Logo
image

আগন্তুক ৪ দিনলৈ অসমত অব্যাহত থাকিব বৃষ্টিপাত!

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২০ মাৰ্চঃ পহিলা মাৰ্চত আৰম্ভ হোৱা প্ৰাক মৌচুমীৰ প্ৰথম বৰষুণজাক বুধবাৰে পুৱতি নিশাৰে পৰা অসমসহ উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত আৰম্ভ হৈছে। সপোন যেন লগা বৰষুণজাক পলমকৈ আহিলেও ৰাইজে বহু দিনৰ অন্তত ধূলিৰ লগতে  গৰমৰ পৰাও বহুখিনি সকাহ লাভ কৰিছে। ধূলিজনিত পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ মাজতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে  অসম, মেঘালয়, ত্ৰিপুৰা, মণিপুৰ, অৰুণাচল প্ৰদেশকে ধৰি উত্তৰ পূব ভাৰতৰ আন ৰাজ্যত আগন্তুক চাৰিটা দিনত ঠাইবিশেষে পুনৰ পাতলীয়া বৰষূণ হ'ব বুলি সদৰি কৰিছে। 

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি বাংলাদেশৰ আকাশত সৃষ্টি হোৱা ঘূর্ণিয়মান বায়ুৰ প্ৰভাৱত ইতিমধ্যে সোমবাৰে সৃষ্টি হোৱা জলীয় বাষ্প দক্ষিণ  অসমৰ দিশে গতি কৰিছে। যাৰ বাবে মঙলবাৰে মাজনিশাৰ পাছত উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমৰ বেছিভাগ ঠাইতে পাতলীয়া বৰষুণ আৰম্ভ হৈছে। এই পৰিস্থিতি আগন্তুক চাৰিটা দিন অৰ্থাৎ শনিবাৰ পৰ্যন্ত অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে। অৱশ্যে ধাৰাষাৰ পৰিমাণৰ বৰষুণ নহ'লেও অসমৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে আগন্তুক চাৰিটা দিনত বেছিভাগ ঠাইতে মাজে মাজে পাতলীয়া বৰষুণ আহি থকাটো নিশ্চিত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই বৰষুণৰ ফলত কৃষক ৰাইজো উপকৃত হৈছে। কিয়নো বৰো ধা , ইৰি ধানৰ খেতি কৰা কৃষকসকলৰ মুখলৈ পলমকৈ হলেও হাঁহি বিৰিঙিয়াই আনিছে এই বৰষুণজাকে।