Logo
image

সুখ সুখ বুলি...

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ মাৰ্চঃ একেৰাহে সপ্তমবাৰৰ বাবে বিশ্বৰ সুখী দেশৰ ভিতৰত শীৰ্ষস্থান অৰ্জন কৰিছে ফিনলেণ্ডে৷ ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত গ্ৰহণ কৰা সমীক্ষাত সুখী দেশৰ সূচকত মুঠ ১৪৩খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১২৬৷ সেই দিশৰ পৰা ভাৰত সুখী নহয়, অসুখী দেশ হিচাপেই পৰিগণিত হৈছে৷ বিশ্বৰ সুখী দেশৰ তালিকাত পূৰ্বৰ দৰে এইবাৰো নৰ্ডিক বা স্কাণ্ডিনেভিয়ান দেশেই শীৰ্ষৰ আটাইকেইটা স্থান অৰ্জন কৰিছে৷ ফিনলেণ্ডৰ পাছত স্থান লাভ কৰিছে ক্ৰমে ডেনমাৰ্ক, আইচলেণ্ড আৰু ছুইডেনে৷ আনহাতে, পঞ্চম স্থানলৈ উন্নীত হৈ ইজৰাইলে বহুতকে আচৰিত কৰি তুলিছে৷ ইপিনে, প্ৰথমবাৰৰ বাবে শীৰ্ষৰ ২০খন দেশৰ পৰা বাহিৰ হৈছে আমেৰিকা আৰু জাৰ্মানী৷ সুখী দেশ হিচাপে এতিয়া আমেৰিকাৰ স্থান ২৩ আৰু জাৰ্মানীৰ ২৪৷ এইবাৰৰ তালিকাত শীৰ্ষৰ কুৰিখন দেশৰ মাজত স্থান লাভ কৰিছে কষ্টাৰিকা (১২) আৰু কুৱেইটে৷ পূব ইউৰোপৰ দেশ ছাৰ্বিয়া, বুলগেৰিয়া আৰু লাটভিয়াই তালিকাত নিজৰ স্থান উন্নীত কৰিছে৷
ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত হোৱা বিশ্বৰ সুখী দেশৰ সমীক্ষাত জীৱনৰ সন্তুষ্টিৰ দিশত কৰা স্ব-বিচাৰৰ মূল্যায়নৰ জৰিয়তে এই তালিকাখন তৈয়াৰ কৰা হয়৷ সেইক্ষেত্ৰত জীৱনৰ সন্তুষ্টি, জনমূৰি জিডিপি, সামাজিক সমৰ্থন, সু-স্বাস্থ্যৰ দীৰ্ঘজীৱন, উদাৰতা আৰু দুৰ্নীতিক কাৰক হিচাপে ধৰি মূল্যায়ন কৰা হয়৷
আফগানিস্তানে এইবাৰৰ তালিকাতো অন্তিম স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছে৷ আফগানিস্তানৰ ঠিক ওপৰত থাকি অসুখী জীৱন নিৰ্বাহ প্ৰতিফলিত কৰিছে কংগো, ছিয়েৰা লিয়ন, লেছ’থ’ আৰু লেবাননে৷ শীৰ্ষৰ ২০খন দেশ ক্ৰমে– ১) ফিনলেণ্ড, ২) ডেনমাৰ্ক, ৩) আইচলেণ্ড, ৪) ছুইডেন, ৫) ইজৰাইল, ৬) নেডাৰলেণ্ড্‌ছ, ৭) নৰৱে’, ৮) লাক্সেমবাৰ্গ, ৯) ছুইজাৰলেণ্ড, ১০) অষ্ট্ৰেলিয়া, ১১) নিউজীলেণ্ড, ১২) কষ্টাৰিকা, ১৩) কুৱেইট, ১৪) আষ্ট্ৰিয়া, ১৫) কানাডা, ১৬) বেলজিয়াম, ১৭) আয়াৰলেণ্ড, ১৮) চেক গণৰাজ্য, ১৯) লিথুৱানিয়া, ২০) ব্ৰিটেইন৷