Logo
image

মহুৱাৰ ঘৰ আৰু কাৰ্যালয়ত চিবিআইৰ অভিযান

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ পূৰ্বেই একাংশ বিৰোধী ৰাজনৈতিক নেতা এতিয়া টাৰ্গেট হৈ পৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ৷ নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ পাছত দেশৰ ইতিহাসত প্ৰথমবাৰলৈ বিৰোধী মুখ্যমন্ত্ৰীক দুবছৰ পুৰণি গোচৰত কেন্দ্ৰীয় সংস্থাই গ্ৰেপ্তাৰ কৰাৰ দৰে আজৱ ঘটনাও সংঘটিত কৰিছে কেন্দ্ৰৰ বিজেপি চকাৰে৷ দিল্লীৰ আবকাৰী কেলেংকাৰি গোচৰত আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে গ্ৰেপ্তাৰ কৰাৰ এদিনৰ পাছতেই এইবাৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা নিলম্বিত সংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআয়ে৷ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকাৰ সময়তে তৃণমূল কংগ্ৰেছৰ বংগৰ কৃষ্ণনগৰ সমষ্টিৰ প্ৰাৰ্থী মহুৱা মৈত্ৰৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী চলাই চিবিআইৰ দলে৷ বিগত ৮ ডিচেম্বৰত ধনৰ বিনিময়ত পুঁজিপতি গৌতম আদানিৰ বহিস্কৃত সংসদত প্ৰশ্ন কৰা অভিযোগত লোকসভাৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰক৷ উৎকোচ লৈ সংসদত প্ৰশ্ন কৰাৰ সন্দৰ্ভত লোকপালে চিবিআইক গোচৰ চলাবলৈ নিৰ্দেশ দিছিল৷ উক্ত গোচৰটোৰ ভিতৰতে শনিবাৰে পুৱাই চি বি আয়ে মহুৱা মৈত্ৰৰ কাৰ্যালয় তথা বাসগৃহ আৰু পিতৃৰ ফ্লেটতো তালাচী চলায়৷ শনিবাৰে পুৱা সাত বজাতে চিবিআইৰ এটা দলে প্ৰথমে পশ্চিমবংগৰ আলিপুৰৰ ‘ৰত্নাৱলী’ নামৰ এটা এপাৰ্টমেণ্টত উপস্থিত হয়৷ সেই এপাৰ্টমেণ্টটোৰ নৱম মহলাত থকা মহুৱা মৈত্ৰৰ পিতৃ দীপেন্দ্ৰ লাল মৈত্ৰ আৰু মাতৃ মঞ্জু মৈত্ৰৰ ফ্লেটত তালাচী চলায়৷ অৱশ্যে তালাচীৰ সময়ত ফ্লেটটোত এজন কেয়াৰ টেকাৰহে আছিল৷ পৰৱৰ্তী সময়ত মহুৱা মৈত্ৰৰ মাতৃ ফ্লেটত আহি উপস্থিত হোৱাত চিবিআইৰ দলটোৱে দিনৰ ১.৪৫ বজালৈ তালাচী চলাই যদিও কোনো তথ্য পাতি বা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷ ইয়াৰ পাছতেই চিবিআইৰ দলটোৱে কলকাতাৰ কৃষ্ণ নগৰত থকা মহুৱা মৈত্ৰৰ আন এটা বাসগৃহত উপস্থিত হয়৷ তদন্তকাৰী সংস্থাটোৰ পাঁচজনীয়া এটা দলে কৃষ্ণনগৰৰ সিদ্ধেশ্বৰী তলাৰ ফ্লেটত তালাচী চলাই যদিও কোনো বিশেষ তথ্য জব্দ কৰিবলৈ সক্ষম নহ’ল৷ উল্লেখ্য, ২০১৯ চনত লোকসভা নিৰ্বাচনৰ সময়ত মহুৱা মৈত্ৰই কৃষ্ণনগৰৰ উক্ত ফ্লেটটোক নিৰ্বাচনী কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিছিল৷ অৱশ্যে মহুৱা মৈত্ৰ বৰ্তমান কৰিমপুৰৰ ফ্লেটত থাকে যদিও সেই ফ্লেটটোত চিবিআয়ে অভিযান চলোৱাৰ পৰা বিৰত থাকে৷ উল্লেখ্য, বিগত ১৯ মাৰ্চত লোকপালে মহুৱা মৈত্ৰৰ বিৰুদ্ধে চিবিআইৰ তদন্তৰ নিৰ্দেশ দিছিল৷ প্ৰথমবাৰলৈ বিজেপি সাংসদ নিশিকান্ত ডুৱেয়ে তৃণমূল নেত্ৰী মহুৱা মৈত্ৰই ডুবাইৰ ব্যৱসায়ী হীৰানন্দানিৰ পৰা উৎকোচ লৈ সংসদত উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে প্ৰশ্ন কৰাৰ অভিযোগ কৰিছিল৷ এই অভিযোগতে সাংসদৰ পৰা বহিষ্কৃত হৈছিল তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰ৷