Logo
image

পতঞ্জলিৰ আদালত অৱমাননা! ৰামদেৱক চমন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২০ মাৰ্চঃ ভুৱা ঔষধৰ বিজ্ঞাপনেৰে দেশৰ জনতাৰ স্বাস্থ্যক লৈ হেতালি খেলা পতঞ্জলিৰ প্ৰতিষ্ঠাতা যোগগুৰু ৰামদেৱক উচ্ছতম ন্যায়ালয়ে আদালত অৱমাননাৰ অভিযোগত ন্যায়ালয়ত সোঁশৰীৰে হাজিৰ হ’বলৈ নিৰ্দেশ দিছে৷ যোৱা ২৭ ফেব্ৰুৱাৰীত উচ্ছতম ন্যায়ালয়ে পতঞ্জলিৰ সকলো ধৰণৰ ঔষধৰ বিজ্ঞাপন বন্ধ কৰি দিছিল৷ মঙলবাৰে সেই গোচৰৰ পুনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ হিমা কোহলি আৰু আছানুদ্দিন আমানুল্লাৰ বিচাৰপীঠে বাবা ৰামদেৱ আৰু পতঞ্জলি আয়ুৰ্বেদৰ পৰিচালন সঞ্চালক আচাৰ্য বালকৃষ্ণক পৰৱৰ্তী শুনানিত সোঁশৰীৰে আদালতত উপস্থিত থাকি কিয় তেওঁলোকৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ তৰা নহ’ব, সেই বিষয়ে কৈফয়ৎ দিবলৈ জাননী দিছে৷ যোৱা ২৭ ফেব্ৰুৱাৰীৰ শুনানিত সৰ্বোচ্ছ আদালতে পতঞ্জলিক জনসাধাৰণক বিভ্ৰান্ত কৰা ঔষধৰ ভুৱা বিজ্ঞাপন প্ৰচাৰৰ ক্ষেত্ৰত নিজৰ স্থিতি জনাবলৈ নিৰ্দেশ দিছিল৷ কিন্তু ৰামদেৱৰ পতঞ্জলিয়ে সেই নিৰ্দেশ অমান্য কৰে৷ সৰ্বোচ্ছ আদালতে পতঞ্জলিৰ এই উপেক্ষাক আদালত অৱমাননা বুলি অভিযোগ কৰি তেওঁলোকৰ বিৰুদ্ধে কিয় আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ’ব তাৰ উত্তৰ বিচাৰিছে৷ পতঞ্জলিৰ প্ৰতিষ্ঠাতা বাবা ৰামদেৱ আৰু পৰিচালন সঞ্চালক আচাৰ্য ৰামদেৱে উচ্ছতম ন্যায়ালয়ত হাজিৰ হৈ এই উত্তৰ দিব লাগিব৷ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত পতঞ্জলিৰ হৈ বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণই সংবাদমেলত স্পষ্টীকৰণ দিও ন্যায়ালয়ক উত্তৰ নিদিয়াত সৰ্বোচ্ছ আদালত পতঞ্জলিৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে৷
ক’ভিডকালত পতঞ্জলিয়ে ক’ভিড নিৰাময় কৰা ঔষধ প্ৰস্তুত কৰা বুলি বিজ্ঞাপন দি দেশবাসীক প্ৰৱঞ্চনা কৰিছিল৷ কৰোনিল নামৰ এইবিধ ঔষধে ক’ভিড নিৰাময় কৰে বুলি দাবী কৰি নিজেই বিজ্ঞাপনত ভাগ লৈছিল ৰামদেৱে৷ ‘ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্বনে’ (আই এম এ) পতঞ্জলি আয়ুৰ্বেদৰ এই জালিয়াতি পোহৰলৈ আনি উচ্ছতম ন্যায়ালয়ত গোচৰ তৰে আৰু সৰ্বোচ্ছ আদালতে কেন্দ্ৰীয় চৰকাৰক ভৎৰ্সনা কৰাৰ লগতে পতঞ্জলিৰ ঔষধৰ সকলো বিজ্ঞাপনৰ প্ৰচাৰ বন্ধ কৰি দিয়ে৷ মঙলবাৰৰ শুনানিতো উচ্ছতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক জনগণৰ স্বাস্থ্যক লৈ হেতালি খেলা পতঞ্জলিৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছে, সেই প্ৰশ্ন কৰে৷