Logo
image

ধোনিয়ে চেন্নাইৰ অধিনায়কত্ব তুলি দিলে ঋতুৰাজৰ হাতত

নতুন দিল্লী, ২২ মাৰ্চঃ আইপিএলৰ ৰোমাঞ্চকৰ যুঁজৰ বাবে অনুৰাগীসকলে অপেক্ষা কৰি থকাৰ সময়তে বৃহস্পতিবাৰে আহিল এটা অপ্ৰত্যাশিত খবৰ৷ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব লগা আইপিএলত চেন্নাই ছুপাৰ কিংছৰ নেতৃত্বত দেখা পোৱা নাযাব মহেন্দ্ৰ সিং ধোনিক৷ নতুনৰ বাবে বাট এৰি দিলে ধোনিয়ে৷ আইপিএলৰ ১৭সংখ্যক সংস্কৰণত চেন্নাই ছুপাৰ কিংছৰ নেতৃত্বত দেখা যাব ঋতুৰাজ গাইকোৱাড়ক৷ প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ মাত্ৰ এটা দিন পূৰ্বে অধিনায়ক সলনিৰ কথা ঘোষণা কৰি চেন্নাই ছুপাৰ কিংছে অনুৰাগীসকলক অবাক কৰি দিয়ে৷ ধোনিৰ স্থানত ঋতুৰাজক অধিনায়ক নিযুক্তি দিয়াৰ কথা ‘এক্স’যোগে বৃহস্পতিবাৰে প্ৰকাশ কৰে চিএছকেই৷ ভাৰতীয় ক্ৰিকেট দলক ৬খন এদিনীয়া আৰু ১৯খন টি-টুৱেণ্টীত প্ৰতিনিধিত্ব কৰা ঋতুৰাজৰ চিএছকেৰ হৈ অভিষেক ঘটিছিল ২০২০ চনত৷ তেতিয়াৰ পৰা খেলুৱৈজনে পাঁচবাৰৰ আইপিএল চেম্পিয়ন দলটোক ৫২খন মেচত প্ৰতিনিধিত্ব কৰিছে৷ তাৰকা অ’পেনাৰজনে যোৱা বছৰ ১৬খন মেচত সংগ্ৰহ কৰিছিল ৫৯০ ৰান৷ ছীজনৰ অন্তত ধোনিয়ে আইপিএলৰ পৰা অৱসৰ ঘোষণাৰ সম্ভাৱনা আছে৷ সেয়েহে ধোনিৰ উপস্থিতিতে এজন অধিনায়ক গঢ়ি তোলাৰ সিদ্ধান্ত ল’লে চিএছকেই৷ উল্লেখ্য, ২৭ বৰ্ষীয় ঋতুৰাজে দীৰ্ঘদিন ধৰি দলক নেতৃত্ব দিব পাৰিব৷ তেওঁৰ ঘৰুৱা ক্ৰিকেটত নেতৃত্ব দিয়াৰ অভিজ্ঞতা আছে৷ এছিয়ান গেম্‌ছতো তেওঁ জাতীয় দলক নেতৃত্ব দিছিল৷ ২০২২ চনত প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগেয়ে ৰবীন্দ্ৰ জাদেজাক চেন্নাইৰ নেতৃত্ব দিয়া হৈছিল৷ কিন্তু অধিনায়ক হিচাপে জাদেজা ব্যৰ্থ হোৱাৰ পাছত পুনৰ নেতৃত্বলৈ ধোনিক ওভতাই অনা হৈছিল৷ ঋতুৰাজে চিএছকেক কিদৰে আগুৱাই নিয়ে সেয়া লক্ষণীয় হ’ব৷