৰ্জন ঠাইত বহি লৈ ৫ মিনিটৰ পৰা ২০ মিনিটলৈকে ধ্যান কৰিলে মন-মগজু শান্ত হৈ পৰে৷ এইদৰে প্ৰতিদিনে ধ্যান কৰিলে নিশাৰ টোপনি ভাল হয়৷ অনিদ্ৰাৰ পৰা হাত সাৰিবলৈ এইদৰে ধ্যানৰ লগতে শৰীৰ চৰ্চা কৰাটো প্ৰয়োজন৷
2/ মৌৰ সৈতে গাখীৰ খোৱাৰ অভ্যাস কৰক : নিশা এগিলাচ গাখীৰৰ সৈতে এচামুচ মৌ মিহলাই খালে টোপনি ভাল হয়৷ মৌৰ সৈতে গাখীৰ খালে শক্তি বৃদ্ধি পোৱাৰ ওপৰি মগজুৰ স্নায়ু শিথিল কৰি তোলে৷ যাৰ ফলত টোপনি ভাল হয়৷
3/ কমলা ৰস নিয়মীয়াকৈ খাওক: ৰাতি আহাৰ গ্ৰহণৰ পাছত নিয়মীয়াকৈ কুহুমীয়া পানীৰ সৈতে কমলাৰ ৰস মিলাই খালে অনিদ্ৰাৰ পৰা হাত সাৰিব পাৰি৷
4/ কুহুমীয়া পানীৰে ভৰি ধোৱাৰ অভ্যাস কৰক : শোৱাৰ পূৰ্বে কুহুমীয়া পানীত অলপ নিমখ মিলাই লৈ ভৰি দুখন ডুবাই থৈ কিছু সময় বহি থাকিলে ক্লান্তিৰ ভাব দূৰ হয়৷ এইদৰে খোৱাৰ আগতে কুহুমীয়া পানীৰে ভৰি ধুলে টোপনি ভাল হয়৷
5/ শোৱাৰ পাঁচ মিনিট আগতে এটা কলৰ সৈতে ভাজা জিৰা খালে অনিদ্ৰাৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি৷