Logo
image

নিয়মীয়াকৈ পাওৰুটি খালেও লিভাৰৰ ক্ষতি হ’ব পাৰে

লিভাৰ সকলো সময়তে কাৰ্যক্ষম হৈ থাকে৷ শৰীৰৰ ইমান এটা সৰু অংগই কৰা কামৰ বিষয়ে জানিলে আচৰিত নহৈ নোৱাৰি৷ শৰীৰৰ পৰা সকলো দূষিত পদাৰ্থ লিভাৰে বাহিৰ কৰি পঠায়৷ তেজৰ জৰিয়তে শৰীৰৰ সকলো দূষিত পদাৰ্থ লিভাৰলৈ যায়৷ এমোনিয়া, বেক্টেৰিয়া, ফেটছ তেজৰ জৰিয়তে গৈ লিভাৰ পায়গৈ৷ কিন্তু সকলো অংগৰে বিশেষ এক সহন ক্ষমতা আছে৷ খাদ্যৰ তাৰতম্যৰ বাবে শৰীৰৰ যিকোনো অংগই সঠিক ৰূপত কাম কৰাত বাধা পোৱাৰ লগতে কেতিয়াবা বিকলো হৈ যাব পাৰে৷ লিভাৰৰ বাবে কি কি খাদ্য খোৱাত সাৱধান হ’ব লাগে–

১. কেক, পেষ্টি কুকিজৰ দৰে খাদ্য লিভাৰৰ বাবে¸ ভাল নহয়৷ আনকি নিয়মীয়াকৈ যদি জাম-জেলি দি পাউৰুটি খোৱাৰ অভ্যাস থাকে সিও লিভাৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে৷ যিহেতু এইধৰণৰ খাদ্যত ট্ৰান্স ফেট থাকে৷ এই ফেট নিয়মীয়াকৈ লিভাৰলৈ গ’লে ক্ষতিকাৰক হৈ উঠিব পাৰে৷ 

২. ভজা-পোৰা আদি খাদ্যও লিভাৰৰ কাৰণে অনুকুল নহয়৷ সাধাৰণ আলু ভাজাৰ পৰা আলুচপ কাটলেট আদিও লিভাৰৰ কাৰণে উপযোগী নহয়৷ যিহেতু এনেধৰণৰ খাদ্যত এটা এনজাইম সৃষ্টি হয়, যিয়ে লিভাৰৰ ক্ষতিসাধন কৰিব পাৰে৷

৩. নিয়মীয়াকৈ যিসকলে সুৰাপান কৰে সেইসকলৰ লিভাৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ অতিৰিক্ত সুৰাপানৰ ফলত ফেটী লিভাৰৰ দৰে সমস্যাৰ সৃষ্টি হয়৷ কেতিয়াবা ইয়াৰ ফলত লিভাৰ বিকল হৈ পৰিব পাৰে৷ সেইবাবে  লিভাৰ সুস্থ কৰি ৰখাৰ বাবে এনেধৰণৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত৷