Logo
image

কেজৰিৱালে সকাহ নাপালে, মুখ্যমন্ত্ৰী হৈ থকাত আপত্তি নাই ন্যায়ালয়ৰ

নতুন দিল্লী, ২৯ মাৰ্চ : আবকাৰী নীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অৰবিন্দ কেজৰিৱালৰ ইডিৰ সাত দিনৰ জিম্মা শেষ হোৱাত আজি তেওঁক পুনৰ দিল্লীৰ ৰাউচ এভিনিউ আদালতত হাজিৰ কৰোৱাত আদালতে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ মুৰব্বীজনক পুনৰ চাৰিদিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে৷ সেই অনুসৰি অহা ১ এপ্ৰিললৈকে ইডিৰ জিম্মাতে থাকিব লাগিব কেজৰিৱাল৷ আজি ইডিয়ে তেওঁক পুনৰ সাত দিনৰ  জিম্মাত বিচাৰে যদিও আদালতে চাৰি দিনৰ জিম্মাতহে দিয়ে৷ ইপিনে কেজৰিৱালে সকাহ নাপালে গ্ৰেপ্তাৰৰ পাছত কেজৰিৱালক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ বাবে দিল্লী উচ্ছ ন্যায়ালয়ত জনোৱা আৱেদনখন আজি আদালতে খাৰিজ কৰে৷ উল্লেখ্য যে  গ্ৰেপ্তাৰৰ পাছত কেজৰিৱালে জে’লৰ পৰাই চৰকাৰ চলাই যাব বুলি কৰা মন্তব্যৰ প্ৰত্যাহ্বান জনাই সুৰজিৎ সিং যাদৱ নামৰ দিল্লীৰ এজন বাসিন্দাই উচ্ছ ন্যায়ালয়ত আৱেদন জনাইছিল৷ আজি দিল্লীৰ উচ্ছ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ মনমোহন আৰু ন্যায়াধীশ মনমীত প্ৰীতম সিং অৰোৰাই কেজৰিৱালক  মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণৰ বাবে কৰা আবেদন খাৰিজ কৰি দিয়ে৷ আদালতে এই সন্দৰ্ভত দিয়া ৰায়ত উল্লেখ কৰে যে মুখ্যমন্ত্ৰীৰ অপসাৰণৰ ক্ষেত্ৰত বিচাৰ ব্যৱস্থাৰ হস্তক্ষেপৰ কোনো সুযোগ নাথাকে৷ তদুপৰি এই বিষয়ে দিল্লীৰ লেফটেনেণ্ট গৰ্ভণৰ আৰু কেন্দ্ৰীয় চৰকাৰেহে সিদ্ধান্ত ল’ব বুলি আদালতে উল্লেখ কৰে৷  আনহাতে আজি কেজৰিৱালক দিল্লীৰ ৰাউচ এভিনিউ আদালতত হাজিৰ কৰাৰ পাছতে মুখ্যমন্ত্ৰী কেজৰিৱালে তেওঁৰ বিৰুদ্ধে থকা গোচৰটোৰ যুক্তি আদালতত নিজেই দাঙি ধৰে৷ কেজৰিৱালে আদালতত জনায় যে আবকাৰী কেলেংকাৰীত অভিযুক্ত কৰি আম আদমী পাৰ্টী দলক দেশবাসীৰ সন্মুখত এটা দুৰ্নীতিগ্ৰস্ত দলৰূপে দাঙি ধৰাৰ ষড়যন্ত্ৰ কৰা হৈছে৷ তদুপৰি বিজেপিয়ে আপক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলাইছে৷ তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হ’ল বুলিও কেজৰিৱালে আদালতত প্ৰশ্ন উত্থাপন কৰে৷ কেজৰিৱালে কয়: মোক গ্ৰেপ্তাৰ কৰা হৈছে, কিন্তু কোনো আদালততে মোৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ প্ৰমাণিত হোৱা নাই৷  মোৰ বিৰুদ্ধে চিবিআয়ে ৩১,০০০ আৰু  ইডিয়ে ২৫,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে৷ আদালতত তেওঁ জনায়, এই  চাৰ্জশ্বিট সমূহ যদি পঢ়ে, আপোনাৰ মনতো প্ৰশ্ন উত্থাপন হ’ব যে মোক কিয় গ্ৰেপ্তাৰ কৰা হ’ল? তদুপৰি কেজৰিৱালে আৱকাৰী নীতি কেলেংকাৰিৰ গোচৰটোক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি উল্লেখ কৰে৷ তেওঁ কয়–১০০ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি কোৱা হৈছে৷ যদি সচাকৈয়ে ১০০কোটি টকাৰ কেলেংকাৰী হৈছে, তেন্তে সেই টকা গ’ল কলৈ? ক’তো কোনো টকা উদ্ধাৰ হোৱা নাই৷ আদালতত কেজৰিৱালৰ ভাষ্য আছিল এয়া৷ আনহাতে ইয়াৰ বিপৰীতে ইডিয়ে আদালতত জনায় যে কেজৰিৱাল নিজেই এই কেলেংকাৰীটোত জড়িত তথা কেলেংকাৰীটোৰ মূল পৰিকল্পনাকাৰী৷ তদুপৰি আপে গোৱাৰ বিধান সভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত আৱকাৰী কেলেংকাৰীৰ ধন ব্যৱহাৰ কৰিছে৷ এই বিষয়ে বহুতেই অৱগত বুলি ইডিৰ তৰফৰ পৰা আদালতত দাবী কৰা হয়৷ ইডিয়ে লগতে জনায় যে ইতিমধ্যে গোৱাৰ নিৰ্বাচনৰ আপ প্ৰাৰ্থীসকলৰ বিবৃতি ৰেকৰ্ড কৰা হৈছে৷ তেওঁলোকক কেজৰিৱালৰ সৈতে মুখামুখীকৈ বহুৱাই জেৰা কৰিলেই সকলো ওলাই পৰিব৷ ইডিৰ হৈ আদালতত প্ৰশ্ন কৰে কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেলে৷ স্মৰ্তব্য যে ইয়াৰ পূৰ্বে কেজৰিৱালৰ পত্নী সুনীতি কেজৰিৱালে আদালতত তেওঁৰ স্বামীয়ে আবকাৰী নীতি কেলেংকাৰীটো সন্দৰ্ভত সমস্ত তথ্য দাখিল কৰিব বুলি পূৰ্বে উল্লেখ কৰিছিল৷ আজি আদালতত অৰবিন্দ কেজৰিৱালে ইডিয়ে তেওঁৰ পৰিয়ালক হাৰাশাস্তি কৰা বুলিও অভিযোগ কৰে৷ স্মৰ্তব্য যে যোৱা ২১ মাৰ্চত ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল৷