Logo
image

পৰীক্ষা সফল মহাকাশৰ বাবে সাজু ‘পুষ্পক’

হায়দৰাবাদ, ২৩ মাৰ্চঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ই শুকুৰবাৰে নতুন যুগৰ ‘ৰথ’ পুষ্পকৰ সফল পৰীক্ষণ সম্পন্ন কৰে৷ উল্লেখ্য যে শুকুৰবাৰে পুৱা কৰ্ণাটকৰ চিত্ৰদুৰ্গৰ এৰ’নেটিকেল টেষ্ট ৰেঞ্জৰ  পৰা ‘আৰ এল ভি  এল ই এক্স-০২’ (ৰি ইউজেবল লঞ্চ ভেহিকেল)ৰ অৱতৰণ সংক্ৰান্তীয় পৰীক্ষা চলোৱা হয়৷ এই পৰীক্ষাত ইছৰ’ৰ পুষ্পক নামৰ আৰ এল ভিখনে সফলভাৱে অবতৰণ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ লগে লগে ভাৰতীয়  মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰ’ই আন এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল৷ বিশেষজ্ঞসকলৰ মতে, এই অভিযানৰ জৰিয়তে ভাৰতে কম খৰচত মহাকাশ¸ যাত্ৰা সম্পন্ন কৰাটো সহজ কৰি তুলিলে৷ কাৰণ ৰি ইউজেবল লঞ্চ ভেহিকেলক মহাকাশলৈ প্ৰেৰণ কৰাৰ পাছত পুনৰ তাক উভতাই আনিব পৰা যাব৷ পৰৱৰ্তী সময়ত পুনৰ এই একেখন যানকে বিজ্ঞানীসকলে আকৌ মহাকাশলৈ প্ৰেৰণ কৰিব পাৰিব৷ ইয়াৰ ফলত খৰচ কম হোৱাৰ লগতে মহকাশত আৱৰ্জনাৰ পৰিমাণো হ্ৰাস পাব৷ ইপিনে পুষ্পক নামৰ যানখনৰ পৰীক্ষা সম্পন্ন কৰাৰ পূৰ্বে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে কয় যে ৰি-ইউজেবল লঞ্চ ভেহিকেল অনাগত দিনসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব৷ ২০১৬ চনত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৰা মাৰিছিল ৰি-ইউজেবল লঞ্চ ভেহিকেলে৷ পৰৱৰ্তী সময়ত বংগোপ সাগৰত ভাৰ্চুৱেল ৰাণৱেত যানখনৰ অৱতৰণ কৰোৱা হৈছিল৷ ইছৰ’ই যেনেদৰে পৰিকল্পনা কৰিছিল, সেইমতে যানখনে কাম কৰিছিল৷ যোৱা বছৰৰ ২ এপ্ৰিলত চিত্ৰদুৰ্গৰ এৰ’নেটিকেল টেষ্ট ৰেঞ্জৰ পৰা যানখনক লৈ ইছৰ’ই দ্বিতীয়বাৰ পৰীক্ষা চলায়৷ সেইবাৰ যানখনত বায়ুসেনাৰ চিনুক হেলিকপ্টাৰেৰে আকাশলৈ নি এৰি দিয়া হয়৷ সেই পৰীক্ষাও সফলভাৱে সম্পন্ন হয়৷ এইবাৰো এখন চিনুক হেলিকপ্টাৰৰ জৰিয়তে আকাশলৈ নি আৰ এল ভি এল ই এক্স-০২ যানখনক আকাশত এৰি দিয়া হয়৷ ইছৰ’ই প্ৰকাশ কৰা মতে, ৰাণৱেৰ পৰা চাৰি কিলোমিটাৰ নিলগত আকাশত যানখন এৰি দিয়া হয়৷ শুকুৰবাৰে পুৱা ইছৰ’ৰ পৰিকল্পনা অনুসৰি নিখুঁতভাৱে যানখনে অৱতৰণ কৰে৷ ইয়াৰ লগে লগে ইছৰ’ই আন এক সাফল্য লাভ কৰিবলৈ সক্ষম হয়৷