Logo
image

দলে দলে মিঞা-মুছলমানে যোগ দিলেহি গেৰুৱা দলত

আমাৰ অসম’ৰ ভূৰাগাঁৱৰ প্ৰতিবেদক, ২৯ মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ অধিক আকৰ্ষণীয় হৈ উঠিছে৷ আজি লাহৰীঘাটত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ উপস্থিতিত ৫ সহস্ৰাধিক সংখ্যালঘু লোকে বিজেপিত যোগদান কৰে৷ লাহৰীঘাট সমষ্টিৰ টেঙাগুৰি কছাৰী গাঁৱত ব্ৰহ্মপুত্ৰৰ পাৰঘাটত বিজেপিৰ বিশাল যোগদান সভা অনুষ্ঠিত হয়৷ সংখ্যালঘু অধ্যুষিত লাহৰীঘাটত অনুষ্ঠিত যোগদান সভাত উপস্থিত থাকে মন্ত্ৰী হাজৰিকা, বিধানসভাৰ উপাধ্যক্ষ ড॰ নোমল মমিন, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু প্ৰাৰ্থী সুৰেশ বৰা৷ পাঁচ সহস্ৰাধিক মিঞা-মুছলমানে দলে দলে মিঞা-মুছলমানে যোগ বিজেপিত যোগদান কৰা এই সভাত ২০ সহস্ৰাধিক সংখ্যালঘু লোকৰ সমাগম হয়৷ ‘আমাক মিঞাৰ ভোট নালাগে’ বুলি সততে কৈ থকা বিজেপিয়ে দলে দলে মিঞা-মুছলমানক গেৰুৱা দললৈ আদৰণি জনোৱা ঘটনাই স্বাভাৱিকতে বিশেষ তাৎপৰ্য বহন কৰিছে৷ আজি মৰিগাঁও জিলা আমছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক, যুৱ ব্যৱসায়ী এ আই ইউ ডি এফৰ যুৱ নেতা ৰফিকুল ইছলামৰ নেতৃত্বত প্ৰায় ৩ হাজাৰ সংখ্যালঘু লোকে বিজেপিত যোগদান কৰে৷ ইয়াৰ উপৰি টেঙাগুৰি সমবায় সমিতিৰ এজেণ্ট সন্থাৰ সম্পাদক ছাহজাহান আলী আৰু টেঙাগুৰি মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মজিবুৰ ৰহমানৰ নেতৃত্বত ২ হাজাৰ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কৰ্মীয়ে বিজেপিত যোগদান কৰে৷ সভাত হাজাৰ হাজাৰ সংখ্যালঘু লোকক উদ্দেশ্যি মন্ত্ৰী ¸হাজৰিকাই কয়– বিগত ৭ বছৰত ডাবল ইঞ্জিনৰ বিজেপি চৰকাৰে সকলোৰে সমভাৱে উন্নয়ন কৰি আহিছে৷ লাহৰীঘাটৰ সংখ্যালঘু ৰাইজে পূৰ্বে বিজেপিক ভোট নিদিলেও আন আন সমষ্টিৰ দৰে উন্নয়নৰ কাম এইখন চৰকাৰে কৰি আহিছে৷ লাহৰীঘাটৰ ৰাইজে বছৰ বছৰ ধৰি একেটা পৰিয়ালক ভোট দি আহিছে যদিও সমষ্টিটোৰ জ্বলন্ত সমস্যা বান-খহনীয়াকে ধৰি অন্যান্য সমস্যাসমূহ সমাধান কৰা নাই৷ লাহৰীঘাটৰ চকুলো বান-খহনীয়া সমস্যা সমাধান কৰিলে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই৷ সংখ্যালঘু পুৰুষ-মহিলাক উদ্দেশ্যি মন্ত্ৰী হাজৰিকাই কয়– আপোনালোকে ভোট নিদিলেও বিজেপি চৰকাৰে আপোনালোকৰ কাম কৰি আহিছে৷ গতিকে বিজেপি চৰকাৰক কাম কৰাৰ গতি অধিক বঢ়াবলৈ আপোনালোকে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাক ভোট দিয়ক৷ অহা ১০ দিনৰ ভিতৰত লাহৰীঘাট খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগ বহুওৱাৰ কাম আৰম্ভ হ’ব৷ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক কটাক্ষ কৰি মন্ত্ৰী হাজৰিকাই কয়– নগাঁও লোকসভাত প্ৰদু্যৎ বৰদলৈৰ প্ৰাসংগিকতা আছে বুলি নাভাবো৷ লাহৰীঘাটৰ টেঙাগুৰিত অনুষ্ঠিত হোৱা আজিৰ বিশাল সভা দেখি কংগ্ৰেছৰ কলিজা শুকাই গৈছে৷ আজিৰ পৰা কংগ্ৰেছৰ টোপনি নাহে৷ স্থানীয় বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰক কটাক্ষ কৰি কয় যে আজিৰ সভাই প্ৰমাণ কৰিলে সমষ্টিত নাজাৰৰ জনপ্ৰিয়তা কিমান? আজিৰ সভাত সংখ্যালঘু লোকৰ সমাগমে প্ৰমাণ কৰিলে নগাঁও লোকসভাত বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ জয় নিশ্চিত৷ সভাত বিধানসভাৰ উপাধ্যক্ষ ড॰ নোমল মমিন, বিধায়ক ৰূপক শৰ্মা আৰু প্ৰাৰ্থী সুৰেশ বৰায়ো ভাষণ প্ৰদান কৰে৷ ইফালে আজি বিজেপিত যোগদান কৰা যুৱ নেতা ৰফিকুল ইছলাম, ছাহজাহান আলী আৰু মজিবুৰ ৰহমানে কয় যে বছৰ বছৰ ধৰি খহনীয়া প্ৰতিৰোধৰ নামত প্ৰতাৰণা কৰাৰ পিছত বিজেপি চৰকাৰে খহনীয়া সমস্যা সমাধান কৰিছে আৰু বিজেপি চৰকাৰ উন্নয়নমূলক কাম- কাজত সন্তুষ্ট হৈ বিজেপিত যোগদান কৰা হৈছে৷

নিজৰ ভৱিষ্যতৰ বাবে বিজেপিক ভোট দিয়ক: মন্ত্ৰী পীয়ূষ

‘আমাৰ অসম’ৰ মৈৰাবাৰীৰ প্ৰতিবেদক : মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ৷ আজি মৈৰাবাৰী ইন্দিৰা খেল পথাৰত আয়োজিত বিশাল জনসভাত মন্ত্ৰী পীয়ূষ হাজৰিকাই প্ৰাৰ্থী সুৰেশ বৰাক লগত লৈ সংখ্যালঘু ৰাইজক বিজেপি দলত ভোট দিবলৈ আহ্বান জনায়৷ মৈৰাবাৰীৰ ৰাজনৈতিক ইতিহাসত পোন প্ৰথমবাৰৰ বাবে আজি ইন্দিৰা খেল পথাৰত আয়োজিত হয় বিজেপি দলৰ বিশাল নিৰ্বাচনী সভা৷ সভাত মন্ত্ৰী  হাজৰিকাই কয়– বিজেপিয়ে কামৰ বিনিময়ত সংখ্যালঘু ৰাইজৰ ভোট বিচাৰিছে৷ মৰিগাঁও জিলাখন আমাৰ জিলা, আমি অসমৰ ভিতৰতে এক নম্বৰ জিলা হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আছো৷ মৈৰাবাৰী অঞ্চলৰ ৰাইজ আমাৰ মৰিগাঁও জিলাৰ ৰাইজ, গতিকে আমাৰ লগতে থাকিব লাগিব৷ আপোনালোকৰ অধিকাৰ আপোনালোকে পাব লাগিব৷ প্ৰাৰ্থী সুৰেশ বৰাই অতি নম্ৰ ভাষাত ৰাইজৰ পৰা ভোট বিচাৰে৷ তেওঁ কয়– মৈৰাবাৰীৰ ৰাইজে মোক ভোট দিব বুলি বিশ্বাস কৰিছো৷ মোৰ দ্বাৰা ৰাইজৰ কাম কৰাৰ বাবে মৈৰাবাৰী ৰাইজে আগবাঢ়ি আহিছে৷ সভাত নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মায়ো ভাষণ দিয়ে৷ বিজেপি দলৰ সংখ্যালঘু মৰ্চাৰ খলিলুৰ ৰহমানৰ প্ৰচেষ্টাত অনুষ্ঠিত হয় এই বিশাল জনসভা৷ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে মৈৰাবাৰীত অনুষ্ঠিত হয় বিজেপি দলৰ এনে বিশাল নিৰ্বাচনী সভা৷ আজি কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈও মৈৰাবাৰীত অনুষ্ঠিত হোৱা আন এখন সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়৷