Logo
image

সন্তান জন্ম দি বিপদত মুছেৱালা-মাতৃ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ মাৰ্চঃ ৫৮ বছৰ বয়সত সন্তান প্ৰসৱ কৰি বিপদত প্ৰয়াত পাঞ্জাবী শিল্পী সিদ্ধু মুছেৱালাৰ মাতৃ চৰণ কৌৰ৷ ইন ভিট্ৰ’ ফাৰ্টিলাইজেশ্বন চমুকৈ আই ডি এফৰ গাইডলাইন উলংঘন কৰি ৫৮ বছৰ বয়সত সন্তান জন্ম দিয়াৰ বাবেই এতিয়া কেন্দ্ৰীয় চৰকাৰৰ ৰোষত পৰিছে সিদ্ধু মুছেৱালাৰ পিতৃ-মাতৃ৷ সিদ্ধু মুছেৱালাৰ মাতৃ চৰণ সিঙে ৫৮ বছৰ বয়সত সন্তান প্ৰসৱ কৰা আই ভি এফ চেণ্টাৰৰ তথ্য বিচাৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে পঞ্জাব চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ উল্লেখ্য, পাঞ্জাবৰ যুৱ প্ৰজন্মৰ তাৰকা শিল্পী সিদ্ধু মুছেৱালাক ২০২২ চনত আঁততায়ীয়ে গুলীয়াই হত্যা কৰিছিল৷ মৃত্যুৰ সময়ত সিদ্ধু মুছেৱালাৰ বয়স আছিল ২৯ বছৰ৷ একমাত্ৰ সন্তানক হেৰুৱাই মানসিকভাৱে ভাগি পৰা সিদ্ধু মুছেৱালাৰ পিতৃ-মাতৃয়ে জীৱনৰ শেষ সময়ছোৱাৰ সাৰথি হোৱাৰ বাবে সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লৈছিল৷ কিন্তু সিদ্ধুৰ পিতৃৰ বয়স ৬০ বছৰ আৰু মাতৃৰ চৰণ সিঙৰ বয়স ৫৮ বছৰ হোৱাত তেওঁলোকে গৰ্ভধাৰণৰ বাবে ইন ভিট্ৰ’ ফাৰ্টিলাইজেশ্বন চমুকৈ আই ভি এফৰ চিকিৎসা পদ্ধতিৰ সহায় লয়৷ আই ভি এফ চিকিৎসাৰ জৰিয়তে সিদ্ধুৰ মাতৃয়ে ১৭ মাৰ্চত এটি পুত্ৰ সন্তান প্ৰসৱ কৰে৷ পুনৰ পিতৃত্বৰ গৌৰৱ হোৱাৰ কথা সিদ্ধুৰ পিতৃ বালকৌৰ সিঙে ছ’চিয়েল  মিডিয়া যোগে এখন ফটো পোষ্ট কৰি ৰাজহুৱা কৰে৷ কিন্তু এই ফটো ৰাজহুৱা কৰাৰ পাছতেই দেশজুৰি বিতৰ্কৰ সৃষ্টি হয়৷ কিয়নো আই ভি এফৰ নিয়ম অনুসৰি ৫০ বছৰ বয়সৰ ওপৰৰ মহিলাই উক্ত চিকিৎসা পদ্ধতিয়ে সন্তান প্ৰসৱ কৰাটো বেআইনী৷ যাৰ বাবে এতিয়া কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে গাইডলাইন উলংঘন কৰি সন্তান প্ৰসৱ কৰা মুছেৱালা পৰিয়াল আৰু বাথিণ্ডাৰ আই ভি এফ ক্লিনিকখনৰ তথ্য বিচাৰি পঞ্জব চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ এই পত্ৰৰ পাছতেই দেশবাসীৰ পৰা সহায় বিচাৰিছে সিদ্ধু মুছেৱালাৰ পিতৃয়ে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে পঞ্জাব চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰখনত চৰণ কৌৰৰ বয়স সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ পত্ৰত উল্লেখ কৰা হৈছে যে পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ মাতৃ চৰণ কৌৰে ৫৮ বছৰ বয়সত আইভিএফৰ জৰিয়তে এটা সন্তান জন্ম দিছে৷ সহায়ক প্ৰজনন প্ৰযুক্তি (নিয়ন্ত্ৰণ) আইন, ২০২১ৰ ২১(ছ) (i) ধাৰাত এই প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ এগৰাকী মহিলাৰ নিৰ্ধাৰিত বয়স ২১ৰ পৰা ৫০ বছৰৰ ভিতৰত হ’ব লাগে৷ এই বিষয়টোৰ তদন্ত কৰি এ আৰ টি (নিয়ন্ত্ৰণ) আইন, ২০২১ অনুসৰি গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতিবেদন প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে৷ ইয়াৰ পাছতেই সিদ্ধু মুছেৱালাৰ পিতৃ বালকৌৰ সিং সিদ্ধুৱে চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এটা ভিডিঅ’ মুকলি কৰি কয় যে– ‘পঞ্জাব চৰকাৰে মোক অহৰহ হাৰাশাস্তি কৰি আছে আৰু আমাৰ নৱজাতক পুত্ৰ সন্তান বৈধ হয় নে নহয় তাৰ প্ৰমাণ বিচাৰিছে৷ চৰকাৰৰ এই প্ৰশ্নই মোক মানসিকভাৱে ভাৰাক্ৰান্ত কৰিছে৷’ উল্লেখ্য, আই ভি এফক সাধাৰণতে টেষ্ট টিউব বেবী বা কৃত্ৰিম গৰ্ভাৱস্থা বুলিও কোৱা হয়৷ প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰিব নোৱাৰা মহিলাসকলৰ বাবে আই ভি এফ হৈছে গৰ্ভধাৰণৰ এক পদ্ধতি৷ আইভিএফ প্ৰযুক্তিৰ জৰিয়তে ৬০, ৭০, ৮০ বছৰ বয়সতো সন্তান জন্ম দিব পাৰে৷ কিন্তু ভাৰতৰ নিয়ম অনুসৰি মহিলাই ৫০ বছৰ বয়সৰ পাছত সন্তান জন্ম দিয়াৰ অনুমতি নাই৷ আনহাতে, পুৰুষসকলে এই ব্যৱস্থাৰে ৫৫ বছৰলৈকে পিতৃ হ’ব পাৰে৷