Logo
image

আজিৰ পৰা ৰাজ্যজুৰি বৰষুণৰ সম্ভাৱনা

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৯ মাৰ্চঃ প্ৰাক মৌচুমীৰ প্ৰভাৱত বিগত প্ৰায় দহদিন ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ লগতে অসমৰ বেছিভাগ ঠাইতে মাজে সময়ে পাতলীয়া আৰু ঠাইবিশেষে মজলীয়া পৰিমাণৰ বৰষুণ হৈ আছে৷ এই বৰষুণৰ প্ৰভাৱত ধূলি আৰু গৰমৰ পৰা ৰাইজে বহুখিনি সকাহ লাভ কৰাৰ সমান্তৰালভাৱে কৃষক ৰাইজো উপকৃত হৈছে৷ ইয়াৰ মাজতে ওড়িশাৰ সাগৰীয় উপকূলত আৰু উত্তৰ বিহাৰৰ আকাশত হঠাতে সৃষ্টি হোৱা কেতবোৰ প্ৰাকৃতিক পৰিঘটনাৰ বাবে ৩০ মাৰ্চৰ পৰা ৩ এপ্ৰিল পৰ্যন্ত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যৰ আকাশ পুনৰ মেঘাচ্ছন্ন হোৱাৰ লগতে বেচিভাগ ঠাইতে পাতলীয়া আৰু কিছু ভিতৰুৱা ঠাইত ঠাইবিশেষে গাজনী, ঢেৰেকনী, ধুমুহাৰ সৈতে মজলীয়া পৰিমাণৰ বৰষূণৰ সৈতে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৩০ মাৰ্চৰ পাছত ইয়াৰ প্ৰভাৱত অসমত আগন্তক চাৰিদিনলৈ ঠাইবিশেষে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হলেও বিধবংসী ধুমুহা বতাহ বলাৰ সম্ভাৱনা নাই৷ অৱশ্যে পহিলা এপ্ৰিল বা তাৰ পাছদিনা কিছু কিছু অঞ্চলত প্ৰতি ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি শুকুৰবাৰে ৰাজ্যৰ প্ৰধান চহৰ নগৰ কেইখনৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ–গুৱাহাটী ৩০.২ ডিগ্ৰী চেলচিয়াছ, ডিব্ৰুগড় ৩১.৮ ডিগ্ৰী চেলচিয়াছ তেজপুৰত ৩০.১ ডিগ্ৰী চেলচিয়াছ, ধুবুৰীত ২৯.০ ডিগ্ৰী চেলচিয়াছ যোৰহাটত ৩০.০ ডিগ্ৰী চেলচিয়াছ, উত্তৰ লখিমপুৰ ৩১.০ ডিগ্ৰী চেলচিয়াছ, শিলচৰত ৩১.৪ ডিগ্ৰী চেলচিয়াছ৷ ইয়াৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২০.২ ডিগ্ৰী চেলচিয়াছ৷ ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই বিগত ২৪ ঘণ্টাত ৰাজ্যৰ আকাশ সামগ্ৰিক ভাৱে ফৰকাল হৈ থাকিলেও অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ বহু ঠাইত পাতলীয়া আৰু ঠাইবিশেষে মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছে বুলি সদৰি কৰিছে৷ লক্ষণীয়ভাবে প্ৰাক মৌচুমীৰ লক্ষণ অনুসৰি এটা অঞ্চলত বৰষুণ হ’লেও তাৰ ওচৰত থকা আন অঞ্চলত একে সময়তে বৰষুণ নহ’বও পাৰে বুলি আশংকা ব্যক্ত কৰিছে৷