Logo
image

নিৰ্বাচনী অধিসূচনা জাৰি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ মাৰ্চ : অৱশেষত ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটৰ অধিসূচনা৷ বুধবাৰে দেশৰ নিৰ্বাচন আয়োগে ১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটৰ অধিসূচনা জাৰি কৰে৷ নিৰ্বাচন আয়োগৰ অধিসূচনাত প্ৰকাশ পোৱা অনুসৰি প্ৰথম পৰ্যায়ত অসমসহ দেশৰ মুঠ ১৭ খন ৰাজ্য আৰু ৪টা কেন্দ্ৰীয়শাসিত অঞ্চলত ১৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিহাৰৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৮ মাৰ্চ নিৰ্ধাৰণ কৰাৰ বিপৰীতে অসম, অৰুণাচল, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ৰাজস্থান, ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু-কাশ্মীৰ, লাক্ষাদ্বীপ আৰু পুডুচেৰীৰ বাবে ২৭ মাৰ্চ মনোয়ন নিৰ্বাচনী অধিসূচনা জাৰি দাখিলৰ অন্তিম দিন ধাৰ্য কৰিছে নিৰ্বাচন আয়োগে৷ উল্লেখ্য, প্ৰথম পৰ্যায়ত অসমৰ পাঁচটা লোকসভা সমষ্টি ক্ৰমে কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব৷ প্ৰথম পৰ্যায়তে এইবাৰৰ লোকসভা নিৰ্বাচনৰ অসমৰ আটাইতকৈ হাইপ্ৰ’ফাইল প্ৰাৰ্থী কেইজনৰ মাজত নিৰ্বাচনী যুঁজ হ’ব৷ বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টিত সম্মুখ সমৰৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বিজেপিৰ হেভীৱেট প্ৰাৰ্থী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিৰোধী ঐক্যমঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ৷ ৰাজ্যৰ ৰাজনীতিৰ বাবেই ডিব্ৰুগড় সমষ্টিটো এই কাৰণেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু যে দুয়োজন হৈছে সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দিয়া প্ৰাক্তন শীৰ্ষ নেতা৷ আনহাতে, এইবাৰৰ নিৰ্বাচনৰ অন্যতম ইচ্ছু জাতিধবংসী নাগৰিকত্ব সংশোধনী আইনক সৰ্বানন্দ সোণোৱালে সমৰ্থন জনোৱাৰ বিপৰীতে লুৰীণজ্যোতি গগৈয়ে বিৰোধিতা কৰিছে৷ এই নিৰ্বাচনত জয়ী হ’লে সৰ্বানন্দ সোণোৱাল পুনৰ কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ সম্ভাৱনাৰ বাট মুকলি থকাৰ বিপৰীতে এই নিৰ্বাচনক পৰাজয়বৰণ কৰিলে ‘কা’ বিৰোধিতা কৰি ৰাজনৈতিক দল গঠন কৰা লুৰীণজ্যোতি গগৈৰ ৰাজনৈতিক ভৱিষ্যতক লৈয়ো অনিশ্চয়তা আহি পৰাৰ আশংকা আছে৷ উল্লেখ্য, ২৬ মাৰ্চত বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ সম্ভাৱনা আছে৷ লক্ষণীয়ভাৱে চাহ বাগানৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলগীয়া ডিব্ৰুগড় সমষ্টিত আপৰ হৈ মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ যাৰ বাবে ডিব্ৰুগড় লোকসভা সমষ্টি এইবাৰৰ নিৰ্বাচনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সমগ্ৰ দেশৰে আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টিটো হৈছে যোৰহাট লোকসভা সমষ্টি৷ কিয়নো যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ হৈ দেশৰ এজন সম্ভাৱনাপূৰ্ণ যুৱ নেতাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ গৌৰৱ গগৈৰ বিপৰীতে বিজেপিৰ পৰা বৰ্তমানৰ সাংসদ তপন গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ লক্ষণীয়ভাৱে সংসদত উদাত্ত ভাষণেৰে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক সমালোচনা কৰি দেশবাসীৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে গৌৰৱ গগৈয়ে৷ যাৰ পৰিপ্ৰেক্ষিতত হেভীৱেট প্ৰাৰ্থী গৌৰৱ গগৈক নিৰ্বাচনত হৰুৱাৰ বাবেই সমগ্ৰ বিজেপি দলেই নামি পৰিছে৷ বিজেপিৰ কেইবাজনো মন্ত্ৰীয়ে যোৰহাট লোকসভা সমষ্টিত বাহৰ পাতি দিনে নিশাই গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা দেখা গৈছে৷ অৱশ্যে বিজেপিৰ সাংগঠনিক সক্ৰিয়তা বিপৰীতে গৌৰৱ গগৈয়ে এতিয়া অকলেই নিজৰ প্ৰচাৰ অব্যাহত ৰাখিছে৷ আনহাতে, প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া লখিমপুৰ লোকসভা সমষ্টিৰ বাবে বৰ্তমান বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই প্ৰচাৰ অভিযান তুংগত ৰাখিছে৷ কিন্তু ভোটৰ অধিসূচনা জাৰি কৰাৰ পাছতো এই পৰ্যন্ত কংগ্ৰেছে লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীয়েই বাছনি কৰিব পৰা নাই৷ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্বৰ বাবে কংগ্ৰেছৰ ভিতৰচ’ৰাত প্ৰাক্তন সাংসদ ৰাণী নৰহ আৰু ন-কংগ্ৰেছী উদয়শংকৰ হাজৰিকাৰ মাজতেই যুঁজ চলি আছে৷ আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা নতুনকৈ গঠন কৰা কাজিৰঙা লোকসভা সমষ্টিত বিজেপিৰ হৈ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ টাছা আৰু কংগ্ৰেছৰ হৈ ৰৌজলীনা তিৰ্কীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ একেদৰে শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে বিজেপিৰ হৈ বৰ্তমানৰ বিধায়ক ৰঞ্জিত দত্ত, কংগ্ৰেছৰ হৈ প্ৰেমলাল গজ আৰু আপৰ হৈ ঋষিৰাজ কৌন্দিল্যই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ উল্লেখ্য, প্ৰথম পৰ্যায়ৰ মনোনয়ন পৰীক্ষাৰ দিন ২৮ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰ দিন ৩০ মাৰ্চ নিৰ্ধাৰণ কৰিছে নিৰ্বাচন আয়োগে৷

কামৰূপ মহানগৰ জিলাত নিয়ন্ত্ৰণ কক্ষ আৰু নিৰ্বাচনী বিধি সন্দৰ্ভত ফোন নম্বৰ মুকলি

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক : সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে৷  উল্লেখযোগ্য যে নিৰ্বাচনী আচৰন বিধি উলংঘাকাৰী সকলৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে এই নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে৷ তদুপৰি মুকলি কৰি দিয়া হৈছে এটা টোল ফ্ৰি নম্বৰ৷ যিকোনো ব্যক্তিয়ে ১৯৫০ নম্বৰত সংযোগ স্থাপন কৰি ওজৰ-আপত্তিসমূহ দিব পাৰিব৷ একেদৰে নিৰ্বাচনী বিধি সন্দৰ্ভত কিবা জানিবলগীয়া থাকিলে ০৩৬১-৪০৮৪৯৭৫ নম্বৰত যোগাযোগ কৰিব পাৰিব৷ নিৰ্বাচনী আচৰণ বিধি উলংঘন সম্পৰ্কীয় অভিযোগ তাৎক্ষণিকভাৱে নিষ্পত্তি কৰিবলৈ চি-ভিজিল এপ ডাউনলোড কৰি অভিযোগকাৰীয়ে যিকোনো ফটো অথবা ভিডিঅ’ আপলোড কৰিব পাৰিব৷ ইয়াৰ বাবে আইফোন চিষ্টেম আৰু এনড্ৰইড ম’বাইলত চি-ভিজিল এপ’ ডাউনলোড কৰিব লাগিব৷ তদুপৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ উপলব্ধ ‘সুবিধা’ এপৰ জৰিয়তে প্ৰাৰ্থীসকলৰ নিৰ্বাচন সংক্ৰান্তিয় তথ্য আহৰণ কৰিব পাৰিব৷