Logo
image

কামৰ সময়ত গান শুনাৰ অভ্যাস ভাল নে বেয়া

বহুতে কামৰ মাজে মাজে গান শুনিবলৈ পছন্দ কৰে৷ কিছুমানে গান শুনি কাম কৰিলে প্ৰেৰণা পায়, আন কিছুমানৰ ক্ষেত্ৰত আকৌ গান শুনাৰ অভ্যাসে কামত মনোযোগ বঢ়ায়৷ ইয়াৰ বিপৰীতে কিছুমানৰ আকৌ কামৰ সময়ত গান বাজিলে মনোযোগ বাধাগ্ৰস্ত হয়৷ পিছে গৱেষণা মতে, কামৰ সময়ত গান শুনিলে কামৰ ক্ষেত্ৰত উপকাৰ পোৱা যায়৷ অৱশ্যে কেনে ধৰণৰ কামৰ ক্ষেত্ৰত গান শুনিবলৈ বিচাৰে, সেয়া তাৰ ওপৰতহে নিৰ্ভৰ কৰে৷
গৱেষণাত পোৱা তথ্যমতে কামৰ সময়ত আনন্দদায়ক গান শুনিলে ভাল চিন্তা কৰাত সহায় হয়৷ লগতে সৃষ্টিশীল কামত গতি বাঢ়ে৷
যিসকলে হিচাপজনিত কাম-কাজ কৰে, তেওঁলোকৰ ক্ষেত্ৰত কামৰ সময়ত গান শুনাৰ অভ্যাস সুবিধাজনক নহয়৷ কিয়নো হিচাপজনিত কামত গান শুনাৰ অভ্যাসে হিচাপ মিলোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে৷
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মায়ামী বিশ্ববিদ্যালয়ৰ এদল গৱেষকৰ মতে যিসকলে কামৰ সময়ত গান শুনে, তেওঁলোকে আনতকৈ বেছি ক্ষিপ্ৰতাৰে কাম শেষ কৰিব পাৰে৷
গৱেষকৰ দলটোৱে এইবুলিও উল্লেখ কৰিছে যে কাম কৰাৰ সময়ত অৱশ্যে সঠিক গান নিৰ্বাচন কৰি ল’ব লাগে৷ যেনে– কোনোবাই যদি অচিনাকি গান বা অচিনাকি সুৰ শুনে, তেনেহ’লে কামৰ গতি বঢ়াৰ সলনি হ্ৰাসহে পায়৷ কিয়নো অচিনাকি সুৰ বা গানে কামত মনোযোগ দিয়াত বাধাৰ সৃষ্টি কৰে৷
যিসকলে গান শুনি শুনি কাম কৰে, তেওঁলোকলৈ মায়ামী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে নিম্নস্বৰত আৰু প্ৰাকৃতিক শব্দ ব্যৱহাৰ হোৱা গান শুনিবলৈ পৰামৰ্শ আগবঢ়াইছে৷
গৱেষকসকলৰ মতে যিসকলে কৰ্মক্ষেত্ৰত গান শুনিবলৈ পছন্দ কৰে, তেওঁলোকে কাৰ্যালয়ত প্ৰৱেশ কৰাৰ আগে আগে গান শুনা উচিত৷ তদুপৰি কৰ্মক্ষেত্ৰত গান শুনিবলৈ বিচৰাসকলক বিৰতিৰ সময়তহে গান শুনিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ গৱেষকৰ দলটোৰ মতে আচলতে গানে ভিন্‌ ভিন্‌ মানুহৰ ক্ষেত্ৰত ভিন্‌ ভিন্‌ ধৰণে প্ৰভাৱিত কৰে৷