Logo
image

গুৱাহাটী প্ৰদূষিত নেকি!

ছুইজাৰলেণ্ডৰ এটা ব্যক্তিগত সংস্থাৰ (আই কিউ এয়াৰ) ২০২৩ বৰ্ষৰ বিশ্বৰ বায়ু-গুণাগুণ সমীক্ষা প্ৰতিবেদন এখনে আমাৰ গুৱাহাটীত, বিশেষকৈ সামাজিক মাধ্যমযোগে কিছু চিন্তা-চৰ্চা, তৰ্ক-বিতৰ্কত  অৰিহণা যোগাইছে৷ সংস্থাটোৱে বিশ্বৰ ১৩৪খন দেশৰ ৭,৮১২খন ঠাইৰ ৩০,০০০ বায়ু গুণাগুণ নিৰীক্ষণ কেন্দ্ৰত ‘বিজ্ঞানী’ৰ দ্বাৰা পৰীক্ষা-নিৰীক্ষা চলাই প্ৰদূষিত ঠাই তথা প্ৰদূষণৰ মাত্ৰা হিচাপ কৰি উলিয়াইছে আৰু প্ৰতিবেদনত সেইবোৰ প্ৰকাশ কৰিছে৷ এই কাম কৰোঁতে সংস্থাটোৱে বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিয়া পৰিসীমাক ‘মাপক’ হিচাপে লৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মাপক অনুসৰি বায়ুমণ্ডলত থাকিবলগীয়া পাৰ্টিকুলেট মেটাৰ বা বস্তুকণাৰ কেন্দ্ৰীভূতকৰণ যেতিয়া বাঢ়িবলৈ ধৰে, তেতিয়াই বায়ুমণ্ডলক প্ৰদূষিত কৰে৷ এই মাপকক মান হিচাপে লৈয়েই ছুইজাৰলেণ্ডৰ সংস্থাটোৱে গুৱাহাটীক বিশ্বৰ দ্বিতীয় প্ৰদূষিত চহৰ বুলি তালিকাভুক্ত কৰিছে৷ এই তালিকাত ভাৰতৰ ৮৩খন চহৰ প্ৰদূষিত বুলি চিনাক্ত হৈছে, য’ত প্ৰদূষণৰ মাত্ৰা নিৰ্ধাৰিত মানতকৈ দহগুণ বা তাতোকৈ অধিক বুলি কোৱা হৈছে৷ বিহাৰৰ বেগুচৰাই নামৰ চহৰখন আছে তালিকাৰ প্ৰথম স্থানত, য’ত নিৰ্ধাৰিত সীমাতকৈ ২৩ গুণ অধিক বস্তুকণা কেন্দ্ৰীভূত হোৱা বুলি কোৱা হৈছে৷ সংস্থাটোৰ প্ৰতিবেদনমতে, বিশ্বৰ মাথোন সাতখন দেশহে এই প্ৰদূষণ মাত্ৰাৰ বাহিৰত থাকিবলৈ সক্ষম হৈছে৷ ধোঁৱা, ধূলি, ঔদ্যোগিক নিৰ্গমনৰ স্ফুলিংগ আদিৰে গঠিত বস্তুকণাৰে প্ৰদূষিত দেশবোৰৰ প্ৰথম তিনিটা স্থানত থকা দেশকেইখন হৈছে বাংলাদেশ, পাকিস্তান আৰু ভাৰত৷ প্ৰথম দহটা স্থানত থকা সৰ্বাধিক প্ৰদূষিত চহৰ কেইখন হৈছে চেণ্ট্ৰেল আৰু দক্ষিণ এছিয়াৰ৷ কোৱা হৈছে এই প্ৰদূষণে ঘাতকৰ কাম কৰে, কিয়নো, ই এজ্‌মা, হৃদৰোগ, শ্বাসৰোগ, কেন্সাৰ আৰু শিশুসকলৰ বিভিন্ন ৰোগৰ কাৰক হিচাপে চিহ্নিত হৈছে৷ এনে সমীক্ষা-প্ৰতিবেদনত কোনো কোনোৱে চিন্তিত হোৱাৰ বিপৰীতে একাংশই ষড়যন্ত্ৰৰ ইংগিত পাইছে৷ তেওঁলোকৰ মতে এই বিদেশী সংস্থাটোৱে নিজৰ ব্যৱসায়িক লাভৰ লক্ষ্য আগত ৰাখি উদ্দেশ্য প্ৰণোদিতভাৱে এনে প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু ভাৰতৰ দৰে দেশবোৰক ‘টাৰ্গেট’ হিচাপে লৈছে৷ এনে উচ্ছস্তৰীয় (?) ব্যৱসায়িক কূট বুদ্ধিবোৰ অৱশ্যেই একেআষাৰে উৰুৱাই দিব নোৱাৰি৷ ৰাজনীতিৰ দৰে সৰ্বসাধাৰণৰ স্বাস্থ্য-শিক্ষা-মানসিক সন্তুষ্টি, জীৱন-প্ৰণালীৰ মান আদিৰ সৈতে জড়িত দ্ৰব্য বা সেৱাৰ ব্যৱসায়বোৰতো চক্ৰান্তযুক্ত কূটনীতি সোমাই থাকে৷ বজাৰ দখলৰ লক্ষ্যেৰে নীতিহীন ব্যৱসায় কৰা অনেক নামী-দামী ব্যৱসায়িক গোষ্ঠীৰে পৃথিৱী ভৰি আছে৷ একো নভৱা-নিচিন্তাকৈ আমি এনে ষড়যন্ত্ৰৰ বলি হৈয়েই আছোঁ৷ গতিকে, ‘আই-কিউ-এয়াৰ’ৰ প্ৰতিবেদনকো আমি এনেদৰে সন্দেহৰ আৱৰ্তলৈ আনিব পাৰোঁ৷ পিছে, প্ৰতিবেদন কেৱল এইখনেই নহয় আৰু অনেক আছে৷ তাৰে এখন হৈছে হেলচিংকিস্থিত ‘চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনাৰ্জি এণ্ড ক্লীন এয়াৰ’ নামৰ সংস্থাটোৰ ২০২৩ বৰ্ষৰ প্ৰতিবেদনখন৷ এইখনত মেঘালয়ৰ বৰ্ণিহাট (যি গুৱাহাটীৰেই সমীপৱৰ্তী)ক ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰ আখ্যা দিয়া হৈছে৷ এইখন প্ৰতিবেদনত বেগুচৰাই আছে দ্বিতীয় স্থানত৷ তেনেদৰে দিল্লীৰ সমীপৱৰ্তী নয়দা তৃতীয় স্থানত তালিকাভুক্ত হৈছে৷ এতিয়া কথা হ’ল, এইবোৰ সমীক্ষা-প্ৰতিবেদনৰ অন্তৰালত আমাক হেয় প্ৰতিপন্ন কৰাৰ বা প্ৰবঞ্চনাৰে গ্ৰাহক সজোৱাৰ বা ‘দাস’ সজোৱাৰ যিয়েই উদ্দেশ্য নিহিত হৈ নাথাকক কিয়, প্ৰকৃততে এনেবোৰ তথ্যৰ সত্যাসত্য নিৰূপণ কৰাটো আমাৰ কৰণীয় হোৱাটো উচিত নহ’বনে? আন যিয়েই নোবোলক, আমি নিজে প্ৰদূষণৰ একো উমান পোৱা নাইনে? আমাৰ নিজৰ দেশৰ নিজা চৰকাৰৰ মন্ত্ৰণালয়ৰ সমীক্ষাই আমাক কি স্থানত ৰাখিছে চোৱা যাওঁক৷ প্ৰদূষণৰ অন্যতম মূল কাৰক পৰিচ্ছন্নতাৰ সমীক্ষা চলোৱা ভাৰত চৰকাৰৰ হাউচিং এণ্ড আৰবান এফেয়াৰ্চ মন্ত্ৰণালয়ৰ ‘স্বচ্ছ সৰ্বেক্ষণ’ৰ ২০২৩ বৰ্ষৰ প্ৰতিবেদনত দেশৰ ৪৪৬খন চহৰৰ ভিতৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ তালিকাত গুৱাহাটী ৪০২ নম্বৰ স্থানতহে অভিষিক্ত হৈছে৷ কোৱা হৈছে গুৱাহাটীৰ ৮০ শতাংশ আৱাসিক আৰু বজাৰ এলেকাই লেতেৰা৷ চহৰখনৰ মাথোন ৪৬ শতাংশ জাবৰহে নিগমে দৈনিক সংগ্ৰহ কৰিব পাৰে আৰু মাথোন ৩ শতাংশহে উৎসতহে ভাগ ভাগকৈ থোৱা হয়৷ আকৌ, কোৱা হৈছে চহৰখনৰ মাথোন ১৫ শতাংশ ৰাজহুৱা টয়লেটহে পৰিষ্কাৰকৈ পোৱা গৈছে৷ পৰিচ্ছন্নতাৰ ৯,৫০০ নম্বৰৰ ভিতৰত সেই প্ৰতিবেদনত গুৱাহাটীক ২০১৪.৪০ নম্বৰ দিয়া হৈছিল৷ এতিয়া, আমি লোকে লেতেৰা-প্ৰদূষিত আদি বুলি কোৱাত খং কৰিম, ষড়যন্ত্ৰৰ গোন্ধ বিচাৰিম, নে কথাবোৰ চালিজাৰি চাই, নিগম-নিকায়ত স্তূপীকৃত হৈ থকা ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সকীয়নিবোৰলৈ চাই যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে উঠিপৰি লাগিম?  ‘বল এতিয়া আমাৰ হাতত!’