Logo
image

লেভেল প্লেয়িং ফিল্ড

খেলপথাৰখন যদি এঢলীয়া হয়, তেনেহ’লে ঢালটোৰ ওপৰৰ ফালে থকা দলটোৰ সুবিধা হ’ব; আনফালে আনটো দলৰ অসুবিধা হ’ব৷ কাৰণ দলটোৰ খেলুৱৈসকলে অনবৰত ওপৰৰ ফালে দৌৰিব লাগিব, তেওঁলোকৰ কষ্ট বেছি হ’ব, ভাগৰ লাগিব৷ আনটো দলে খেলপথাৰখন এঢলীয়া হোৱাৰ বাবে সুবিধাজনক স্থিতিত থাকিব৷ গতিকে প্ৰকৃত নিৰপেক্ষ প্ৰতিদ্বন্দ্বিতা হ’বলৈ হ’লে খেলপথাৰখন সমান হ’ব লাগিব বা খেলপথাৰখনৰ বাবে এটা দলে অধিক সূচল স্থানত থাকিব নালাগিব৷ সুস্থ নিৰপেক্ষ প্ৰতিদ্বন্দ্বিতাৰ বাবে সেয়েহে প্ৰথম আৰু প্ৰধান প্ৰয়োজন হ’ল এখন লেভেল প্লেয়িং ফিল্ডৰ৷ 

ৰাতিপুৱা উঠিয়েই ঘৰৰ কামত লাগিব লগীয়া হোৱা ছোৱালীজনীয়ে, কেঁচুৱা নিচুকাব লগা হোৱা ছোৱালীজনীয়ে পুৱাই উঠিয়েই পঢ়াৰ টেবুলত বহিব পোৱা ভায়েকটোতকৈ বা আন এজনী পুৱাই কামত নালাগি পঢ়াৰ টেবুলত বহাৰ সুযোগ পোৱা ছোৱালীতকৈ যদি পঢ়াত বেয়া ফল দেখুৱাই তাৰ বাবে সেই ছোৱালীজনীৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন কৰাতকৈ আগতে তাই যে এখন লেভেল প্লেয়িং ফিল্ড পোৱা নাই সেই কথা বিবেচনা নকৰিলে তাইৰ প্ৰতি অন্যায় কৰা হ’ব৷ এখন লেভেল প্লেয়িং ফিল্ড যোগান ধৰাৰ সিদ্ধান্তৰেই ভাৰতত পিছপৰা শ্ৰেণীৰ বাবে অনুসূচীত জাতি-জনজাতি তথা অন্যান্য পিছপৰা জাতি, ষষ্ঠ অনুসূচী আদি ধাৰণাৰ সৃষ্টি হৈছে৷ উচ্ছ বৰ্ণৰ লোকসকলে হাজাৰ বছৰ ধৰি এখন অসম পথাৰত খেলি সামাজিক প্ৰতিপত্তি স্থাপন কৰিছে৷ গতিকে এতিয়া সেই হাজাৰ বছৰীয়া অসম পথাৰখনক সমান কৰিবলৈ হ’লে প্ৰথমতে পিছপৰাসকলক অকণমান বেছি সুবিধা দিব লাগিব৷ তেওঁলোকৰ ক্ষেত্ৰত নিয়ম-নীতি অলপ শিথিল কৰি দিব লাগিব৷ পঢ়াৰ টেবুলত বহিবলৈ সুবিধা নোপোৱা ছোৱালীজনীক, বাপেকৰ সৈতে শ্ৰমিকৰ কাম কৰিবলৈ যোৱা লৰাটোক প্ৰতিযোগিতাৰ ক্ষেত্ৰত অকণমান ৰেহাই দিব লাগিব, যাতে সুবিধাজনক স্থিতিত থকাসকলক তেওঁলোকে লগ ধৰিব পাৰে৷ অন্যথাই তেওঁলোক সদায় পিছ পৰি থাকিব৷ এই অতিৰিক্ত সুযোগ-সুবিধাখিনিয়েহে তেওঁলোকক এখন লেভেল প্লেয়িং ফিল্ড দিব পাৰে৷ 

এমাহৰ পাছতে ভাৰতৰ ১৮ সংখ্যক সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ নিৰ্বাচনৰ দিন ঘোষণা কৰি নিৰ্বাচন আয়োগে কৈছে যে সকলো প্ৰতিদ্বন্দ্বীৰ বাবে এখন লেভেল প্লেয়িং ফিল্ডৰ যোগান ধৰা নিৰ্বাচন আয়োগৰ কৰ্তব্য আৰু এইক্ষেত্ৰত আয়োগে অতি তীক্ষ্ণ দৃষ্টি ৰাখিব৷ অৰ্থাৎ সকলো দলে, সকলো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সমান সুযোগ পাব৷ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগসমূহৰ এটা প্ৰধান অভিযোগ হ’ল যে বিজেপি চৰকাৰে গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ স্বাধীনতা হৰণ কৰি নিজৰ মতে চলোৱাৰ চেষ্টা চলাইছে৷ আয়কৰ, এনফৰ্চমেণ্ট ডাইৰেক্টৰৰ দৰে ক্ষমতাশালী অনুষ্ঠানবোৰক বিজেপিয়ে বিৰোধী দলক ধৰাশায়ী কৰাৰ বাবে ব্যৱহাৰ কৰা বুলি মুকলি অভিযোগ উত্থাপন হৈ আছে৷ একেদৰে নিৰ্বাচন আয়োগকে বিজেপি চৰকাৰে নিজৰ নিয়ন্ত্ৰণাধীন কৰিবলৈ চেষ্টা চলাই থকা বুলিও মুকলি অভিযোগ উঠিছে৷ একেদৰে দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হোৱাৰ পাছত বিজেপিত যোগদান কৰাৰ লগে লগে দুৰ্নীতিগ্ৰস্ত ৰাজনীতিকৰ সকলো দোষ নিমিষতে অন্তৰ্ধান হোৱাৰ বহু উদাহৰণ আছে৷ শেহতীয়াকৈ ইলেক্টৰেল বণ্ড উচ্ছতম ন্যায়ালয়ে বে-আইনী বুলি খাৰিজ কৰাৰ পাছত সমস্ত তথ্য নিৰ্বাচন আয়োগৰ ৱেব ছাইটৰ জৰিয়তে ৰাজহুৱা কৰাৰ নিৰ্দেশ দিয়াৰ পাছত ৰাজহুৱা খণ্ডৰ বৃহত্তম বেংক ভাৰতীয় ষ্টেট বেংকে সেই তথ্য দিয়াৰ ক্ষেত্ৰত উচ্ছতম ন্যায়ালয়ত যি লুকা-ভাকু খেল খেলিলে তাৰ পৰাও যুক্তিসংগতভাৱেই এই সন্দেহ উৎপন্ন হৈছে যে ষ্টেট বেংকে চৰকাৰৰ নিৰ্দেশত বিজেপি দলৰ স্বাৰ্থ ৰক্ষা কৰিবৰ বাবেই তেনে কৰি আছে নেকি? 

সমাজখন অসাম্যৰে ভৰপূৰ৷ এনে অসমতাৰ মাজত লেভেল প্লেয়িং ফিল্ডৰ সম্ভাৱনা প্ৰায় নাই বুলিবই পাৰি৷ কিন্তু তাৰ মাজতো চৰকাৰে, নিৰ্বাচন আয়োগৰ দৰে গণতান্ত্ৰিক অনুষ্ঠানবোৰে সেই অসাম্যৰ মাজতেই সকলোকে সমভাৱে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পৰাৰ, প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পৰাৰ সুযোগ দিয়াৰ বাবে চেষ্টা চলাব পাৰে আৰু সম্পূৰ্ণ নহ’লেও কিছু হ’লেও সফলতা লাভ কৰিব পাৰে৷ প্ৰশ্ন হ’ল– এইবাৰৰ নিৰ্বাচনত নিৰ্বাচন আয়োগে সঁচাকৈয়েই তেনে সমতাপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ পৰিৱেশ গঢ়িবলৈ সক্ষম হ’বনে? নিৰ্বাচনৰ ঠিক আগে আগে চৰকাৰৰে আন এটা অনুষ্ঠানে কংগ্ৰেছৰ বেংক একাউন্ট চীল কৰাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিলে সেই লেভেল প্লেয়িং ফিল্ড তৈয়াৰ কৰাত সহায় কৰিবনে? 

বিজেপি ধনে-জনে শক্তিশালী, দেশত আৰু বহু ৰাজ্যত বিজেপিৰ চৰকাৰ আছে৷ বাকীবোৰ দল বিজেপিৰ তুলনাত দুৰ্বল আৰু নিস্তেজ৷ এই দলবোৰক বিজেপিৰ স’তে এক সমতাপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৰ সুযোগ দিবলৈ হ’লে নিৰ্বাচন আয়োগে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব৷ এই নিৰ্বাচনটোত নিৰ্বাচন আয়োগে নিজেই ঘোষণা কৰাৰ দৰে সঁচাকৈয়েই সকলো দল আৰু প্ৰাৰ্থীকে এক লেভেল প্লেয়িং ফিল্ড দিবলৈ সক্ষম হ’বনে?