Logo
image

ভাৰতৰ লোকপিয়ল কেতিয়া হ’ব?

ভাৰতত ১৮৮১ চনৰ পৰা প্ৰতি দহ বছৰৰ অন্তৰে অন্তৰে হোৱা লোকপিয়ল অন্তিমবাৰ হৈছিল ২০১১ চনত৷ ২০২১ চনত দেশত হোৱা ক’ভিড মহামাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিলে সেইবাৰৰ লোকপিয়ল৷ এখন দেশৰ অৰ্থনীতি, সমাজনীতি কিম্বা ৰাজনীতিৰ প্ৰতিটো সূত্ৰৰ লগত জড়িত হৈ থাকে দেশৰ জনসংখ্যা৷ চৰকাৰী বা বে-চৰকাৰী বিভাগৰ প্ৰতিটো আঁচনিৰ প্ৰস্তাৱনাৰ পৰা ৰূপায়ণলৈ প্ৰয়োজন হোৱা জনসংখ্যা কিমান বুলি প্ৰশ্ন কৰিলে আজি কাৰো হাততে নাই প্ৰকৃত তথ্য৷ ২০১১ চনত দেশত চলা লোক পিয়লমতে ভাৰতৰ মুঠ জনসংখ্যা আছিল ১২১,০৮,৫,৯৭৭ আৰু মুঠ জনসংখ্যাৰ ভিতৰত পুৰুষৰ সংখ্যা আছিল ৬২,৩৭,২৪,২৪৮ আৰু মহিলাৰ সংখ্যা আছিল ৫৮,৬৪,৬৯,১৭৪ গৰাকী৷ দেশত শিক্ষিতৰ হাৰ আছিল ৭৪.০৪%৷ প্ৰতি বৰ্গ কিলোমিটাৰত বাস কৰিছিল ৩৮২ গৰাকী নাগৰিকে৷ কিন্তু বৰ্তমান ভাৰতৰ জনসংখ্যাৰ হিচাপ চলি আছে অনুমানৰ ওপৰত৷ দেশৰ নিটি আয়োগৰ অনুমান মতে বৰ্তমান ভাৰতৰ জনসংখ্যা আনুমানিক ১৪০ কোটি৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ‘মোদীৰ পৰিয়াল’ত সন্নিৱিষ্ট হৈছে ১৪০ কোটি ভাৰতীয়৷
২০১৯ চনৰ ৩১ জানুৱাৰীত দেশৰ লোক পিয়ল আয়োগে সমগ্ৰ দেশতে লোকপিয়লৰ বাবে প্ৰয়োজন হোৱা বাসগৃহৰ নম্বৰ দিয়াৰ বাবে জাৰি কৰিছিল অধিসূচনা৷ ২০২০ বৰ্ষৰ এক এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত নাগৰিকৰ বাসগৃহৰ নম্বৰ দিয়া কাৰ্য সম্পন্ন নহ’ল ক’ভিডৰ বাবে৷ পৰৱত¹ সময়ত স্তব্ধ হোৱা দেশৰ প্ৰশাসনিক কামবোৰৰ মাজত সোমাই পৰা লোক পিয়লৰ কামবোৰ কেতিয়া আৰম্ভ হ’ব তাৰ নাই কোনো উত্তৰ৷
ক’ভিড সংহাৰক কেন্দ্ৰ কৰি ভাৰতত ২০২১ আৰু ২০২২ বৰ্ষত  বাৰণ কৰা হৈছিল জন সমাগম৷ দুজন ব্যক্তিৰ মাজত কমেও এক মিটাৰৰ ব্যৱধান বজাই ৰখা, মুখত মাস্ক লগাই ঘৰৰ বাহিৰলৈ ওলোৱা, ঘনে ঘনে হাতত ছেনিটাইজাৰ লগোৱা ইত্যাদি বাধাই স্তব্ধ কৰা ভাৰতত ২০২১ আৰু ২০২২ বৰ্ষত কিন্তু অনুষ্ঠিত হৈছিল বহুকেইখন ৰাজ্যৰ নিৰ্বাচন৷ বিহাৰ, তামিলনাডু, পশ্চিমবংগ, কেৰালা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ডৰ লগতে অসমতো হৈছিল বিধানসভাৰ নিৰ্বাচন৷ নিৰ্বাচনী সভাত লাখ লাখ জনতাৰ সমাগমত নাছিল একো বাধা৷ সকলো ৰাজনৈতিক কৰ্মত নাছিল ক’ভিডৰ বাধা৷ কিন্তু দেশৰ বাবে প্ৰয়োজনীয় লোক পিয়লৰ তথ্য আহৰণত চলি আছে ক’ভিডৰ বাধা৷
লোক পিয়লৰ তথ্য অবিহনেই আজি ভাৰতত চলি আছে সকলো কৰ্ম৷ দুখীয়াৰ বাবে বিনামূলীয়া চাউল, বাসগৃহৰ তথ্য কিমান তাক বিচাৰি পোৱাটো সহজ৷ কিন্তু আপুনি বিচাৰি নাপাব দুখীয়াৰ পৰিসংখ্যা৷ আজি ভাৰতত অনুসূচীত জাতি, অনুসূচীত জনজাতি বা অন্যান্য পিছপৰা শ্ৰেণীৰ নাগৰিক কিমান বুলি প্ৰশ্ন কৰিলে ২০১১ চনৰ পৰিসংখ্যাকেই গ্ৰহণ কৰিব লাগিব৷ অসমৰ জনসংখ্যা কিমান বুলিলে ২০১১ চনৰ লোকপিয়লৰ সংখ্যাটোক কেইটামান সংখ্যাৰ শতাংশক যোগ কৰি যি সংখ্যা পাব তাকেই গ্ৰহণ কৰিব লাগিব৷ কাৰোবাৰ মতে বৰ্তমান অসমৰ জনসংখ্যা আনুমানিক ৩.৫ কোটি, কাৰোবাৰ মতে ৩.৬ কোটি৷ অসমত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা নাগৰিক ২০১১ চনত আছিল প্ৰায় এক কোটি আৰু আজি কিমান বুলি প্ৰশ্ন কৰিলে নাই একো উত্তৰ৷
দেশৰ সামূহিক স্বাৰ্থত লোক পিয়লৰ স্থবিৰতা কেতিয়া অন্ত পৰিব তাক লৈ চৰ্চাত আছে দেশৰ অৰ্থনীতিবিদ সকলৰ মাজত৷ অৰ্থনৈতিক পৰিসংখ্যাৰ অভাৱত আজিও প্ৰতিজন ভাৰতীয়ই ২০১১ চনৰ পৰিসংখ্যা লৈ কৰিব লাগে আনুমানিক গণনা৷ কিমান দিন বা বছৰ ভাৰতে অপেক্ষা কৰিব লাগিব শুদ্ধ পৰিসংখ্যাৰ বাবে তাৰ নাই নিশ্চয়তা৷