Logo
image

আইনী যুঁজৰ মাজেৰে ‘কা’ বাতিল হ’বই

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৭ মাৰ্চ: দেশৰ উচ্চতম ন্যায়ালয়ত ‘কা’ৰ বিৰুদ্ধে গোচৰ চলি আছে৷ আইনৰ ওপৰত মোৰ বিশ্বাস আছে৷ আমি একেলগে আইনী যুদ্ধ কৰিম আৰু এই যুদ্ধত আমি জিকিম৷ ‘কা’ বাতিল হ’বই৷ ‘কা’ কেতিয়াও সফল হ’ব নোৱাৰে৷ এই ভাষ্য জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ৷ মঙলবাৰে ‘আমাৰ অসম’লৈ প্ৰেৰণ কৰা এটা বিবৃতিত যশস্বী গায়ক-গীতিকাৰ-সুৰকাৰ-অভিনেতা-সংগীত পৰিচালক জুবিন গাৰ্গে এইদৰে কয়– ‘‘কা’ৰ বিষয়ে মই ২০১৭ চনৰ পৰাই মাত মাতি আহিছোঁ, যেতিয়া সেইখন ‘কেব’ আছিল৷ মোৰ প্ৰায় সকলো অনুষ্ঠানতেই মই ‘কা’ৰ বিৰুদ্ধে মাত মাতিছিলোঁ, মাতি আছোঁ৷ ‘কা’বিৰোধী আন্দোলনতো মই লাগিছিলোঁ৷ ‘কা’ৰ ক্ষেত্ৰত মোৰ স্থিতি এতিয়াও একেই–‘কা’ মই নামানো, এইখন এখন অদৰকাৰী আইন৷ মই ৰাজনীতি কৰা মানুহ নহয়৷ মই ৰাজনীতি বেয়া পাওঁ৷ মই ‘কা’ৰ বিৰোধ কৰিছিলোঁ আৰু তাত কোনো লৰচৰ নাই৷ কোন মানুহ কোন পাৰ্টীত আছে, মই নাজানোঁ৷ মই নিজৰ জেগাত আছোঁ৷ যদি মানুহে মোক নুবুজে, তেনেহ’লে মোৰ উপায় নাই৷ মই নিজৰ ঠাইত নিজৰ আদৰ্শত কাম কৰি যাম৷ সৰুৰে পৰাই দেখিছোঁ– বাৰে বাৰে আন্দোলন হয়, আমাৰ ল’ৰা-ছোৱালী মৰে৷ অসম আন্দোলনত ইমান মানুহ মৰিল, আলফাৰ সময়ত হাজাৰ হাজাৰ মানুহ মৰিল৷ ‘কা’ আন্দোলনতো পাঁচটা ল’ৰা মৰি গ’ল৷ মই আৰু ল’ৰা মৰিবলৈ নিদিওঁ৷ অসমত আৰু ল’ৰা-ছোৱালী মৰিব নালাগে৷ কিন্তু প্ৰতিবাদ হ’ব লাগিব৷ ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবই লাগিব৷ প্ৰতিবাদ কৰাৰ বিভিন্ন উপায় থাকে৷ মই নিজৰ ধৰণে প্ৰতিবাদ কৰি যাম ‘কা’ৰ বিপক্ষে৷ মঞ্চত বা ছ’চিয়েল মিডিয়াত য’ত যেনেকৈ পাৰোঁ৷ মই যিটো দেখিছোঁ– চৰকাৰে জোৰ-জবৰদস্তি কৰি ‘কা’ আনি হুলস্থূল কৰিলেও অসমৰ মানুহে মনৰ পৰা কেতিয়াও ‘কা’ মানি নলয়৷ ‘কা’ সফল হ’ব নোৱাৰে৷ সেয়ে অদৰকাৰী হাল্লা কৰি লাভ নাই৷ অসমত হিন্দু-মুছলমান নচলে৷ কোনো শিল্পীয়ে জাত-পাত-ধৰ্মৰ বিভাজন মানি নলয়৷ অসমত অসমৰ মানুহ থাকিব, ভাৰতৰ মানুহ থাকিব৷ বাহিৰৰ মানুহ আনিব খুজি লাভ নাই– চিধা কথা৷ তাতকৈয়ো ডাঙৰ কথা– ছুপ্ৰিম ক’ৰ্টত ‘কা’ক লৈ কেছ চলি আছে৷ সোনকালেই হিয়াৰিং হ’ব বুলি শুনিছোঁ৷ মই সেইটোত সহায় কৰিব বিচাৰোঁ৷ আইনৰ ওপৰত মোৰ বিশ্বাস আছে৷ আমি কেছটো সকলোৱে মিলি যিমান পাৰি ভালকৈ খেলিব লাগে৷ আমি একেলগে ক’ৰ্টত যুদ্ধ কৰিম– আৰু আমি জিকিম৷ আমি জিকিমেই ‘কা’ বাতিল হ’বই৷ ‘কা’ কেতিয়াও সফল হ’ব নোৱাৰে৷ জয় আই অসম৷’ ইফালে, ‘কা’ সন্দৰ্ভত মন্তব্য কৰিছে আন এজন জনপ্ৰিয় শিল্পী মানস ৰবীনেও৷ মঙলবাৰে মানস ৰবীনে কয়– ‘মই ‘কা’ নামানো বুলি কৈ দিলেই বা ফেচবুকত এলাইন লিখি দিলেই মোৰ বা আপোনাৰ দায়িত্ব শেষ নেকি? ‘কা’ এখন আইন৷ এখন আইন প্ৰণয়ন কৰে চৰকাৰে৷ ‘কা’ৰ বিৰোধিতা কৰা মানে চৰকাৰৰ বিৰোধিতা কৰা৷ এহাতে চৰকাৰক সমৰ্থন কৰি আনহাতে ‘কা’ৰ বিৰোধিতা কৰাটো মোৰ বা আপোনাৰ চূড়ান্ত সুবিধাবাদ আৰু জাতিধবংসী স্থিতিৰ বাদে আন একো নহয়৷ সময় থাকোঁতেই স্থিতি স্পষ্ট কৰক৷ নহ’লে ইতিহাসে কাকো ক্ষমা নকৰিব৷’