Logo
image

কংগ্ৰেছৰ ইস্তাহাৰত মহিলালৈ বৃহৎ অফাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২০ মাৰ্চঃ সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছে দেশবাসীক পাঁচটা ‘ন্যায়’ প্ৰদানৰ প্ৰতিশ্ৰুতি দি ইস্তাহাৰ প্ৰকাশ কৰিব৷ মঙলবাৰে কংগ্ৰেছ দলৰ সৰ্বোচ্ছ নীতি নিৰ্ধাৰক কমিটী চিডব্লিউচিৰ বৈঠকত ইস্তাহাৰ কমিটীয়ে দাখিল কৰা লোকসভা নিৰ্বাচনৰ ইস্তাহাৰ গৃহীত কৰা হয়৷ চিডব্লিউচিএ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি ইস্তাহাৰ প্ৰকাশৰ নিৰ্দিষ্ট দিন থিৰাং কৰিবলৈ কতৃৰ্ত্ব প্ৰদান কৰে৷ চিডব্লিউচিৰ বৈঠকত সভাপতি খৰ্গেৰ উপৰি প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, পি চিদাম্বৰম, দ্বিগবিজয় সিং, কুমাৰী শ্বেল জা আৰু অজয় মাকেন উপস্থিত আছিল৷ বৈঠকত ইস্তাহাৰ কমিটীয়ে দাখিল কৰা লোকসভা নিৰ্বাচনৰ প্ৰস্তাৱিত ইস্তাহাৰৰ খচৰা অনুমোদন জনোৱা হয়৷ সেই অনুসৰি কংগ্ৰেছ দলে মুঠতে দেশৰ জনতালৈ পাঁচটা ন্যায় বা গেৰাণ্টী  প্ৰদান কৰিব বুলি সভাপতি খৰ্গেই প্ৰকাশ কৰে৷ সেই পাঁচটা ন্যায় হ’ল– কিষাণ ন্যায়, নাৰী ন্যায়, যুৱ ন্যায়, শ্ৰমিক ন্যায় আৰু হিচ্ছেদাৰী (অধিকাৰ) ন্যায়৷ অচিৰেই প্ৰকাশ হ’বলগীয়া কংগ্ৰেছৰ ইস্তাহাৰত দেশৰ মহিলাক বছৰি এক লাখ টকাকৈ উপাৰ্জন কৰিব পৰা ‘মহালক্ষ্মী ভাণ্ডাৰ’ নামৰ আঁচনি থাকিব৷  ৰাহুল গান্ধীয়ে জনোৱা মতে কংগ্ৰেছৰ ইস্তাহাৰত পাঁচটা ‘ন্যায়’ৰ লগতে ২৫টা গেৰাণ্টীও থাকিব৷