Logo
image

‘শক্তি’ক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত গোচৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ মাৰ্চঃ ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত কৰ্ণাটকৰ কোলাৰত ‘মোদী’ উপাধিৰ সকলো কিয় চোৰ হয় বুলি নিৰ্বাচনী সভাত বক্তব্য উপস্থাপন কৰি বিপদত পৰা ৰাহুল গান্ধীয়ে এইবাৰ হিন্দু ধৰ্মৰ ‘শক্তি’ৰ বিষয়ে মন্তব্য কৰি পুনৰ বিপদত পৰাৰ উপক্ৰম ঘটিছে৷ মুম্বাইৰ শিৱাজী পাৰ্কত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অন্তত অনুষ্ঠিত ‘ইণ্ডিয়া’ জোঁটৰ নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়ে ‘শক্তি’ শব্দ ব্যৱহাৰ কৰি হিন্দু ধৰ্মাৱলম্বীক আঘাত দিয়া বুলি অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হৈছে বিজেপি৷ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ৰাহুল গান্ধীৰ বক্তব্যৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত আপত্তি উত্থাপন কৰি আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে৷ উল্লেখ্য, ৰাহুল গান্ধীয়ে সেই সভাত দেশৰ ৰজাৰ আত্মা ইভিএমত সোমাই থকা আৰু তেওঁৰ শক্তি ইডি, আয়কৰ বিভাগ আৰু চিবিআই বুলি মন্তব্য কৰিছিল৷ তেওঁ কৈছিল– ‘শক্তি’ হিন্দু ধৰ্মৰ এটা গুৰুত্বপূৰ্ণ শব্দ৷ ৰজাই সেই শক্তিৰ অপব্যৱহাৰ কৰিছে৷ কংগ্ৰেছে এইবাৰ এটা শক্তিক উৎখাত কৰিবলৈ যুঁজত নামিছে৷ কংগ্ৰেছৰ যুঁজ কোনো ব্যক্তিৰ বিৰুদ্ধে নহয়, হ’ব সেই শক্তিৰ বিৰুদ্ধে৷