Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়ত এবিভিপি নিষিদ্ধ ঘোষণা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৪ মাৰ্চঃ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ নেতৃত্বত ১৮ মাৰ্চত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে হাতত লোৱা ‘কা’বিৰোধী গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীত ব্যাঘাত জন্মাবৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ [এবিভিপি] নামৰ  সংগঠনটোৱে সৃষ্টি কৰা অপ্ৰীতিকৰ পৰিস্থিতিক লৈ শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই এখন সংবাদ মেল সম্বোধন কৰে৷ সংবাদ মেলত দুয়োখন ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে স্পষ্ট কৰি দিয়ে যে, যোৱা ১৮ মাৰ্চত এবিভিপিয়ে ছাত্ৰ সমাজৰ গণতান্ত্ৰিক প্ৰতিবাদত ব্যাঘাত জন্মাবৰ বাবে নিজে অপ্ৰীতিকৰ-অসংবিধানিক কাৰ্যকলাপ হাতত লৈছিল আৰু এতিয়া তেওঁলোকে নিজৰ দোষ ঢাকিবৰ বাবে ঘটনাটোৰ মিছা ব্যাখ্যা কৰিছে৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ একতাক লৈ শংকিত সংগঠনটোৱে ছাত্ৰ সমাজৰ ঐক্যবদ্ধ কণ্ঠক ভাগ ভাগ কৰাৰ উদ্দেশ্যেৰে সিদিনাৰ প্ৰতিবাদী কাৰ্যসূচী দুটা বিশেষ সংগঠনে ৰূপায়ণ কৰা বুলি অপব্যাখ্যা কৰি আহিছে৷ কিন্তু সেইদিনাৰ প্ৰতিবাদী কাৰ্যসূচী কোনো দল-সংগঠনৰ নাছিল, সেয়া আছিল দল-সংগঠন নিৰ্বিশেষে জাতিটোৰ স্বাৰ্থত ওলাই অহা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ, যাৰ নেতৃত্ব লৈছিল গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই৷ সংবাদ মেলত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিবৰ নাম উল্লেখ কৰি এবিভিপিয়ে বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ বিৰুদ্ধে আৰক্ষী চকীত গোচৰ দিয়া, বাহিৰৰপৰা ভেৰোণীয়া গুণ্ডা আনি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰা, স্নাতকোত্তৰ ছাত্ৰ সন্থাক অপমান কৰা, বাৰম্বাৰ বিশ্ববিদ্যালয়ৰ শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা চলাই অহা তথা ‘কা’ সমৰ্থনকাৰী জাতিদ্ৰোহী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত নিষিদ্ধ ঘোষণা কৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই৷ লগতে অসম আৰু অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি আনিব পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধেও নিজৰ স্থিতিত অটল থকাৰ কথা ঘোষণা কৰে স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই৷ ‘কা’ প্ৰত্যাহাৰৰ নকৰা পৰ্যন্ত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক লগত লৈ তেওঁলোকে ধাৰাবাহিকভাৱে চলাই নিব জোৰদাৰ প্ৰতিবাদী কাৰ্যসূচী৷