Logo
image

আম্বানিৰ চিৰিয়াখানাত দেহক পানী কৰি সেৱা আগবঢ়াইছে অসম চৰকাৰৰ পশু চিকিৎসকে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ মাৰ্চ : অসমৰ পৰা সংগোপনে সৰবৰাহ কৰা দুষ্প্ৰাপ্য বন্য জীৱ-জন্তুৱে এতিয়া শুৱনি কৰিছে ৰিলায়েঞ্চৰ চিৰিয়াখানা৷ এটা-দুটা নহয়, মাত্ৰ এটা বছৰতে ৰাজ্যবাসীক অন্ধকাৰত ৰাখি অসমৰ পৰা সৰ্বমুঠ ৬৬ টা দুষ্প্ৰাপ্য বন্য-জীৱ-জন্তু নিয়া হ’ল বিশ্বৰ অন্যতম ধনকুবেৰ মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানিৰ মালিকানাধীন গুজৰাটৰ জামনগৰস্থিত গ্ৰীন্‌ছ জুল’জিকেল ৰেছকিঅ’ এণ্ড দ্যা ৰিহিবিলিটেশ্বন কিংডম চিৰিয়াখানালৈ৷ অনন্ত আম্বানিয়ে ‘বনতৰা’ নাম দিয়া ৰিয়ালেঞ্চ গ্ৰপৰ চিৰিয়াখানালৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বিগত এটা বছৰত এই সমূহ দুষ্প্ৰাপ্য জীৱ-জন্তু সৰবৰাহৰ কথা প্ৰকাশ পাইছে গ্ৰীন্‌ছ চিৰিয়াখানাৰ বাৰ্ষিক প্ৰতিবেদনত৷ উল্লেখ্য, আম্বানি পৰিয়ালে কনিষ্ঠ পুত্ৰ অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেণ্টৰ বাগ্‌দান অনুষ্ঠানৰ লগত সংগতি ৰাখি ইতিপূৰ্বে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে বিশ্ববাসীৰ সন্মুখত ‘বনতৰা’ চিৰিয়াখানাক পৰিচয় কৰাই দিছে৷ গুজৰাটৰ জামানগৰৰ তৈল শোধনাগাৰাৰ গ্ৰীন বেল্ট এলেকাত ৩ হাজাৰ একৰ ভূমি সামৰি নিৰ্মাণ কৰা চিৰিয়াখানাখনত ইতিমধ্যে অসমৰ গৌৰৱ আৰু আৱেগৰ প্ৰতীক বিশ্ব প্ৰসিদ্ধ এশিঙীয়া গড়ে জলকেলি কৰা দেখা গৈছে৷ গ্ৰীন্‌ছ চিৰিয়াখানাই প্ৰকাশ কৰা ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি উক্ত বৰ্ষটোত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা এহাল গঁড়কে ধৰি মুঠ ৬৬ টা দুষ্প্ৰাপ্য জীৱ-জন্তু লাভ কৰিছিল৷ কিন্তু এইসমূহ জীৱ-জন্তুৰ বিপৰীতে অসম ৰাজ্যিক চিৰিয়াখানাই কি লাভ কৰিছিল তাৰ কোনো তথ্য উল্লেখ কৰা নাই প্ৰতিবেদনখনত৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি ২০২২ চনৰ ১১ ডিচেম্বৰত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ৰিলায়েঞ্চে লাভ কৰিছিল কাজিৰঙাৰ বিখ্যাত এটা মতা আৰু এজনী মাইকী গঁড়৷ অসমৰ গৌৰৱ এহাল গঁড় ৰিলায়েঞ্চৰ হাতত তুলি দিয়াৰ ঠিক এমাহ পূৰ্বে অৰ্থাৎ ২০২২ চনৰ ৭ নৱেম্বৰত এটা নিশাই ৰাজ্যিক চিৰিয়াখানাৰ পৰা অৰ্ধশতাধিক দুষ্প্ৰাপ্য বান্দৰ, কাছ, কেংগাৰু প্ৰেৰণ কৰা হৈছিল জামনগৰলৈ৷ গ্ৰীন্‌ছ চিৰিয়াখানাৰ প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি উক্ত দিনটোত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ১৭টা দুষ্প্ৰাপ্য আফ্ৰিকান প্ৰজাতিৰ কাছ, এটা মাইকী বাৰ্ডেড কাপুটিন, এটা মতা বেন্নেট্‌ছ ট্ৰী কেংগাৰু, এহাল ব্লেক ক্ৰেষ্টেড মাংগাবে’, ৬টা বুটেড মাকাক, ৰটা ডে ব্ৰাজাছ মাংকী, ২টা ইউৰোপিয়ান হেডজেহগ, চ্ছ্ৰজনী হেক্‌ছ মাকাক, ৩টা ইণ্ডোচাইনিজ ছিলভাৰ্ড লাংগুৰ, এজনী ক্লছ গিবন, এটা লাৰ গিবন, ২টা মতা আৰু ২টা মাইকী লিছাৰ স্পট ন’জ্‌ড গুৱেনন, এটা মীৰকাট, ৫ টা মতা আৰু ৩টা মাইকী মূৰ মাকাক, এজনী পিলেটেড গিবন, এটা ৰেড টেইলড গুৱেনন, এটা মতা আৰু ৪টা মাইকী টংকিন মাকাক, ২টা মাইকী হোৱাইট থ্ৰ’টেড গুৱেনন লাভ কৰিছিল৷ ইয়াৰোপৰি ২০২৩ চনৰ ১৫ মাৰ্চত এহাল আছামিজ মাকাক ৰিলায়েঞ্চৰ চিৰিয়াখানাই নাগালেণ্ডৰ পৰা সৰবৰাহ কৰিছি৷ আ(ৰ্যজনক বিষয়টো অসমৰ এনে এশিঙীয়া গঁড়ৰ লগতে বিভিন্ন সময়ত আৰক্ষী আৰু বন বিভাগৰ হাতত জব্দকৃত দুষ্প্ৰাপ্য কাছ, কেংগাৰু, বান্দৰ আদি আম্বানি চিৰিয়াখানাই সৰবৰাহ কৰাতে ক্ষান্ত নাথাকি অসম চৰকাৰৰ একাংশ বন বিষয়া আৰু পশু চিকিৎসকো গ্ৰীন্‌ছ চিৰিয়াখানাত নিয়োগ কৰি ৰাখিছে জামনগৰত৷ পদ্মশ্ৰী সন্মানপ্ৰাপক হস্তী বিশেষজ্ঞ ডাঃ কুশল কোঁৱৰ শৰ্মাই কিদৰে গুজৰাটৰ জামনগৰলৈ গৈ হাতীক চিকিৎসা প্ৰদান কৰিছে, সেই সন্দৰ্ভত ‘আমাৰ অসম’ত সবিস্তাৰে প্ৰকাশ পোৱাৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চিকিৎসকজনে নিজেই সেই কথা ব্যক্ত কৰা দেখা গৈছে৷ অসম চৰকাৰৰ চিকিৎসকজনে শ শ মাইল আঁতৰৰ আম্বানিৰ চিৰিয়াখানাত এতিয়া দেহক পানী কৰি সেৱা আগবঢ়াইছে৷ অসমৰ এইজন চিকিৎসকৰ উপৰি ৰাজ্যিক চিৰিয়াখানাৰ প্ৰাক্তন কৰ্মচাৰী ডাঃ বিজয় গগৈ আৰু পৰীক্ষিত কাকতিয়ে আম্বানিৰ চিৰিয়াখানাৰ হৈ কাম কৰাৰো অভিযোগ আছে৷ কেৱল অসম চৰকাৰৰ চিকিৎসকেই নহয়, ৰাজ্যৰ বন বিভাগৰ কেইবাজনো শীৰ্ষ আই এফ এছ বিষয়াই আম্বানি চিৰিয়াখানাৰ বাবে দিন ৰাতি একাকাৰ কৰাৰ অভিযোগ উঠিছে৷ অসম চৰকাৰৰ বন বিভাগৰ ৬ জন শীৰ্ষ বিষয়াই ইতিপূৰ্বে চৰকাৰী খৰচত আম্বানিৰ চিৰিয়াখানা পৰিদৰ্শন কৰি দিহা পৰামৰ্শ দিয়াও দেখা গৈছে৷ গ্ৰীন্‌ছ চিৰিয়াখানাৰ বাৰ্ষিক প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি বিগত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ ৫ শীৰ্ষ বন বিষয়া ক্ৰমে ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ’ অশ্বীনি কুমাৰ, গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ জয়শ্ৰী নাইডুং, কাছাৰৰ ডি এফ অ’ তেজাছ মহেশ্বৰী, ডিব্ৰুগড়ৰ ডি এফ অ’ সন্দীপ বেন্দি আৰু কামৰূপ [পূব] ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই গ্ৰীনছ চিৰিয়াখানা পৰিদৰ্শন কৰি পৰিচালনাৰ পৰা জীৱ-জন্তুৰ সুৰক্ষালৈ সকলো দিশ পৰীক্ষা কৰিছিল৷ অসম চৰকাৰৰ শীৰ্ষ বন বিষয়াকেইজনে গ্ৰীনছ কতৃৰ্পক্ষক প্ৰশংসাৰে উপচাই পেলাই বুলিও প্ৰকাশ পাইছে বনতৰাৰ বাৰ্ষিক প্ৰতিবেদনখনত৷ নক’লেও হ’ব যে অসম চৰকাৰৰ বন বিষয়াৰ এই দলটোৱে জামনগৰ ভ্ৰমণ কৰাৰ পাছতেই অসমৰ পৰা আৰু একাধিক বন্য জীৱ-জন্তু ৰিলায়েঞ্চৰ চিৰিয়াখানালৈ সৰবৰাহ কৰা হৈছিল৷ এই লৈ কেইবাটাও প্ৰকৃতি প্ৰেমী সংগঠনে প্ৰতিবাদো কৰিছিল৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন উঠিছে আম্বানিৰ চিৰিয়াখানালৈ অসমৰ পৰা আৰু আন কি কি  জীৱ-জন্তু প্ৰেৰণ কৰিব পাৰি তাৰেই  বুজ লৈছিল অসমৰ বন বিষয়াৰ দলটোৱে? ইয়াৰোপৰি অসম চৰকাৰৰ বোকাখাতস্থিত বনপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ জ্যেষ্ঠ পৰিচালক ডাঃ ৰথীন বৰ্মনেও ৰিলায়েঞ্চৰ চিৰিয়াখানা পৰিদৰ্শন কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে৷ লক্ষণীয় বিষয়টো হৈছে আৰক্ষী তথা বন বিভাগে জব্দ কৰা দুষ্প্ৰাপ্য প্ৰজাতিৰ জীৱসমূহক ৰাজ্যিক চিৰিয়াখানাত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দৰ্শক-পৰ্যটকৰ সঁহাৰি বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছিল যদিও আম্বানি পৰিয়ালৰ স্বাৰ্থতেই এতিয়া অসম চৰকাৰে যেন সেই সুযোগৰ সৎ ব্যৱহাৰ নকৰিলে৷ দ্বিতীয়তে গীন্‌ছ চিৰিয়াখানালৈ বংশবৃদ্ধিৰ বাবে কাজিৰঙাৰ এহাল গঁড় প্ৰেৰণ কৰাত ভৱিষ্যতে উক্ত গঁড়ৰ বংশবৃদ্ধি হ’লে কাজিৰঙাৰ গঁড়ে গৌৰৱ হেৰুওৱাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰত ৰাজহ হেৰুৱাৰো উপক্ৰম ঘটিছে৷ কিয়নো দেশী-বিদেশী পৰ্যটকে কাজিৰঙাৰ পৰিৱৰ্তে আম্বানিৰ চিৰিয়াখানাত অসমৰ দৰ্শন কৰি উভতি যোৱাৰ সম্ভৱনাই অধিক৷ একাংশ পৰিৱেশবিদে অভিযোগ কৰা অনুসৰি অসমৰ জলবায়ুৰ তুলনাত গুজৰাটত গৰমৰ মাত্ৰা অধিক৷ তেনেস্থলত উৎকট গৰমে দহি থকা জামনগৰৰ জলবায়ু অসমৰ গঁড় দুটাৰ বাবে কিমান সুবিধাজনক তাকলৈয়ো প্ৰশ্ন উত্থাপন কৰিছে৷