Logo
image

পঞ্জাবৰ বিৰুদ্ধে মেচত মূল আকৰ্ষণ হ’ব পণ্ট

ম’হালি, ২২  মাৰ্চঃ আই পি এলত শনিবাৰে প্ৰথমখন মেচ পঞ্জাব কিংছৰ সন্মুখীন হ’ব দিল্লী কেপিটেলছ৷ যোৱাটো ছীজনৰ নৈৰাশ্য অতিক্ৰমী সুন্দৰভাৱে নতুন ছীজন আৰম্ভ কৰিবলৈ অপেক্ষা কৰিছে উভয় দলে৷ কিন্তু শনিবাৰৰ মেচখনত সকলোৰে দৃষ্টি থাকিব  দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পণ্টৰ ওপৰত৷ ২০২২ চনৰ ডিচেম্বৰত এক ভয়াৱহ গাড়ী দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ পাছত দীৰ্ঘদিনৰ মূৰত আই পি এলত প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটিব পণ্টৰ৷ দুৰ্ঘটনাটোৰ পিছত পণ্টৰ খেলপথাৰলৈ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত সন্দেহৰ সৃষ্টি হৈছিল৷ কিন্তু উইকেটকক্ষক-বেটাৰজনে প্ৰতিদ্বন্দ্বিতাত নামিব পৰাকৈ নিজকে সাজু কৰি তুলিবলৈ সক্ষম হয়৷ যোৱাটো ছীজনত পণ্টৰ অনুপস্থিতিত দিল্লী কেপিটেলছক নেতৃত্ব দিছিল অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডেভিদ ৱাৰ্নাৰে৷ ১০ দলীয় প্ৰতিযোগিতাখনত ৱাৰ্নাৰ নেতৃত্বাধীন দিল্লী কেপিটেলছে অভিযান সামৰিছিল নৱম স্থানৰ দল হিচাপে৷ কিন্তু আই পি এলত খেলিবলৈ ক্লীয়াৰেন্স পোৱাৰ পাছতে দলৰ নেতৃত্বও কান্ধ পাতি লৈছে পণ্টে৷ দিল্লী কেপিটেলছৰ প্ৰশিক্ষক ৰিকী পণ্টিঙে বৃহস্পতিবাৰে কয়–‘যোৱা সপ্তাহটোত পণ্টে যথেষ্ট বেটিং অনুশীলন কৰিছে৷ মই ভাবো তেওঁ নিজৰ শৰীৰৰ ওপৰত থকা বিশ্বাস উভতাই আনিব বিচাৰিছে৷ ১৫ মাহৰ কঠোৰ শ্ৰম, সাহস আৰু দৃঢ়তাৰে দিল্লীক পুনৰ নেতৃত্ব দিবলৈ পণ্টে নিজকে সাজু কৰি তুলিছে৷’ খেলুৱৈজনে অৱশ্যে আই পি এলৰ প্ৰাৰম্ভিক মেচত উইকেটৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হ’ব নে নাই সেয়া এতিয়াও নিশ্চিত নহয়৷ আনহাতে শিখৰ ধৱন নেতৃত্বাধীন পঞ্জাব কিংছে প্ৰতিযোগিতাখনত এবাৰেই ফাইনেলত উপনীত হৈছিল৷ ২০১৪ চনৰ ফাইনেলত দলটো পৰাস্ত হৈছিল কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে৷ ২০২৩ চনত অষ্টম স্থানত থাকি আই পি এলত অভিযান সামৰা পঞ্জাবে এইবাৰ প্ৰদৰ্শনৰ উত্তৰণৰ লক্ষ্যৰেই শনিবাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব৷