Logo
image

অসমত সঘনে জব্দ চোৰাং বন্যপ্ৰাণী কুৰিদিনতে পায়গৈ আম্বানিৰ বিতৰ্কিত চিৰিয়াখানা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ মাৰ্চ : অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ডৰ্জনে-ডৰ্জনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্য জীৱ-জন্তু ৰিলায়েন্সৰ গুজৰাটৰ জামনগৰ চিৰিয়াখানালৈ চালানৰ তথ্যই এতিয়া বন্যপ্ৰাণীৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহৰ ন ন অধ্যায় যেন পোহৰলৈ আনিছে৷ স্মাৰ্ট অসম আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ইণ্ডোনেছিয়া, লেটিন আমেৰিকা, আফ্ৰিকা আদি বিদেশী ৰাষ্ট্ৰৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা দুষ্প্ৰাপ্য বন্যপ্ৰাণী জব্দ কৰাৰ মাত্ৰ ১৯ দিনৰ পাছতেই অসম ৰাজ্যিক চিৰিয়াখানাই উক্ত জব্দকৃত বন্যপ্ৰাণীসমূহক আম্বানি পুত্ৰৰ মালিকানাধীন গুজৰাটৰ জামনগৰস্থিত গ্ৰীন্‌ছ জুল’জিকেল ৰেছকিঅ’ এণ্ড দ্যা ৰিহিবিলিটেশ্বন কিংডম চিৰিয়াখানালৈ চালান দিয়া কাৰ্যক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ স্বাভাৱিকতেই প্ৰশ্ন উঠিছে বিদেশী ৰাষ্ট্ৰৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা বন্যপ্ৰাণীসমূহক সম্পূৰ্ণ পূৰ্বপৰিকল্পিতভাৱেই অসম আৰক্ষীৰ জৰিয়তে জব্দ কৰা দেখুৱাই অসমত অবৈধ বন্য জন্তুসমূহৰ আইনী স্বীকৃতি প্ৰদান কৰা হয় নেকি? বিগত ২-৩ বছৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহকাৰীকে বিদেশী ৰাষ্ট্ৰৰ পৰা বন্যপ্ৰাণী সৰবৰাহৰ ক্ষেত্ৰত অসমক ট্ৰেনজিৎ কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰাত এই চক্ৰটোৰ লগত আম্বানি চিৰিয়াখানাৰ কিবা সংযোগ আছে নেকি তাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো আপুনি শুনিলে আচৰিত যেন লাগিলেও আম্বানি চিৰিয়াখানাৰ ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা উপহাৰ হিচাপে লাভ কৰা বন্য পশু-পক্ষীৰ তালিকাই যেন সেই কথাকেই ইংগিত দিছে৷ উল্লেখ্য, দেশৰ আটাইতকৈ চহকী উদ্যোগপতি হিচাপে পৰিচিত মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানিয়ে গুজৰাটৰ জামনগৰত ৰিলায়েন্সৰ শোধনাগাৰৰ গাতে লাগি থকা গ্ৰীনবেল্টৰ ৩০০০ একৰ ভূমিত নিৰ্মাণ কৰিছে এখন ব্যক্তিগত চিৰিয়াখানা৷ দেশৰ লগতে বিশ্বৰ অসুস্থ, অৱহেলিত জীৱ-জন্তুক পুনৰ সংস্থাপনৰ অচিলাৰে নিৰ্মাণ কৰা চিৰিয়াখানাখনলৈ উত্তৰ-পূবৰ পৰা হাতীকে ধৰি অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰাও মাত্ৰ এটা বছৰতে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ উপৰি ৬৬বিধ দুষ্প্ৰাপ্য প্ৰজাতিৰ জীৱ-জন্তু সৰবৰাহ কৰিছে৷ কিন্তু আম্বানি চিৰিয়াখানালৈ অসমৰ পৰা চালান দিয়া দুষ্প্ৰাপ্য প্ৰজাতিৰ পশু-পক্ষীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহকাৰী চক্ৰৰ যে এক বৃহৎ নেক্সাছ আছে, সেয়া স্পষ্ট হৈ পৰিছে৷ এই নেক্সাছৰ এটা উদাহৰণ হৈছে, ২০২২ চনৰ ১৯ অক্টোবৰত কাছাৰ আৰক্ষীয়ে এখন চাহ বাগানৰ পৰা তিনিটা পিঞ্জৰাত মুঠ ১৩টা দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্য জীৱ-জন্তু উদ্ধাৰ কৰিছিল৷ সেই সময়ত কাছাৰৰ ডিএফঅ’ তেজাস মৰিস্বামীয়ে বন্যপ্ৰাণীকেইটাৰ ভিতৰত ৭টা মূৰ মাকাক, ৫টা লেছাৰ স্পট ন’জেড গুৱেনন আৰু এটা দ্য ব্ৰাজ্জাৰ বান্দৰ থকা বুলি সদৰী কৰিছিল৷ জব্দকৃত বিৰল প্ৰজাতিৰ বন্য প্ৰাণীকেইবিধ বিদেশী ৰাষ্ট্ৰৰ পৰা ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত হৈ ভাৰতলৈ চোৰাং সৰবৰাহ কৰা বুলিও বন বিষয়াজনে প্ৰকাশ কৰিছিল৷ জব্দকৃত প্ৰাণীসমূহ লগে লগে বন বিভাগে কাছাৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰিছিল৷ কিন্তু ১৯ অক্টোবৰত জব্দ কৰা প্ৰাণীকেইবিধ মাত্ৰ ১৯ দিনৰ পাছতেই অৰ্থাৎ ৭ নৱেম্বৰত আম্বানিৰ চিৰিয়াখানালৈ হস্তান্তৰ কৰিছিল অসম ৰাজ্যিক চিৰিয়াখানাই৷ নিয়ম অনুসৰি এখন চিৰিয়াখানাৰ পৰা আন এখন চিৰিয়াখানালৈ জীৱ-জন্তু সালসলনিহে কৰিব পাৰে৷ কোনো জন্তুৰ বিনিময়ত আন জন্তু এখন চিৰিয়াখনাই আন এখন চিৰিয়াখানাক হস্তান্তৰ কৰিব পাৰে৷ আনকি ইয়াৰ বাবে নতুন দিল্লীস্থ কেন্দ্ৰীয় চিৰিয়াখানা কতৃৰ্পক্ষৰ অনুমোদনৰ প্ৰয়োজন৷ তদুপৰি বন্যপ্ৰাণী সুৰক্ষা আইন মানি চলিবলগীয়া হয়৷ জন্তু সালসলনিৰ এই প্ৰক্ৰিয়াটোত অতি কমেও ৩ মাহৰ পৰা ছমাহ-এবছৰ পৰ্যন্ত সময় লাগে৷ অৱশ্যে বিদেশী  ৰাষ্ট্ৰৰ পৰা জীৱ-জন্তু সালসলনিৰ প্ৰক্ৰিয়াটোত ইয়াতকৈ দীঘলীয়া সময়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় বন্য প্ৰাণী সুৰক্ষা আইনৰ বহু কঠোৰ চৰ্ত পূৰণ কৰিবলগীয়া হয়৷ যাৰ বাবে এই প্ৰক্ৰিয়া ব্যয়বহুলো হয়৷ কিন্তু অতি আশ্চৰ্যজনকভাৱে বিদেশী ৰাষ্ট্ৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা জীৱ-জন্তুসমূহক কোনো তদন্ত অবিহনে জব্দ কৰা কুৰি দিন নৌহওঁতেই খৰখেদাকৈ সকলো নথি-পত্ৰৰ কাম সম্পূৰ্ণ কৰি চেণ্ট্ৰেল জু অথৰিটীৰ অনুমোদন সাপেক্ষে ৰিলায়েন্সৰ চিৰিয়াখানালৈ হস্তান্তৰ কৰা কাৰ্য সঁচাকৈ বিষ্ময়কৰ হিচাপে পৰিচিত হৈছে৷ আৰক্ষী বা বন বিভাগে জব্দ কৰা প্ৰাণীসমূহক সৰবৰাহকাৰীসকলক মালিকীস্বত্ব প্ৰমাণ কৰিবলৈ বা বৈধতা প্ৰমাণৰ বাবে অলপো সুযোগ নিদিয়াকৈ তাৎক্ষণিকভাৱে আম্বানিৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰা কাৰ্য যে পূৰ্ব পৰিকল্পিত চিত্ৰনাট্যৰ অংশ সেয়া বুজিবলৈ কাৰো অসুবিধা হোৱা নাই৷ এই লৈ পশুপ্ৰেমীসকলৰ অভিযোগ এখন বিদেশী ৰাষ্ট্ৰৰ পৰা আন এখন বিদেশী ৰাষ্ট্ৰলৈ কোনো জীৱ-জন্তু সৰবৰাহ প্ৰক্ৰিয়াটো অতি কঠিন আৰু বহু আইনী জটিলতা থকাৰ বাবেই আম্বানি চিৰিয়াখানাৰ স্বাৰ্থতেই সম্পূৰ্ণ পৰিকল্পিতভাৱে বিদেশী ৰাষ্ট˜ৰ পৰা অসমলৈ এই দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰাণীসমূহ সৰবৰাহ কৰা হৈছে৷ যাতে অসমত বিভাগীয়ভাৱে জব্দ হোৱাৰ পাছত আশ্ৰয়ৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাই ছীল-মোহৰ তথা বিভাগীয় নথিৰে বন্যপ্ৰাণীসমূহক আইনগত স্বীকৃতি প্ৰদান কৰে৷ এই আইনী বৈধতাকে ব্যৱহাৰ কৰি বিদেশী  ৰাষ্ট্ৰৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা প্ৰাণীসমূহৰ মালিক হৈ পৰে ৰিলায়েন্স গ্ৰুপ৷ আচৰিত হ’বলগীয়া বিষয়টো এয়ে যে অসম আৰক্ষী বা বন বিভাগেও দুষ্প্ৰাপ্য বন্য প্ৰাণীৰ চোৰাং সৰবৰাহত ব্যৱহূত বাহনসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে যদিও ৰহস্যজনক কাৰণত সৰবৰাহ চক্ৰটোৰ শিপা উদ্‌ঘাটন বাবে তদন্তৰ পৰা বিৰতহে আছে৷ আৰক্ষী বিষয়াসকলে আম্বানি চিৰিয়াখানালৈ অবৈধ দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰাণীসমূহক বৈধভাৱে প্ৰেৰণত সহায় হোৱাকৈ আইনী বৈধতা প্ৰদানৰ নামত শীৰ্ষ বিষয়াৰ নিৰ্দেশত পৰিকল্পিতভাৱে জব্দ কৰি সংবাদ মাধ্যমৰ আগত কৃতিত্ব জাহিৰ কৰাতেই দায়িত্ব সীমাবদ্ধ ৰাখে৷ কিয়নো কাছাৰ আৰক্ষীয়ে ১৯ অক্টোবৰত উক্ত ১৩টা দুষ্প্ৰাপ্য বন্য জীৱ-জন্তু জব্দ কৰাৰ কিছুদিন পূৰ্বেও ২৭ ছেপ্টেম্বৰত ইণ্ডোনেছিয়াৰ পৰা সৰবৰাহ কৰা কেইবাটাও দুষ্প্ৰাপ্য বান্দৰ জব্দ কৰিছিল৷ তদুপৰি ২০২২ বৰ্ষৰ ১৪ নৱেম্বৰত হাইলাকান্দি আৰক্ষীয়ো এন এল-০১ এ ডি-৪৯৮৪ নম্বৰৰ এখন ট্ৰাকৰ পৰা মিজোৰাম হৈ অসমলৈ আনি থকা ৭ টা বিৰল প্ৰজাতিৰ ক’লা বান্দৰ জব্দ কৰিছিল৷ উক্ত বান্দৰকেইটাও পৰৱৰ্তী সময়ত ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰিছিল৷ তদুপৰি কামৰূপ আৰক্ষীয়ে ৰঙিয়াৰ পৰা ২০২২ চনৰ ৮ ছেপ্টেম্বৰত বিদেশী  ৰাষ্ট্ৰৰ পৰা সৰবৰাহ কৰা মুঠ ৪১টা কাছ, বান্দৰ, কেংগাৰু, চিম্পাঞ্জী, ভাটৌ আদি জব্দ কৰিছিল৷ আনকি দিল্লীৰ পঞ্জীয়নভুক্ত দুখন বিলাসী এছ ইউ ভি বাহনসহ চালকক গ্ৰেপ্তাৰ কৰিছিল৷ সেই সময়ত বন্যজন্তুসমূহ জব্দ কৰি ৰঙিয়া থানাৰ তদানীন্তনত ভাৰপ্ৰাপ্ত বিষয়াজনে সংবাদ মাধ্যমৰ আগত বাঃ বাঃ লোৱাও দেখা গৈছিল৷ আনকি বন্যপ্ৰাণীসমূহ সৰবৰাহত জড়িত তামিলনাডুৰ ৰঘু সিং আৰু কাৰ্তিক নামৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পাছতো স্মাৰ্ট অসম আৰক্ষীয়ে আজিকোপতি চক্ৰটোৰ নায়কক গ্ৰেপ্তাৰৰ কোনো চেষ্টাই নচলালে৷ অৱশ্যে ইয়াৰ পূৰ্বেও উক্ত বৰ্ষৰ ২৮ এপ্ৰিলত কামৰূপৰ বন বিষয়াই অভিযান চলাই এখন বাহনত সৰবৰাহ কৰা ৫টা দুষ্প্ৰাপ্য বান্দৰ আৰু এটা ৱালাবী [wallaby] জব্দ কৰিছিল৷ কিন্তু অতি কাকতলীয়ভাৱে অসম ৰাজ্যিক চিৰিয়াখানাই ৭ নৱেম্বৰত জব্দকৃত ৬২টা বিদেশী জীৱ-জন্তু আম্বানিৰ চিৰিয়াখানাক গতাই দিলে৷ ৭ নৱেম্বৰত এইসমূহ জীৱ-জন্তু আম্বানিৰ চিৰিয়াখানালৈ প্ৰেৰণৰ ঠিক ৩ দিন পাছত পুনৰ অসম চৰকাৰৰ বন বিভাগে অসমৰ গৌৰৱ আৰু আৱেগৰ কাজিৰঙাৰ এহাল গঁড় বংশবৃদ্ধিৰ বাবে ৰিলায়েন্স গোষ্ঠীৰ হাতত তুলি দিলে৷ পৰিতাপৰ বিষয়টো হৈছে অসমৰ পৰা চালান দিয়া এই বৃহৎসংখ্যক বন্যপ্ৰাণীৰ তথ্য গোপনে ৰাখিছিল যদিও শেহতীয়াকৈ গ্ৰীন্‌ছ চিৰিয়াখানা কতৃৰ্পক্ষই প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদনে সমষ্ট তথ্য পোহৰলৈ আনিলে৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে ২০২২ চনত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানিৰ চিৰিয়াখানালৈ এহাল গঁড়ৰ উপৰি ১৭টা আফ্ৰিকান প্ৰজাতিৰ কাছ, এটা মাইকী বাৰ্ডেড কাপুটিন, এটা বেন্নেট্‌ছ ট্ৰী কেংগাৰু, এহাল ব্লেক ক্ৰেষ্টেড মাংগাবে’, ৬টা বুটেড মাকাক, এটা ডে ব্ৰাজাছ মাংকী, ২টা ইউৰোপিয়ান হেডজেহগ, ৪জনী হেক্‌ছ মাকাক, ৩টা ইণ্ডোচাইনিজ ছিলভাৰ্ড লাংগুৰ, এজনী ক্লছ গিবন, এটা লাৰ গিবন, ৪টা লিছাৰ স্পট ন’জ্‌ড গুৱেনন, এটা মীৰকাট, ৮টা মূৰ মাকাক, এজনী পিলেটেড গিবন, এটা ৰেড টেইলড গুৱেনন, ৫টা টংকিন মাকাক, ২টা বগা থ্ৰ’টেড গুৱেনন চালান দিছিল৷ আন প্ৰকাশত অনিচ্ছুক এজন আই এফ এছ বিষয়াই দাবী কৰা অনুসৰি পূৰ্বতে অসমৰ পৰা স্থানীয় জীৱ-জন্তুৰহে চোৰাং সৰবৰাহ হৈছিল যদিও এতিয়া গ্ৰীন্‌ছ চিৰিয়াখানা স্থাপনৰ পাছৰে পৰা অসমত আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহ বৃদ্ধি পাব ধৰিছে৷ নাটকীয়ভাৱে অসমত বিদেশী দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণী জব্দ হোৱা কাৰ্যত গোপন নেক্সাছৰ সন্দেহ নুই কৰা নাই শীৰ্ষ বন বিষয়াজনে৷