Logo
image

আঁঠুৰ বিষৰ পৰা হাত সাৰিবলৈ এইকেইটা অভ্যাস ত্যাগ কৰক

কৰ্মব্যস্ত জীৱনৰ বেছিভাগ সময় লেপটপ বা কম্পিউটাৰত বহি কাম কৰিবলগীয়া হয়৷ এনে কাৰণতে আঁঠুৰ বিষত আক্ৰান্ত হ’ব পাৰে৷ 

আঁঠুৰ বিষৰ পৰা মুক্ত হ’বলৈ কেইটামান অভ্যাস ত্যাগ কৰিব লাগিব৷ 

1/ দীৰ্ঘ সময় ধৰি একে ঠাইতে বহি কাম কৰাৰ অভ্যাস ত্যাগ কৰক৷ 

কেতিয়াও একেলেথাৰিয়ে একেখন চকীত বহি কাম কৰি থাকিব নালাগে৷  

2/ ওজন হ্ৰাস : ওজন বৃদ্ধি পালেও আঁঠুৰ বিষ হ’ব পাৰে৷ কেতিয়াও ওজন বৃদ্ধি হ’বলৈ দিব নালাগে৷ নিয়মিত শৰীৰ চৰ্চা, পৰিমিত খাদ্য গ্ৰহণ কৰক যাতে ওজন বৃদ্ধি নহয়৷ 

3/ সুষম আহাৰ গ্ৰহণ : আঁঠুৰ বিষ থাকিলে খাদ্য তালিকাত প্ৰোটিন আৰু ফাইবাৰ জাতীয় খাদ্য ৰাখিব লাগে৷ 

ছডিয়ামজাতীয় খাদ্য গ্ৰহণ কৰিব নেলাগে৷ গাঁঠিৰ বিষত ছডিয়ামযুক্ত আহাৰ উপযোগী নহয়৷ আঁঠুৰ বিষত আক্ৰান্ত হ’লে চিকিৎসকৰ কাষ চাপিব লাগে৷