Logo
image

মুম্বাইলৈ গৈ টাটাক ধন্যবাদ জনাই আহিলগৈ মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মাৰ্চঃ জাগীৰোডত টাটাই স্থাপন কৰিবলৈ লোৱা ২৭ হাজাৰ কোটি টকীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে টাটা পৰিয়ালক বিশেষভাৱে ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই৷ এই সন্দৰ্ভত টাটাৰ শীৰ্ষ কাৰ্যবাহীসকলৰ সৈতে বুধবাৰে মুম্বাইত আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা৷ এই আলোচনাত জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত এটা দক্ষতা বিকাশ কেন্দ্ৰ গঢ়ি তুলিবলৈ সন্মতি প্ৰকাশ কৰে টাটাই৷ এই দক্ষতা বিকাশ কেন্দ্ৰই অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশত বিশেষভাৱে সহায় কৰিব৷ সমান্তৰালভাৱে ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক্‌ছৰ পাঠ্যক্ৰম আগবঢ়াই নিয়াৰ পথ শক্তিশালী কৰিব আৰু জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প তথা দক্ষতা বিকাশ কেন্দ্ৰত স্থানীয় যুৱক-যুৱতীৰ নিয়োগ কাৰ্যতঃ নিশ্চিত কৰিব৷ উল্লেখ্য, অসমৰ প্ৰায় ১,৫০০ যুৱক-যুৱতীয়ে সম্প্ৰতি বেংগালুৰু আৰু ইয়াৰ আশে-পাশে টাটাৰ অধীনত প্ৰশিক্ষণ লৈ আছে৷ ইয়াৰে বুজনসংখ্যকেই যুৱতী-মহিলা৷ ২০২৫ চনত ছেমিকণ্ডাক্টৰৰ সুবিধা কাৰ্যকৰী হোৱাৰ পাছত এই প্ৰশিক্ষণে তেওঁলোকক বাৰুকৈয়ে সহায় কৰিব৷ বুধবাৰে মুম্বাইত টাটাৰ সৈতে হোৱা আলোচনাত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এইমৰ্মে মত প্ৰকাশ কৰে যে অসমৰ উদ্যোগীকৰণৰ দিশত ইতিহাস সৃষ্টি কৰা টাটা গ্ৰুপৰ ২৭ হাজাৰ কোটি টকাৰ বৃহৎ বিনিয়োগে ছেমিকণ্ডাক্টৰ ক্ষেত্ৰত অসমক বিশ্বৰ মানচিত্ৰত সুকীয়া স্থান দিব আৰু উত্তৰ-পূব ভাৰতক অৰ্থনৈতিক দিশত বিশেষ মান্যতা প্ৰদান কৰিব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই টাটাৰ কাণ্ডাৰী ৰতন টাটাক বিশেষভাৱে ধন্যবাদ জনোৱাৰ লগতে তেওঁৰ জৰিয়তে টাটা গ্ৰুপৰ সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে৷ এই আলোচনাত টাটা ছন্‌ছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণো উপস্থিত আছিল৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৰতন টাটাৰ লগতে চন্দ্ৰশেখৰণকো ধন্যবাদ জনায় আৰু অসমৰ হৈ তেওঁলোকক ধন্যবাদ জনাবলৈ পাই আনন্দিত হোৱা বুলি সদৰী কৰে৷