Logo
image

সদ্‌গুৰু অসুস্থ, মস্তিষ্কৰ অস্ত্ৰোপচাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ মাৰ্চঃ মগজুৰ গুৰুতৰ ৰক্তক্ষৰণত আক্ৰান্ত হৈ আধ্যাত্মিক গুৰু সদগুৰু জাগি বাসুদেৱে চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে৷ মগজুৰ প্ৰৱল ৰক্তক্ষৰণ হোৱা সদ্‌গুৰুৰ দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালত যোৱা ১৭ মাৰ্চত অস্ত্ৰোপচাৰ সম্পন্ন হয়৷ তেওঁৰ শাৰীৰিক অৱস্থা সামান্য উন্নত হ’লেও এতিয়াও বিপদমুক্ত নহয়৷
     
৬৬ বছৰীয়া আধ্যাত্মিক গুৰুজনৰ ৰক্তক্ষৰণৰ মাত্ৰা ইমানেই প্ৰৱল আছিল যে তেওঁৰ শাৰীৰিক স্থিতিক প্ৰায় প্ৰাণঘাতী বুলি কোৱা হৈছে৷ সদগুৰুৰ আধ্যাত্মিক শিক্ষাৰ প্ৰতিষ্ঠান ঈশা ফাউণ্ডেশ্বনৰ পক্ষৰ পৰা বুধবাৰেহে তেওঁৰ অসুস্থতাৰ খবৰ প্ৰকাশ কৰা হৈছে৷ তেওঁলোকে জনোৱা অনুসৰি সদ্‌গুৰু সেইদিনা কোইম্বাটুৰৰ পৰা এটা অনুষ্ঠানত ভাগ ল’বলৈ দিল্লীলৈ আহিছিল৷ ১৪ মাৰ্চৰ পৰা প্ৰচণ্ড মূৰৰ বিষত ভুগি থকা সত্ত্বেও তেওঁ অনুষ্ঠানত ভাগ লয় আৰু বিয়লি গুৰুতৰভাৱে অসুস্থ অৱস্থাত ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালত ভৰ্তি কৰা হয়৷ চিকিৎসকৰ মতে তাৰ ৩-৪ সপ্তাহ পূৰ্বৰে পৰা সদ্‌গুৰুৰ মগজুৰ ৰক্তক্ষৰণ আৰম্ভ হৈছিল আৰু হাস্পতালত ভৰ্তি কৰাৰ সময়ত ৰক্তক্ষৰণৰ মাত্ৰা বৃদ্ধি পাইছিল৷ বিয়লি ৪.৩০ বজাত সদ্‌গুৰুৰ এমআৰআই কৰা হয় আৰু পৰিস্থিতি গুৰুতৰ হোৱাত জৰুৰীভাৱে মগজুৰ অস্ত্ৰোপচাৰ কৰা হয়৷ ডাঃ বিনীত জৈনৰ নেতৃত্বত চিকিৎসকৰ এটা দলে তেওঁৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে৷