Logo
image

অসমত স্কুলৰ মানক লৈ কঠোৰ চিবিএছই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ মাৰ্চঃ অসমৰ স্কুলৰ মানক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে৷ উল্লেখ্য, ৰাজ্যত এতিয়া কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ইৰ স্বীকৃতিপ্ৰাপ্ত একাংশ শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিক লৈ জালিয়াতিত লিপ্ত হৈ আহিছে৷ যাৰ পৰিপ্ৰেক্ষিতত জালিয়াতি তথা অনিয়মত লিপ্ত হোৱা শিক্ষা প্ৰতিষ্ঠানৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ [চি বি এছ ই]৷ অভিযোগ অনুসৰি একাংশ ক’চিং চেণ্টাৰৰ সৈতে গোপন বুজাবুজি থকা চি বি এছ ইৰ স্বীকৃতিপ্ৰাপ্ত একাংশ শিক্ষানুষ্ঠান জালিয়াতিত লিপ্ত হৈ আহিছে৷ নিয়ম অনুসৰি ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰিক পৰীক্ষা আৰু আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ শিক্ষানুষ্ঠানৰ পৰা দিয়া হয়৷ কিন্তু ক’চিং চেণ্টাৰৰে সংযুক্ত ডামী [Dummy] শিক্ষাৰ্থীক চি বি এছ ইৰ নিৰ্দিষ্ট বিদ্যালয়সমূহে শ্ৰেণীকোঠাত এদিনো উপস্থিত নথকাকৈ বা ব্যৱহাৰিক পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ নম্বৰ প্ৰদান কৰাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে৷ নামভৰ্তিত জালিয়াতি, তথ্য ফাঁকি আৰু ৰেকৰ্ড সংৰক্ষণ নকৰাৰ অভিযোগত অসমৰ ২খন শিক্ষানুষ্ঠান চি বি এছ ই কতৃৰ্পক্ষৰ ৰোষত পৰিছে৷ চি বি এছ ইৰ অনুসন্ধানত এই অনিয়ম পোহৰলৈ অহাৰ পাছতেই গুৱাহাটীৰ ছাই আৰ এন এছ একাডেমী নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ স্বীকৃতি বাতিল কৰিছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে৷ তদুপৰি অসমৰ বজালী জিলাৰ শ্ৰীৰাম একাডেমী নামৰ শিক্ষানুষ্ঠানখনকো অৱনমিত [ডাউন গ্ৰেড] কৰিছে চি বি এছ ইয়ে৷ শুকুৰবাৰে চি বি এছ ইয়ে এটা নিৰ্দেশনাযোগে দেশৰ মুঠ ২০খন শিক্ষানুষ্ঠানৰ স্বীকৃতি বাতিল কৰে৷ আনহাতে, তিনিখন শিক্ষানুষ্ঠানক ডাউন গ্ৰেড কৰে৷ স্বীকৃতি বাতিল হোৱা ২০খন শিক্ষানুষ্ঠানৰ ভিতৰত আছে অসমৰ দিছপুৰস্থিত ছাই আৰ এন এছ একাডেমী৷ আনহাতে, ডাউন গ্ৰেড হোৱা দেশৰ ৩খন শিক্ষানুষ্ঠানৰ তালিকাত আছে বৰপেটাৰ শ্ৰীৰাম একাডেমী৷ উল্লেখ্য, চি বি এছ ইয়ে ইয়াৰ অন্তৰ্গত দেশৰ শিক্ষানুষ্ঠানসমূহ পৰিদৰ্শন কৰি স্বীকৃতিৰ বাবে প্ৰয়োজনীয় নীতি নিয়ম মানি চলিছে নে নাই সেই বিষয়ে পৰ্যালোচনা কৰাৰ অন্তত ২০খন শিক্ষানুষ্ঠানত অযোগ্য শিক্ষাৰ্থীক নামভৰ্তিকৰণ, অসৎ আচৰণ, ৰেকৰ্ড ৰক্ষণাবেক্ষণ নকৰাকে ধৰি বিভিন্ন নীতি বৰ্হিভূত অনিয়ম সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহে৷ সেই সূত্ৰেই ২০খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ লগতে আন ৩খন বিদ্যালয়ক ডাউন গ্ৰেড কৰিছে৷ স্বীকৃতি বাতিল হোৱা বিদ্যালয়সমূহৰ তালিকাত দিল্লীৰ ৫খন, ৰাজস্থানৰ ২খন, ছত্তীশগড়ৰ ২খন, মহাৰাষ্ট্ৰৰ ২খন, উত্তৰ প্ৰদেশৰ ৩খন, কেৰালাৰ ২খন, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ, মধ্যপ্ৰদেশ, অসমৰ এখনকৈ বিদ্যালয় আছে৷ সেইদৰে ডাউন গ্ৰেড হোৱা বিদ্যালয় তিনিখনৰ এখন অসমৰ বজালীৰ, বাকী দুখন দিল্লী আৰু পঞ্জাবৰ৷

পাঠশালাৰ শ্ৰীৰাম একাডেমীৰ মৰ্যাদা অৱনমিত

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদকঃ পাঠশালাৰ ব্যক্তিগত খণ্ডৰ এখন শিক্ষানুষ্ঠানৰ চি বি এছ ইয়ে গ্ৰেড ডাউন কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ নীতি-আদৰ্শৰ শিক্ষাদান কৰা এখন শিক্ষানুষ্ঠানেই নীতিবহিৰ্ভূত কামত নিয়োজিত হৈ পৰা কাৰ্যত বিদ্বত সমাজৰ চকু কপালত উঠিছে৷ উল্লেখ্য, চি বি এছ ইয়ে বিভিন্ন নীতিবহিৰ্ভূত কাম কৰাৰ অভিযোগত দেশৰ মুঠ ২০খন শিক্ষানুষ্ঠানৰ স্বীকৃতি বাতিল কৰাৰ লগতে আন তিনিখন শিক্ষানুষ্ঠানৰ মৰ্যাদা অৱনমিত কৰিছে৷ স্বীকৃতি বাতিল হোৱা বিশখন শিক্ষানুষ্ঠানৰ ভিতৰত গুৱাহাটীৰ কাহিলিপাৰাৰ ছাই আৰ এন এছ একাডেমীৰ স্বীকৃতি বাতিল হোৱাৰ লগতে একে কতৃৰ্পক্ষৰ দ্বাৰা পৰিচালিত পাঠশালাৰ শ্ৰীৰাম একাডেমীৰ মৰ্যাদা অৱনমিত কৰা হয়৷ উল্লেখযোগ্য যে চেণ্ট্ৰেল ব’ৰ্ড অব্‌ ছেকেণ্ডাৰী এডুকেচনে ইয়াৰ অন্তৰ্গত দেশৰ শিক্ষানুষ্ঠানসমূহ পৰিদৰ্শন কৰি স্বীকৃতিৰ বাবে প্ৰয়োজনীয় নীতি-নিয়মসমূহ শিক্ষা প্ৰতিষ্ঠানসমূহে মানি চলিছে নে নাই, সেই বিষয়ে তন্ন তন্নকৈ পৰ্যালোচনা কৰে৷ পৰ্যালোচনাৰ পিছতে দেশৰ কেইবাখনো শিক্ষানুষ্ঠানত একাংশ অযোগ্য শিক্ষাৰ্থীক নামভৰ্তি কৰা, পৰীক্ষাত অসৎ আচৰণ অবলম্বন কৰা, প্ৰয়োজনীয় নথি-পত্ৰ সংৰক্ষণ নকৰা, বিভিন্ন নীতিবহিৰ্ভূত কাম কৰাৰ তথ্য পোহৰলৈ আহে৷ এনে বিসংগতিৰ ভিত্তিত চি বি এছ ইয়ে দেশৰ ২০খন শিক্ষানুষ্ঠানৰ স্বীকৃতি বাতিল কৰাৰ লগতে আন তিনিখন বিদ্যালয়ৰ মৰ্যাদা অৱনমিত কৰে৷ পাঠশালাৰ শ্ৰীৰাম একাডেমীৰ মৰ্যাদা অৱনমনৰ খবৰ লাভ কৰাৰ পিছতে একাংশ শিক্ষাৰ্থীৰ লগতে অভিভাৱক শংকিত হৈ পৰে৷ পাঠশালাৰ চন্দ্ৰনগৰস্থিত শিক্ষানুষ্ঠানৰ কতৃৰ্পক্ষই এই সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে৷ বজালীৰ বিভিন্ন দল-সংগঠনে শিক্ষানুষ্ঠানখনৰ কতৃৰ্পক্ষৰ বিৰুদ্ধে তীব্ৰ বিষো¸দগাৰ কৰি কয় যে, কেৱল ধন ঘটি মুনাফা লাভৰ স্বাৰ্থত ছাত্ৰ-ছাত্ৰীৰ আশাত চেঁচা পানী ঢলা কাৰ্য ধিক্কাৰযোগ্য৷